--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ নাগৰিকত্ব সংশোধনী আইনকলৈ গৰম হৈ পৰিছে দেশৰ ৰাজনীতি৷  লোকসভা নিৰ্বাচন মাত্ৰ কেইমাহমান বাকী থকাৰ সময়তে বহু কেইটা ৰাজনৈতিক দলে নাগৰিকত্ব সংশোধনী আইনকলৈ পুনৰ আৰম্ভ কৰিছে ৰাজনীতি৷  কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগৰ  ধৰ্মতলাত এক ৰেলীত  চিএএৰ বিষয়টো উত্থাপন কৰি মমতা নেতৃত্বাধীন চৰকাৰক তীব্ৰ সমালোচনা কৰে। শ্বাহে মমতাক প্ৰত্যাহ্বান জনাই কয়  যে সংশোধিত নাগৰিকত্ব আইন সমগ্ৰ দেশৰে আইন। বংগ চৰকাৰে এই আইন ৰূপায়ণ কৰাটো  বন্ধ কৰিব নোৱাৰে।

বিজেপিয়ে পূৰ্বে ২০১৯ ৰ লোকসভা নিৰ্বাচনত   নাগৰিকত্বৰ সংশোধনী আইন প্ৰযোজ্য কৰা হ’ব বুলি ঘোষণা কৰিছিল৷  বিজেপি ক্ষমতালৈ  অহাৰ পিছত আইনখন সংসদতো গৃহীত হৈছিল। কাৰ বিৰুদ্ধে  সমগ্ৰ দেশতে প্ৰতিবাদ হৈছিল। তাৰ পিছত সংশোধিত নাগৰিকত্ব আইন কাৰ্যকৰী কৰাৰ পৰিৱৰ্তে, আইনখন কৰোনা মহামাৰীৰ অজুহাতত  পেলাই ৰখা হৈছিল৷  

ইয়াৰ পূৰ্বে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বংগত অতি শীঘ্ৰে আইনখন কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিছিল। তেতিয়াৰে পৰা প্ৰায় দুবছৰ পাৰ হৈ গ'ল, কিন্তু আইনখন বংগত  প্ৰণয়ন কৰা হোৱা নাই।  এইবোৰ লোকসভা  নিৰ্বাচনৰ পূৰ্বে বংগলৈ  আহি শ্বাহে  পুনৰ চিএএৰ  বিষয়টো উলিয়াইছে৷ 

উল্লেখ্য বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ পিছৰে পৰা ইয়াৰ বিৰোধিতা কৰি আহিছে। তেওঁ স্পষ্ট কৰি দিছে যে ৰাজ্যখনত আইনখন কাৰ্যকৰী কৰিবলৈ দিয়া নহ’ব। মমতাৰ এনে স্থিতিৰ বিপৰীতে অমিত শ্বাহে কয় "টিএমচিয়ে ৰাজ্যখনত অনুপ্ৰৱেশৰ বাবে উচটনি  দি আহিছে। সেইকাৰণে মমতাই চিএএ কাৰ্যকৰী কৰিব নিবিচাৰে। কিন্তু এয়া  দিল্লীৰ আইন। আনকি কোনোবাই  চেষ্টা কৰিলেও ইয়াক বন্ধ কৰিব নোৱাৰে’’। অমিত শ্বাহে লগতে  কয়, "এই দেশৰ এজন হিন্দু নাগৰিকৰ যিমান অধিকাৰ আছে। শৰণাৰ্থীসকলৰ অধিকাৰো সমানেই। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে