--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ জনগোষ্ঠীক ভাল পোৱাৰ অকৃত্ৰিম নিদৰ্শন দাঙি ধৰিলে এগৰাকী সাংবাদিকে৷সমাজৰ অৱহেলিতসকলৰ বিষয়ে কলমৰ দ্বাৰা নিৰবিচ্ছিন্নভাৱে লিখি অহা এগৰাকী সাহসী সাংবাদিক জাচিন্তা কেৰকেট্টা৷পুনৰবাৰ জাচিন্তাৰ এক কাৰ্যই বিশ্বজুৰি সৎ সাংবাদিকমহলৰ মাজত আশাৰ সঞ্চাৰ কৰিছে৷মণিপুৰত আদিবাসীসকলক দিয়া সন্মানৰ অভাৱত উদ্বিগ্ন হৈ আদিবাসী লেখিকা জাচিন্তা কেৰকেট্টাই  ইণ্ডিয়া টুডে গোটৰ পৰা বঁটা লাভ কৰিবলৈ অস্বীকাৰ কৰে।


কেৰকেট্টা ঝাৰখণ্ডৰ এগৰাকী প্ৰশংসিত লেখক, কবি আৰু সাংবাদিক তথা ওৰাও আদিবাসী সমাজৰ সদস্য।তেখেতৰ সমগ্ৰ কৰ্মৰাজিয়ে আদিবাসী সম্প্ৰদায়ৰ দুৰ্দশাৰ ওপৰত আলোকপাত কৰিছে। ২১ নৱেম্বৰত ২০২২ চনত প্ৰকাশিত তেওঁৰ গ্ৰন্থ “ঈশ্বৰ ঔৰ বজাৰ”ৰ বাবে আজ টক সাহিত্য জাগ্ৰিটী উদীয়মান প্ৰতিভা সন্মানৰ বাবে নিৰ্বাচিত হোৱাৰ বিষয়ে কৰ্তৃপক্ষৰ পৰা ফোন আৰু মেছেজ পোৱা বুলি কয়।এই বঁটাৰ লগত ৫০,০০০ টকাৰ ধনৰাশিও অন্তৰ্ভুক্ত আছিল৷


সাহিত্য আজ টক বঁটাত ভাৰতীয় ভাষা-সাহিত্যক প্ৰচাৰ আৰু সন্মান জনোৱাৰ উদ্দেশ্যে আঠটা শাখাত বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰা হৈছিল৷২৪ নবেম্বৰৰ পৰা তিনিদিন ধৰি নতুন দিল্লীৰ নেশ্যনেল ষ্টেডিয়ামত এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। ঈশ্বৰ ঔৰ বজাৰ নামৰ গ্ৰন্থখনে আদিবাসীসকলৰ ধৰ্ম, ক্ষমতা, আৰু তৃণমূল পৰ্যায়ৰ সংগ্ৰামৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে।কিন্তু কেৰকেট্টাই এই সন্মান প্ৰত্যাখ্যান কৰে ইতিমধ্যে  ইণ্ডিয়া টুডেৰ এজন প্ৰতিনিধিয়েও একেই কথা নিশ্চিত কৰিছে।


নিউজলণ্ড্ৰী শীৰ্ষক সংবাদ প্ৰতিষ্ঠানক জাচিন্তাই কয় যে “এই বঁটাৰ কথা এনে এটা সময়ত আহিছে যেতিয়া মণিপুৰৰ আদিবাসীসকলৰ জীৱনৰ প্ৰতি থকা সন্মানৰ অন্ত পৰিছে।মধ্য ভাৰতৰ জনজাতীয়সকলৰ জীৱনৰ প্ৰতি থকা সন্মানো নাইকিয়া হৈ আহিছে, আৰু বিশ্ব সমাজত অন্য সম্প্ৰদায়ৰ লোককো অবিৰতভাৱে আক্ৰমণ কৰি থকা হৈছে। মোৰ মনটো বিচলিত হৈ আছে আৰু এই স্বীকৃতিৰ বাবে মই কোনো ৰোমাঞ্চ বা সুখ অনুভৱ কৰা নাই।”


কেৰকেট্টাই এই কথাতো জোৰ দি কয় যে এইটো কোনো বিশেষ মিডিয়া হাউচক এককভাৱে কোৱা কথা নহয়।মণিপুৰৰ কাণ্ডৰ ওপৰত কিছুমান স্বনামধন্য মূলসুঁতিৰ মিডিয়া হাউচ আৰু নিউজ চেনেলে কেনেকৈ মৌনতা অৱলম্বন কৰিছিল, সেই কথা গোটেই দেশখনেই জানে।মূলসুঁতিৰ সংবাদ মাধ্যমে কেতিয়াও আদিবাসীৰ দুৰ্দশাক  পোহৰলৈ আনিবলৈ চেষ্টা কৰা নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন