--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কুকিলকণ্ঠী লতাৰ বিদায়ত শোকস্তব্ধ দেশ! লতাৰ স্মৃতিক লৈ বহুজনে কৰিছে বহু পৰিকল্পনা৷ তাৰ মাজতেই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে লতা মংগেশ্বকাৰৰ নামত একাডেমীৰ কথা ঘোষণা কৰে৷ উত্তৰ প্ৰদেশৰ দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে। ইফালে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে লতা মংগেশকাৰৰ নামত লতা মংগেশকাৰ একাডেমী স্থাপনৰ কথা ঘোষণা কৰিছে। কাচগঞ্জ ৰেলীত ৰাইজক সম্বোধন কৰি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে লতা মংগেশকাৰ একাডেমী গঠন কৰা হ’ব। একে সময়তে, তেওঁ লগতে ঘোষণা কৰে যে অযোধ্যাৰ এটা মুখ্য চাৰিআলিৰ নাম লতা মংগেশকাৰৰ নামেৰে ৰখা হ’ব৷ ইতিমধ্যে এই প্ৰস্তাৱটো চৰকাৰে উত্থাপন কৰিছে। উত্তৰ প্ৰদেশত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে কাচগঞ্জত এখন ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, ‘অযোধ্যাত ভাৰতৰত্ন গায়িকা লতা মংগেশকাৰৰ নামত এটা চ’কৰ নাম ৰখা হৈছে। চলচ্চিত্ৰ চহৰত সংগীতৰ বাবে লতা মংগেশকাৰ একাডেমী স্থাপন কৰাৰ বাবে মই মুখ্যমন্ত্ৰী যোগীক অভিনন্দন জনাইছো।’ প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ‘গোৱাত থকা লতা মংগেশকাৰজীৰ পৈতৃক ঘৰ, তেওঁ শ্ৰীৰামৰ ভক্ত আছিল, অযোধ্যাৰ চাৰিআলিটো তেওঁৰ নামেৰে নামকৰণ কৰা হ’ব। এয়া হৈছে ভাৰতৰ একতা। এই সিদ্ধান্তৰ বাবে মই যোগী চৰকাৰক অভিনন্দন জনাইছো।’ উত্তৰ প্ৰদেশত বৃহস্পতিবাৰে প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। প্ৰথম পৰ্যায়ত, ১১খন জিলাত বিয়পি থকা ৫৮খন বিধানসভা আসনত নিৰ্বাচন অনুষ্ঠিত হৈছিল। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ১৪ ফেব্ৰুৱাৰীত। আমি সকলোৱে জানো যে 'ভাৰত ৰত্ন' বঁটা প্ৰাপ্ত গায়িকা লতা মংগেশকাৰৰ দেওবাৰে ৬ ফেব্ৰুৱাৰীত মুম্বাইত মৃত্যু হয়। কুকিলকণ্ঠ গায়িকাগৰাকীৰ মৃত্যুত দেশত দুদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হয়। সমগ্ৰ বিশ্বৰ হৃদয়ত শাসন কৰা কণ্ঠস্বৰৰ মালিকা লতা মংগেশকাৰক মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম