--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিজেপি নেতৃত্বাধীন চৰকাৰে বহিঃৰাষ্ট্ৰৰ হিন্দু আৰু আন ধৰ্মীয় সংখ্যালঘু শৰণাৰ্থীক ভাৰতত সংস্থাপন দিবলৈ সংসদত উত্থাপন কৰা নাগৰিকত্ব (সংশোধনী) বিধেয়কক লৈ দেশ জুৰি তুমুল প্ৰতিবাদৰ সন্মুখীন হৈছিল। দেশ জোঁকাৰি যোৱা এই 'কা' বিৰোধী আন্দোলনৰ সময়ত বিভিন্ন ঠাইত নানা ধ্বংসাত্মক কাণ্ডও হোৱা পৰিলক্ষিত হৈছিল। এনে কাণ্ডৰ ফলত বহু ৰাজহুৱা সা-সম্পত্তি বিস্তৰভাৱে ক্ষতিসাধন হৈছিল। যাৰ বাবে ৰাজহুৱা সম্পত্তিবোৰ পুনৰুদ্ধাৰৰ বাবে উত্তৰ-প্ৰদেশ চৰকাৰে বিভিন্ন ব্যক্তিলৈ জাননী জাৰি কৰিছিল। ২০১৯ চনত ‘কা’বিৰোধী প্ৰতিবাদকাৰীসকলক পুনৰুদ্ধাৰৰ জাননী প্ৰদান কৰা বাবে শুকুৰবাৰে উত্তৰ-প্ৰদেশ চৰকাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰা সমালোচিত হৈছে। উচ্চতম ন্যায়ালয়ে লগতে ৰাজ্য চৰকাৰখনক এই কাৰ্য পৰিহাৰ কৰিবলৈও চূড়ান্ত সুযোগ প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ে লগতে সতৰ্ক কৰি দিয়ে যে এই কাৰ্যই আইন উলংঘা কৰাৰ বাবে চৰকাৰখনৰ সমগ্ৰ প্ৰক্ৰিয়াটোকে বাতিল কৰিব। ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু সূৰ্য কান্তৰ বিচাৰপীঠে কৈছিল যে ‘প্ৰক্ৰিয়াটো প্ৰত্যাহাৰ কৰক নতুবা আমি এই আদালতৰ দ্বাৰা নিৰ্ধাৰিত আইন উলংঘা কৰাৰ বাবে ইয়াক বাতিল কৰিম’। উচ্চতম ন্যায়ালয়ত উত্তৰ প্ৰদেশত নাগৰিকত্ব(সংশোধনী) আইন বিৰোধী আন্দোলনৰ সময়ত ৰাজহুৱা সম্পত্তিৰ ক্ষতিৰ ফলত হোৱা লোকচান পুনৰুদ্ধাৰ কৰাৰ বাবে জিলা প্ৰশাসনৰ দ্বাৰা অভিযুক্ত প্ৰতিবাদকাৰীসকললৈ প্ৰেৰণ কৰা জাননী বাতিল কৰাৰ বাবে এজন ব্যক্তিয়ে দাখিল কৰা আৱেদনৰ শুনানি গ্ৰহণ কৰি এই মন্তব্য প্ৰদান কৰিছে। আৱেদনখনত উল্লেখ কৰা হৈছে যে প্ৰশাসনে এই জাননী এনে এজন ব্যক্তিৰ নামত প্ৰেৰণ কৰিছে যিজন ৬বছৰ আগতে ৯৪ বছৰ বয়সত মৃত্যুবৰণ কৰিছিল আৰু লগতে ৯০ বছৰৰ অধিক বয়সৰ দুজন লোককে ধৰি আন কেইবাজনো লোকলৈ অনুৰূপ জাননী প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে অসমতো প্ৰৱল ৰূপ ধাৰণ কৰা ‘কা’ বিৰোধী আন্দোলনৰ সময়ত গুৱাহাটীতে ধৰি ৰাজ্যখনৰ নানা প্ৰান্তত কিছু ধ্বংসাত্মক কাণ্ড হোৱা দেখিবলৈ পোৱা গৈছিল। ৰাজহুৱা সা-সম্পত্তি ধ্বংস কৰা বহু লোকক চিনাক্তও কৰা হৈছিল। ‘কা’বিৰোধী আন্দোলনৰ নেতাসকলৰ মতে এনে ধ্বংসাত্মক কাম-কাজত শাসক পক্ষৰ হৈ একাংশ লোকে কূটাঘাটৰ পৰিকল্পনা কৰিছিল। যাতে ইয়াৰ দ্বাৰা অহিংস আন্দোলনৰ গতি কিছু স্তিমিত হৈ পৰে। কিন্তু এনে দুষ্কৃতিকাৰীৰ এনে কাণ্ড বেছিদূৰ সফল নহ’ল বুলি বহুতেই ক’ব খোজে। উত্তৰ-প্ৰদেশ নিৰ্বাচনৰ মাজতেই ৰাজ্য চৰকাৰখনলৈ উচ্চতম ন্যায়ালয়ৰ এনে সকীয়নি তাৎপৰ্যপূৰ্ণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম