--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: অসমলৈ আহি আছে মমতা বেনাৰ্জী৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ অধ্যক্ষগৰাকী অসম ভ্ৰমণলৈ আহিব বুলি খবৰ ওলোৱাৰ পাছৰে পৰা অসমৰ ৰাজনৈতিক শিবিৰত আৰম্ভ হৈছে জল্পনা-কল্পনা৷ এই মাহৰ ২০ পৰা ২৪ ডিচেম্বৰৰ ভিতৰত অসম আৰু মেঘালয় ভ্ৰমণ কৰিব মমতা বেনাৰ্জীয়ে৷ বেনাৰ্জীৰ অসম আগমনৰ খবৰে এতিয়া টোপনি হৰিছে শাসক-বিৰোধীৰ৷

বংগৰ অগ্নিকন্যাৰূপে পৰিচিত নেত্ৰীগৰাকীয়ে অসমলৈ আহি অসমত তৃণমূল কংগ্ৰেছৰ ৰাজনৈতিক ভেটি সুদৃঢ় কৰাৰ বাবে প্ৰস্তুতি চলাব বুলি জানিব পৰা গৈছে৷ সমাগত লোকসভা নিৰ্বাচনত বিৰোধী ঐক্য গঠনৰ বাবে দেশজুৰি মমতা বেনাৰ্জীয়ে প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ ইতিমধ্যে, অসমৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়েও নেত্ৰীগৰাকীক সাক্ষাৎ কৰি ৰাজনৈতিক কথা-বতৰা আগবঢ়াইছে৷ সমগ্ৰ দেশতে প্ৰভাৱ বিস্তাৰ কৰা এইগৰাকী নেত্ৰীক আনকি প্ৰধানমন্ত্ৰীয়েও সমীহ কৰি চলা দেখিবলৈ পোৱা যায়৷ পশ্চিম বংগৰ আঞ্চলিক দল তৃণমূল কংগ্ৰেছৰ সুদৃঢ় ভেটি আৰু ৰাজ্যখনৰ স্বাৰ্থত বেনাৰ্জীৰ আপোচবিহীন স্থিতিৰ বাবেই পশ্চিম বংগত খোপনি পুতিব পৰা নাই বিজেপিয়ে৷

আনকি, পশ্চিম বংগৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ‘কা’ অনা বিজেপিয়ে সেইখন ৰাজ্যতেই শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছে৷ তেনে স্থলত মমতা বেনাৰ্জীয়ে এইবাৰ অসমলৈ আহিব বুলি গম পোৱাৰ পাছৰে পৰা টোপনি হৰিছে অসম বিজেপিৰ৷ কিয়নো, অসমৰ বাবেও ‘কা’ গৃহীত কৰি হিন্দু বঙালী ভোটাৰৰ মন জয় কৰি স্থায়ী ভোটবেংক নিৰ্মাণৰ চেষ্টা অব্যাহত ৰাখিছে বিজেপিয়ে৷ তেনেস্থলত অসমত তৃণমূল কংগ্ৰেছৰ ৰাজনৈতিক সম্প্ৰসাৰণবাদে বিজেপিৰ হিন্দু বঙালী ভোটবেংকত যে প্ৰচণ্ড আঘাত হানিব, সেয়া নিশ্চিত৷

আনহাতে, মমতা বেনাৰ্জীৰ অসম আগমনৰ বিষয়টোক সহজভাৱে ল’ব পৰা নাই অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়েও৷ কিয়নো, ইতিমধ্যে অসমৰ কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে কংগ্ৰেছ এৰি যোগদান কৰিছে তৃণমূল কংগ্ৰেছত৷ জানিব পৰা মতে, অসম কংগ্ৰেছৰ একাংশ জ্যেষ্ঠ নেতাই তৃণমূল কংগ্ৰেছত যোগদানৰ বাবে যো-জা চলাইছে৷ আনকি, তেওঁলোকে মমতা বেনাৰ্জীৰো সেউজ সংকেট লাভ কৰিছে৷ গতিকে, মমতা বেনাৰ্জীৰ অসম ভ্ৰমণৰ পাছতেই হয়তো কংগ্ৰেছৰ এইসকল জ্যেষ্ঠ নেতাই তৃণমূল কংগ্ৰেছত যোগদান কৰিব৷ ইফালে, অসমৰ সংখ্যালঘু সমাজেও কংগ্ৰেছৰ বিকল্প শক্তিৰ সন্ধানত আছে বহুদিনৰ পৰাই৷ গতিকে, তেওঁলোকেও অসমত তৃণমূল কংগ্ৰেছক আস্থাত লোৱাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি৷

মমতা বেনাৰ্জীৰ অসম ভ্ৰমণৰ বিষয়টোক লৈ আন এটা কাৰণতো অস্বস্তিত পৰিছে ৰাজ্যিক বিজেপি৷ এক অসমৰ্থিত সূত্ৰৰ পৰা গম পোৱা মতে, মমতা বেনাৰ্জীয়ে অসমত এখন সংবাদ মেল সম্বোধন কৰিব৷ আৰু, সেই সংবাদ মেলতে নেত্ৰীগৰাকীয়ে অসমৰ শাসক দলৰ একাংশ প্ৰতাপী নেতাৰ অনিয়মৰ তথ্য ৰাজহুৱা কৰিব৷ প্ৰধানমন্ত্ৰী মোদী অথবা অমিত শ্বাহকো কেৰেপ নকৰা নেত্ৰীগৰাকীয়ে যে অসমৰ কোনো নেতাক সমীহ কৰিব, সেয়া ভবাতো ভুল৷ এনে পৰিপ্ৰেক্ষিতত মমতা বেনাৰ্জীৰ সম্ভাৱ্য সংবাদমেলখনত কেতবোৰ ৰাজনৈতিক বিস্ফোৰণ ঘটাৰ সম্ভাৱনা আছে৷ অসমৰ শাসকীয় দলৰ নেতাৰ অনিয়মৰ তথ্য, ফাইল পৰ্যন্ত ইতিমধ্যে মমতা বেনাৰ্জীৰ হাতত পৰিছে৷ আৰু, সেয়া শাসক দলৰেই অন্য নেতাই নেত্ৰীগৰাকীক যোগান ধৰিছে বুলি খবৰ ওলাইছে৷ মমতা বেনাৰ্জীৰ অসম ভ্ৰমণৰ পৰৱৰ্তী সময়ত অসম ৰাজনৈতিক পট পৰিৱৰ্তনৰ ইংগিত পোৱা গৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ