--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ নাগৰিকত্ব সংশোধনী আইনকলৈ গৰম হৈ পৰিছে দেশৰ ৰাজনীতি৷  লোকসভা নিৰ্বাচন মাত্ৰ কেইমাহমান বাকী থকাৰ সময়তে বহু কেইটা ৰাজনৈতিক দলে নাগৰিকত্ব সংশোধনী আইনকলৈ পুনৰ আৰম্ভ কৰিছে ৰাজনীতি৷  কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগৰ  ধৰ্মতলাত এক ৰেলীত  চিএএৰ বিষয়টো উত্থাপন কৰি মমতা নেতৃত্বাধীন চৰকাৰক তীব্ৰ সমালোচনা কৰে। শ্বাহে মমতাক প্ৰত্যাহ্বান জনাই কয়  যে সংশোধিত নাগৰিকত্ব আইন সমগ্ৰ দেশৰে আইন। বংগ চৰকাৰে এই আইন ৰূপায়ণ কৰাটো  বন্ধ কৰিব নোৱাৰে।

বিজেপিয়ে পূৰ্বে ২০১৯ ৰ লোকসভা নিৰ্বাচনত   নাগৰিকত্বৰ সংশোধনী আইন প্ৰযোজ্য কৰা হ’ব বুলি ঘোষণা কৰিছিল৷  বিজেপি ক্ষমতালৈ  অহাৰ পিছত আইনখন সংসদতো গৃহীত হৈছিল। কাৰ বিৰুদ্ধে  সমগ্ৰ দেশতে প্ৰতিবাদ হৈছিল। তাৰ পিছত সংশোধিত নাগৰিকত্ব আইন কাৰ্যকৰী কৰাৰ পৰিৱৰ্তে, আইনখন কৰোনা মহামাৰীৰ অজুহাতত  পেলাই ৰখা হৈছিল৷  

ইয়াৰ পূৰ্বে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বংগত অতি শীঘ্ৰে আইনখন কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিছিল। তেতিয়াৰে পৰা প্ৰায় দুবছৰ পাৰ হৈ গ'ল, কিন্তু আইনখন বংগত  প্ৰণয়ন কৰা হোৱা নাই।  এইবোৰ লোকসভা  নিৰ্বাচনৰ পূৰ্বে বংগলৈ  আহি শ্বাহে  পুনৰ চিএএৰ  বিষয়টো উলিয়াইছে৷ 

উল্লেখ্য বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ পিছৰে পৰা ইয়াৰ বিৰোধিতা কৰি আহিছে। তেওঁ স্পষ্ট কৰি দিছে যে ৰাজ্যখনত আইনখন কাৰ্যকৰী কৰিবলৈ দিয়া নহ’ব। মমতাৰ এনে স্থিতিৰ বিপৰীতে অমিত শ্বাহে কয় "টিএমচিয়ে ৰাজ্যখনত অনুপ্ৰৱেশৰ বাবে উচটনি  দি আহিছে। সেইকাৰণে মমতাই চিএএ কাৰ্যকৰী কৰিব নিবিচাৰে। কিন্তু এয়া  দিল্লীৰ আইন। আনকি কোনোবাই  চেষ্টা কৰিলেও ইয়াক বন্ধ কৰিব নোৱাৰে’’। অমিত শ্বাহে লগতে  কয়, "এই দেশৰ এজন হিন্দু নাগৰিকৰ যিমান অধিকাৰ আছে। শৰণাৰ্থীসকলৰ অধিকাৰো সমানেই। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement