--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিজেপি নেতৃত্বাধীন চৰকাৰে বহিঃৰাষ্ট্ৰৰ হিন্দু আৰু আন ধৰ্মীয় সংখ্যালঘু শৰণাৰ্থীক ভাৰতত সংস্থাপন দিবলৈ সংসদত উত্থাপন কৰা নাগৰিকত্ব (সংশোধনী) বিধেয়কক লৈ দেশ জুৰি তুমুল প্ৰতিবাদৰ সন্মুখীন হৈছিল। দেশ জোঁকাৰি যোৱা এই 'কা' বিৰোধী আন্দোলনৰ সময়ত বিভিন্ন ঠাইত নানা ধ্বংসাত্মক কাণ্ডও হোৱা পৰিলক্ষিত হৈছিল। এনে কাণ্ডৰ ফলত বহু ৰাজহুৱা সা-সম্পত্তি বিস্তৰভাৱে ক্ষতিসাধন হৈছিল। যাৰ বাবে ৰাজহুৱা সম্পত্তিবোৰ পুনৰুদ্ধাৰৰ বাবে উত্তৰ-প্ৰদেশ চৰকাৰে বিভিন্ন ব্যক্তিলৈ জাননী জাৰি কৰিছিল। ২০১৯ চনত ‘কা’বিৰোধী প্ৰতিবাদকাৰীসকলক পুনৰুদ্ধাৰৰ জাননী প্ৰদান কৰা বাবে শুকুৰবাৰে উত্তৰ-প্ৰদেশ চৰকাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰা সমালোচিত হৈছে। উচ্চতম ন্যায়ালয়ে লগতে ৰাজ্য চৰকাৰখনক এই কাৰ্য পৰিহাৰ কৰিবলৈও চূড়ান্ত সুযোগ প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ে লগতে সতৰ্ক কৰি দিয়ে যে এই কাৰ্যই আইন উলংঘা কৰাৰ বাবে চৰকাৰখনৰ সমগ্ৰ প্ৰক্ৰিয়াটোকে বাতিল কৰিব। ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু সূৰ্য কান্তৰ বিচাৰপীঠে কৈছিল যে ‘প্ৰক্ৰিয়াটো প্ৰত্যাহাৰ কৰক নতুবা আমি এই আদালতৰ দ্বাৰা নিৰ্ধাৰিত আইন উলংঘা কৰাৰ বাবে ইয়াক বাতিল কৰিম’। উচ্চতম ন্যায়ালয়ত উত্তৰ প্ৰদেশত নাগৰিকত্ব(সংশোধনী) আইন বিৰোধী আন্দোলনৰ সময়ত ৰাজহুৱা সম্পত্তিৰ ক্ষতিৰ ফলত হোৱা লোকচান পুনৰুদ্ধাৰ কৰাৰ বাবে জিলা প্ৰশাসনৰ দ্বাৰা অভিযুক্ত প্ৰতিবাদকাৰীসকললৈ প্ৰেৰণ কৰা জাননী বাতিল কৰাৰ বাবে এজন ব্যক্তিয়ে দাখিল কৰা আৱেদনৰ শুনানি গ্ৰহণ কৰি এই মন্তব্য প্ৰদান কৰিছে। আৱেদনখনত উল্লেখ কৰা হৈছে যে প্ৰশাসনে এই জাননী এনে এজন ব্যক্তিৰ নামত প্ৰেৰণ কৰিছে যিজন ৬বছৰ আগতে ৯৪ বছৰ বয়সত মৃত্যুবৰণ কৰিছিল আৰু লগতে ৯০ বছৰৰ অধিক বয়সৰ দুজন লোককে ধৰি আন কেইবাজনো লোকলৈ অনুৰূপ জাননী প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে অসমতো প্ৰৱল ৰূপ ধাৰণ কৰা ‘কা’ বিৰোধী আন্দোলনৰ সময়ত গুৱাহাটীতে ধৰি ৰাজ্যখনৰ নানা প্ৰান্তত কিছু ধ্বংসাত্মক কাণ্ড হোৱা দেখিবলৈ পোৱা গৈছিল। ৰাজহুৱা সা-সম্পত্তি ধ্বংস কৰা বহু লোকক চিনাক্তও কৰা হৈছিল। ‘কা’বিৰোধী আন্দোলনৰ নেতাসকলৰ মতে এনে ধ্বংসাত্মক কাম-কাজত শাসক পক্ষৰ হৈ একাংশ লোকে কূটাঘাটৰ পৰিকল্পনা কৰিছিল। যাতে ইয়াৰ দ্বাৰা অহিংস আন্দোলনৰ গতি কিছু স্তিমিত হৈ পৰে। কিন্তু এনে দুষ্কৃতিকাৰীৰ এনে কাণ্ড বেছিদূৰ সফল নহ’ল বুলি বহুতেই ক’ব খোজে। উত্তৰ-প্ৰদেশ নিৰ্বাচনৰ মাজতেই ৰাজ্য চৰকাৰখনলৈ উচ্চতম ন্যায়ালয়ৰ এনে সকীয়নি তাৎপৰ্যপূৰ্ণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা