--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰকাশীৰ সুৰগত আবদ্ধ হৈ পৰাৰ ১৭ দিন পিছত উদ্ধাৰ হৈছে আবদ্ধ শ্ৰমিক৷  ৪১ জনকৈ  শ্ৰমিকে সুৰংগত আৱদ্ধ হৈ থাকিলেও হেৰুওৱা নাছিল মনৰ বল৷ তেওঁলোকে আশা কৰিছিল এদিন নহয় এদিন তেওঁলোক মুক্ত হ’বই৷ আবদ্ধ হৈ থকা শ্ৰমিকসকলে সুৰংগৰ ভিতৰত ৰজা- মন্ত্ৰী, চোৰ- চিপাহীৰ খেল খেলি সময় পাৰ কৰিছিল৷ ১৬  দিন ধৰি সুৰংগত আৱদ্ধ হৈ থকাৰ পিছত মৃত্যুৰ মুখৰ পৰা ঘূৰি অহা শ্ৰমিকসকলে এতিয়া প্ৰকাশ কৰিছে  সুৰংগৰ ভিতৰৰ যন্ত্ৰণাদায়ক অভিজ্ঞতাৰ কথা৷ 


শ্ৰমিকসকলে সুৰংগৰ ভিতৰতে  ক্ৰিকেটো খেলিছিল। যেতিয়াই সুৰংগৰ  ভিতৰত কোনোবাই সমস্যাৰ সন্মুখীন হৈছিল তেতিয়া সকলোৱে  আগবাঢ়ি আহিছিল আৰু সমস্যাত ভোগা জনক  সুৰক্ষিত ৰাখিবলৈ চেষ্টা কৰিছিল। এনেদৰে উত্তৰকাশীত আৱদ্ধ শ্ৰমিকসকলে ১৬  দিন ধৰি কান্ধত কান্ধ মিলাই মৃত্যুৰ সৈতে যুঁজ দিছিল। অৱশেষত মঙলবাৰে সন্ধিয়া তেওঁলোকক উদ্ধাৰ কৰা হয়৷আৱদ্ধ শ্ৰমিকসকলৰ ভিতৰত আছিল পুষ্কৰ সিং আৰি। তেওঁ কেনেকৈ  সুৰংগটোত আৱদ্ধ হোৱাৰ পিছত ইমান দিন অতিবাহিত কৰিব পাৰিলে সেই বিষয়ে সংবাদ মাধ্যমক কয়   ।

আৰিয়ে কয়  "প্ৰথম কেইঘণ্টামানৰ বাবে আমি নাজানিছিলো কোন ক'ত আছে। মই সেই গভীৰ সুৰংগৰ পৰা ওলাই আহিব পাৰিম বুলি আশা কৰা নাছিলো। তাত কোনো অক্সিজেন বা খোৱাপানী নাছিল। মই পাহাৰৰ নিগৰি অহা  পানীৰে মোৰ তৃষ্ণা নিবাৰণ কৰিছিলো। "

তেওঁ লগতে কয়   "আমি সকলোৱে ভয় নকৰিবলৈ সিদ্ধান্ত লৈছিলো। আমি ইজনে সিজনৰ কাষত আছিলো। কিছুমানে আগৰে পৰা  পানী লগত ৰাখিছিল, কিছুমানে কম্বলো ৰাখিছিল ৷ সেইবোৰ সকলোৰে কামত আহিছিল৷ সুৰংগৰ ভিতৰত ক্ৰিকেট খেলাৰ কথা উল্লেখ কৰি আৰিয়ে কয়  "আমি মোজাত কাপোৰ সোমাই  বল তৈয়াৰ কৰিছিলো আৰু খেলিছিলো" 

১২ নৱেম্বৰত চিল্কিয়াৰা আৰু দাণ্ডালগাঁৱৰ মাজত নিৰ্মাণ কৰা সুৰংগটোৰ এটা অংশ  হঠাতে খহি পৰিছিল। ফলস্বৰূপে ৪১  জন শ্ৰমিক সুৰংগৰ মাজত আৱদ্ধ হৈ পৰিছিল। ১৬ দিনৰ প্ৰচেষ্টাৰ পিছত তেওঁলোকক উদ্ধাৰ কৰা হয় । প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে শ্ৰমিকসকলৰ সৈতে ফোনযোগে কথা পাতিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে