--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পশ্চিম বংগৰ ‘কা’ বিৰোধী নেতাৰ ৰহস্যজনক মৃত্যুৱে আজিও চাঞ্চল্য অব্যাহত ৰাখিছে পশ্চিম বংগত৷ চিপিআই(এম)ৰ ছাত্ৰ সংগঠন এছএফআইয়ে ৰাজ্যখনৰ হাওৰা জিলাত বাঁওপন্থী নেতা অনীশ খানৰ ‘ৰহস্যজনক’ মৃত্যুক লৈ সমগ্ৰ পশ্চিম বংগতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিছে৷ খানৰ পৰিয়ালৰ অভিযোগ অনুসৰি, শুকুৰবাৰে নিশা আৰক্ষীৰ পোছাক পৰিধান কৰা লোকে তেওঁলোকৰ বাসগৃহত প্ৰৱেশ কৰিছিল, ‘কা’ বিৰোধী আলোড়ণৰ সময়ত গুৰুত্ব লাভ কৰা বাঁওপন্থী নেতাজনক টেৰাছলৈ টানি নিছিল আৰু তেওঁক তললৈ দলিয়াই দিয়াৰ ফলত তেওঁৰ মৃত্যু হৈছিল। অৱশ্যে, আৰক্ষীয়ে কোনো আৰক্ষী খানৰ বাসগৃহলৈ যোৱাৰ অভিযোগ অস্বীকাৰ কৰে আৰু কয় যে তেওঁক তেওঁৰ বাসগৃহৰ ওচৰত মৃত অৱস্থাত পোৱা গৈছিল। এই ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ কংগ্ৰেছ, চিপিআই (এম) আৰু বিজেপিয়ে স্থানীয় তৃণমূল কংগ্ৰেছ নেতাৰ ওপৰত হত্যাৰ সূত্ৰপাত কৰাৰ অভিযোগ উত্থাপন কৰিছে৷ আনহাতে, শাসকীয় দল তৃণমূল কংগ্ৰেছে এইটো এটা গভীৰ ষড়যন্ত্ৰ বুলি মন্তব্য কৰিছে৷ আলিয়া বিশ্ববিদ্যালয়ৰ ৫০০তকৈও অধিক শিক্ষাৰ্থীয়ে শনিবাৰে নিশা মমবাতিৰ পোহৰত প্ৰতিবাদ সাব্যস্ত কৰে৷ তেওঁলোকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন আৰু ক’ভিডসৃষ্ট লকডাউনৰ সময়ত দৰিদ্ৰ লোকসকলক সহায় কৰাৰ পদক্ষেপৰ সময়ৰ জনপ্ৰিয় মুখ আনিশ খানৰ হত্যাকাৰীসকলক আটক কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়। এছএফআইৰ ৰাজ্যিক সমিতিৰ সদস্য সুভজিত সৰকাৰে কয়, খানৰ পৰিয়াল আৰু আলিয়া বিশ্ববিদ্যালয়ৰ প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলৰ সৈতে একাত্মতা প্ৰকাশ কৰি ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যনে (এছএফআই) সোমবাৰে ৰাজ্যজুৰি প্ৰতিবাদী সমদলৰ আয়োজন কৰিছে৷ আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে এইটো এটা বিচ্ছিন্ন ঘটনা নাছিল। তেওঁক কিছু সময়ৰ বাবে লক্ষ্য কৰা হৈছিল। আমি ঘটনাটোত স্থানীয় টিএমচি নেতাসকল জড়িত থকাৰ সন্দেহ কৰিছো, সৰকাৰে লগতে কয়। ঘটনাটোৰ প্ৰতিবাদত আন্দোলনকাৰীসকলে মঙলবাৰে মধ্য কলকাতাৰ ৰাইটাৰ্ছ বিল্ডিঙলৈ যাত্ৰা কৰিব। চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক সুৰজ্য কান্ত মিশ্ৰই ঘটনাটোৰ নিৰপেক্ষ তদন্তৰ দাবী জনাইছে, যাক তেওঁ ‘ভয়ংকৰ অপৰাধ’ বুলি অভিহিত কৰিছে। ৰাজ্যিক কংগ্ৰেছৰ সভাপতি অধীৰ ৰঞ্জন চৌধুৰীয়েও অভিযোগ কৰিছিল যে এইটো এটা ‘পূৰ্ব পৰিকল্পিত হত্যা’ আছিল আৰু দোষীসকলে কোনো ৰাজনৈতিক সুৰক্ষা নাপাব লাগে বুলি দাবী কৰিছিল। পশ্চিম বংগ বিধানসভাৰ বিৰোধী দলপতি সুভেন্দু অধিকাৰীয়েও তৃণমূল কংগ্ৰেছৰ ফালে সন্দেহৰ আঙুলি টোঁৱাইছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন