--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: অসমলৈ আহি আছে মমতা বেনাৰ্জী৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ অধ্যক্ষগৰাকী অসম ভ্ৰমণলৈ আহিব বুলি খবৰ ওলোৱাৰ পাছৰে পৰা অসমৰ ৰাজনৈতিক শিবিৰত আৰম্ভ হৈছে জল্পনা-কল্পনা৷ এই মাহৰ ২০ পৰা ২৪ ডিচেম্বৰৰ ভিতৰত অসম আৰু মেঘালয় ভ্ৰমণ কৰিব মমতা বেনাৰ্জীয়ে৷ বেনাৰ্জীৰ অসম আগমনৰ খবৰে এতিয়া টোপনি হৰিছে শাসক-বিৰোধীৰ৷

বংগৰ অগ্নিকন্যাৰূপে পৰিচিত নেত্ৰীগৰাকীয়ে অসমলৈ আহি অসমত তৃণমূল কংগ্ৰেছৰ ৰাজনৈতিক ভেটি সুদৃঢ় কৰাৰ বাবে প্ৰস্তুতি চলাব বুলি জানিব পৰা গৈছে৷ সমাগত লোকসভা নিৰ্বাচনত বিৰোধী ঐক্য গঠনৰ বাবে দেশজুৰি মমতা বেনাৰ্জীয়ে প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ ইতিমধ্যে, অসমৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়েও নেত্ৰীগৰাকীক সাক্ষাৎ কৰি ৰাজনৈতিক কথা-বতৰা আগবঢ়াইছে৷ সমগ্ৰ দেশতে প্ৰভাৱ বিস্তাৰ কৰা এইগৰাকী নেত্ৰীক আনকি প্ৰধানমন্ত্ৰীয়েও সমীহ কৰি চলা দেখিবলৈ পোৱা যায়৷ পশ্চিম বংগৰ আঞ্চলিক দল তৃণমূল কংগ্ৰেছৰ সুদৃঢ় ভেটি আৰু ৰাজ্যখনৰ স্বাৰ্থত বেনাৰ্জীৰ আপোচবিহীন স্থিতিৰ বাবেই পশ্চিম বংগত খোপনি পুতিব পৰা নাই বিজেপিয়ে৷

আনকি, পশ্চিম বংগৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ‘কা’ অনা বিজেপিয়ে সেইখন ৰাজ্যতেই শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছে৷ তেনে স্থলত মমতা বেনাৰ্জীয়ে এইবাৰ অসমলৈ আহিব বুলি গম পোৱাৰ পাছৰে পৰা টোপনি হৰিছে অসম বিজেপিৰ৷ কিয়নো, অসমৰ বাবেও ‘কা’ গৃহীত কৰি হিন্দু বঙালী ভোটাৰৰ মন জয় কৰি স্থায়ী ভোটবেংক নিৰ্মাণৰ চেষ্টা অব্যাহত ৰাখিছে বিজেপিয়ে৷ তেনেস্থলত অসমত তৃণমূল কংগ্ৰেছৰ ৰাজনৈতিক সম্প্ৰসাৰণবাদে বিজেপিৰ হিন্দু বঙালী ভোটবেংকত যে প্ৰচণ্ড আঘাত হানিব, সেয়া নিশ্চিত৷

আনহাতে, মমতা বেনাৰ্জীৰ অসম আগমনৰ বিষয়টোক সহজভাৱে ল’ব পৰা নাই অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়েও৷ কিয়নো, ইতিমধ্যে অসমৰ কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে কংগ্ৰেছ এৰি যোগদান কৰিছে তৃণমূল কংগ্ৰেছত৷ জানিব পৰা মতে, অসম কংগ্ৰেছৰ একাংশ জ্যেষ্ঠ নেতাই তৃণমূল কংগ্ৰেছত যোগদানৰ বাবে যো-জা চলাইছে৷ আনকি, তেওঁলোকে মমতা বেনাৰ্জীৰো সেউজ সংকেট লাভ কৰিছে৷ গতিকে, মমতা বেনাৰ্জীৰ অসম ভ্ৰমণৰ পাছতেই হয়তো কংগ্ৰেছৰ এইসকল জ্যেষ্ঠ নেতাই তৃণমূল কংগ্ৰেছত যোগদান কৰিব৷ ইফালে, অসমৰ সংখ্যালঘু সমাজেও কংগ্ৰেছৰ বিকল্প শক্তিৰ সন্ধানত আছে বহুদিনৰ পৰাই৷ গতিকে, তেওঁলোকেও অসমত তৃণমূল কংগ্ৰেছক আস্থাত লোৱাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি৷

মমতা বেনাৰ্জীৰ অসম ভ্ৰমণৰ বিষয়টোক লৈ আন এটা কাৰণতো অস্বস্তিত পৰিছে ৰাজ্যিক বিজেপি৷ এক অসমৰ্থিত সূত্ৰৰ পৰা গম পোৱা মতে, মমতা বেনাৰ্জীয়ে অসমত এখন সংবাদ মেল সম্বোধন কৰিব৷ আৰু, সেই সংবাদ মেলতে নেত্ৰীগৰাকীয়ে অসমৰ শাসক দলৰ একাংশ প্ৰতাপী নেতাৰ অনিয়মৰ তথ্য ৰাজহুৱা কৰিব৷ প্ৰধানমন্ত্ৰী মোদী অথবা অমিত শ্বাহকো কেৰেপ নকৰা নেত্ৰীগৰাকীয়ে যে অসমৰ কোনো নেতাক সমীহ কৰিব, সেয়া ভবাতো ভুল৷ এনে পৰিপ্ৰেক্ষিতত মমতা বেনাৰ্জীৰ সম্ভাৱ্য সংবাদমেলখনত কেতবোৰ ৰাজনৈতিক বিস্ফোৰণ ঘটাৰ সম্ভাৱনা আছে৷ অসমৰ শাসকীয় দলৰ নেতাৰ অনিয়মৰ তথ্য, ফাইল পৰ্যন্ত ইতিমধ্যে মমতা বেনাৰ্জীৰ হাতত পৰিছে৷ আৰু, সেয়া শাসক দলৰেই অন্য নেতাই নেত্ৰীগৰাকীক যোগান ধৰিছে বুলি খবৰ ওলাইছে৷ মমতা বেনাৰ্জীৰ অসম ভ্ৰমণৰ পৰৱৰ্তী সময়ত অসম ৰাজনৈতিক পট পৰিৱৰ্তনৰ ইংগিত পোৱা গৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু