--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাঁচীৰ বিশেষ চিবিআই আদালতে আজি অৰ্থাৎ সোমবাৰে ৰাষ্ট্ৰীয় জনতা দল মুৰব্বী লালু প্ৰসাদ যাদৱকে ধৰি ৩৮ জন দোষীৰ শাস্তি ঘোষণা কৰিব। লালু প্ৰসাদকে ধৰি ৩৮ জন লোকক দোৰাণ্ডা কোষাগাৰৰ পৰা ১৩৯.৩৫ কোটি টকা আত্মসাৎ কৰাৰ পশুখাদ্য কেলেংকাৰীৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছিল।চিবিআইৰ বিশেষ আদালতৰ ন্যায়াধীশ এছ কে শশীয়ে ১৫ ফেব্ৰুৱাৰীত তেওঁলোক সকলোকে দোষী সাব্যস্ত কৰিছিল আৰু শাস্তিৰ শুনানিৰ বাবে ২১ ফেব্ৰুৱাৰী তাৰিখ নিৰ্ধাৰণ কৰিছিল। আদালতত হাজিৰ হোৱা ৪১ জন অভিযুক্তৰ ভিতৰত ৩৮ জন দোষীক আজি ভিডিঅ' কনফাৰেন্সিংৰ জৰিয়তে দণ্ডিত কৰা হ'ব৷ তেওঁ কয় যে আন তিনিজন দোষী ১৫ ফেব্ৰুৱাৰীত আদালতত হাজিৰ ন'হল, যাৰ বাবে আদালতে তিনিজনৰ বিৰুদ্ধে গ্ৰেপ্তাৰ পৰোয়ানা জাৰি কৰিছে। দণ্ডিত হ'বলগীয়া ৩৮ জন দোষীৰ ভিতৰত ৩৫ জন বিৰচা মুণ্ডা কাৰাগাৰত বন্দী হৈ আছে, আনহাতে লালু যাদৱকে ধৰি আন তিনিজন দোষী স্বাস্থ্যজনিত কাৰণত আৰআইএমএছত ভৰ্তি হৈ আছে। কাৰাগাৰ প্ৰশাসনে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আদালতত সকলো ৩৮ জন দোষীৰ হাজিৰ হোৱাৰ ব্যৱস্থা কৰিব। লালু প্ৰসাদ যাদৱৰ উপৰিও ড০ কেএম প্ৰসাদ আৰু যশৱন্ত সাহাইক আৰআইএমএছত ভৰ্তি কৰোৱা হৈছে। আদালতে আজি দুপৰীয়া ১২ বজাত আটাইকেইজনৰ শাস্তি ঘোষণা কৰিব। আৰু পঢ়কঃ পুৱা দাঁত ব্ৰাছ কৰাৰ আগত চোবাওক এই পাত; পায়েৰিয়াৰ সমস্যা হ’ব দূৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন