--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰকাশীৰ সুৰগত আবদ্ধ হৈ পৰাৰ ১৭ দিন পিছত উদ্ধাৰ হৈছে আবদ্ধ শ্ৰমিক৷  ৪১ জনকৈ  শ্ৰমিকে সুৰংগত আৱদ্ধ হৈ থাকিলেও হেৰুওৱা নাছিল মনৰ বল৷ তেওঁলোকে আশা কৰিছিল এদিন নহয় এদিন তেওঁলোক মুক্ত হ’বই৷ আবদ্ধ হৈ থকা শ্ৰমিকসকলে সুৰংগৰ ভিতৰত ৰজা- মন্ত্ৰী, চোৰ- চিপাহীৰ খেল খেলি সময় পাৰ কৰিছিল৷ ১৬  দিন ধৰি সুৰংগত আৱদ্ধ হৈ থকাৰ পিছত মৃত্যুৰ মুখৰ পৰা ঘূৰি অহা শ্ৰমিকসকলে এতিয়া প্ৰকাশ কৰিছে  সুৰংগৰ ভিতৰৰ যন্ত্ৰণাদায়ক অভিজ্ঞতাৰ কথা৷ 


শ্ৰমিকসকলে সুৰংগৰ ভিতৰতে  ক্ৰিকেটো খেলিছিল। যেতিয়াই সুৰংগৰ  ভিতৰত কোনোবাই সমস্যাৰ সন্মুখীন হৈছিল তেতিয়া সকলোৱে  আগবাঢ়ি আহিছিল আৰু সমস্যাত ভোগা জনক  সুৰক্ষিত ৰাখিবলৈ চেষ্টা কৰিছিল। এনেদৰে উত্তৰকাশীত আৱদ্ধ শ্ৰমিকসকলে ১৬  দিন ধৰি কান্ধত কান্ধ মিলাই মৃত্যুৰ সৈতে যুঁজ দিছিল। অৱশেষত মঙলবাৰে সন্ধিয়া তেওঁলোকক উদ্ধাৰ কৰা হয়৷আৱদ্ধ শ্ৰমিকসকলৰ ভিতৰত আছিল পুষ্কৰ সিং আৰি। তেওঁ কেনেকৈ  সুৰংগটোত আৱদ্ধ হোৱাৰ পিছত ইমান দিন অতিবাহিত কৰিব পাৰিলে সেই বিষয়ে সংবাদ মাধ্যমক কয়   ।

আৰিয়ে কয়  "প্ৰথম কেইঘণ্টামানৰ বাবে আমি নাজানিছিলো কোন ক'ত আছে। মই সেই গভীৰ সুৰংগৰ পৰা ওলাই আহিব পাৰিম বুলি আশা কৰা নাছিলো। তাত কোনো অক্সিজেন বা খোৱাপানী নাছিল। মই পাহাৰৰ নিগৰি অহা  পানীৰে মোৰ তৃষ্ণা নিবাৰণ কৰিছিলো। "

তেওঁ লগতে কয়   "আমি সকলোৱে ভয় নকৰিবলৈ সিদ্ধান্ত লৈছিলো। আমি ইজনে সিজনৰ কাষত আছিলো। কিছুমানে আগৰে পৰা  পানী লগত ৰাখিছিল, কিছুমানে কম্বলো ৰাখিছিল ৷ সেইবোৰ সকলোৰে কামত আহিছিল৷ সুৰংগৰ ভিতৰত ক্ৰিকেট খেলাৰ কথা উল্লেখ কৰি আৰিয়ে কয়  "আমি মোজাত কাপোৰ সোমাই  বল তৈয়াৰ কৰিছিলো আৰু খেলিছিলো" 

১২ নৱেম্বৰত চিল্কিয়াৰা আৰু দাণ্ডালগাঁৱৰ মাজত নিৰ্মাণ কৰা সুৰংগটোৰ এটা অংশ  হঠাতে খহি পৰিছিল। ফলস্বৰূপে ৪১  জন শ্ৰমিক সুৰংগৰ মাজত আৱদ্ধ হৈ পৰিছিল। ১৬ দিনৰ প্ৰচেষ্টাৰ পিছত তেওঁলোকক উদ্ধাৰ কৰা হয় । প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে শ্ৰমিকসকলৰ সৈতে ফোনযোগে কথা পাতিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement