--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ জনগোষ্ঠীক ভাল পোৱাৰ অকৃত্ৰিম নিদৰ্শন দাঙি ধৰিলে এগৰাকী সাংবাদিকে৷সমাজৰ অৱহেলিতসকলৰ বিষয়ে কলমৰ দ্বাৰা নিৰবিচ্ছিন্নভাৱে লিখি অহা এগৰাকী সাহসী সাংবাদিক জাচিন্তা কেৰকেট্টা৷পুনৰবাৰ জাচিন্তাৰ এক কাৰ্যই বিশ্বজুৰি সৎ সাংবাদিকমহলৰ মাজত আশাৰ সঞ্চাৰ কৰিছে৷মণিপুৰত আদিবাসীসকলক দিয়া সন্মানৰ অভাৱত উদ্বিগ্ন হৈ আদিবাসী লেখিকা জাচিন্তা কেৰকেট্টাই  ইণ্ডিয়া টুডে গোটৰ পৰা বঁটা লাভ কৰিবলৈ অস্বীকাৰ কৰে।


কেৰকেট্টা ঝাৰখণ্ডৰ এগৰাকী প্ৰশংসিত লেখক, কবি আৰু সাংবাদিক তথা ওৰাও আদিবাসী সমাজৰ সদস্য।তেখেতৰ সমগ্ৰ কৰ্মৰাজিয়ে আদিবাসী সম্প্ৰদায়ৰ দুৰ্দশাৰ ওপৰত আলোকপাত কৰিছে। ২১ নৱেম্বৰত ২০২২ চনত প্ৰকাশিত তেওঁৰ গ্ৰন্থ “ঈশ্বৰ ঔৰ বজাৰ”ৰ বাবে আজ টক সাহিত্য জাগ্ৰিটী উদীয়মান প্ৰতিভা সন্মানৰ বাবে নিৰ্বাচিত হোৱাৰ বিষয়ে কৰ্তৃপক্ষৰ পৰা ফোন আৰু মেছেজ পোৱা বুলি কয়।এই বঁটাৰ লগত ৫০,০০০ টকাৰ ধনৰাশিও অন্তৰ্ভুক্ত আছিল৷


সাহিত্য আজ টক বঁটাত ভাৰতীয় ভাষা-সাহিত্যক প্ৰচাৰ আৰু সন্মান জনোৱাৰ উদ্দেশ্যে আঠটা শাখাত বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰা হৈছিল৷২৪ নবেম্বৰৰ পৰা তিনিদিন ধৰি নতুন দিল্লীৰ নেশ্যনেল ষ্টেডিয়ামত এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। ঈশ্বৰ ঔৰ বজাৰ নামৰ গ্ৰন্থখনে আদিবাসীসকলৰ ধৰ্ম, ক্ষমতা, আৰু তৃণমূল পৰ্যায়ৰ সংগ্ৰামৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে।কিন্তু কেৰকেট্টাই এই সন্মান প্ৰত্যাখ্যান কৰে ইতিমধ্যে  ইণ্ডিয়া টুডেৰ এজন প্ৰতিনিধিয়েও একেই কথা নিশ্চিত কৰিছে।


নিউজলণ্ড্ৰী শীৰ্ষক সংবাদ প্ৰতিষ্ঠানক জাচিন্তাই কয় যে “এই বঁটাৰ কথা এনে এটা সময়ত আহিছে যেতিয়া মণিপুৰৰ আদিবাসীসকলৰ জীৱনৰ প্ৰতি থকা সন্মানৰ অন্ত পৰিছে।মধ্য ভাৰতৰ জনজাতীয়সকলৰ জীৱনৰ প্ৰতি থকা সন্মানো নাইকিয়া হৈ আহিছে, আৰু বিশ্ব সমাজত অন্য সম্প্ৰদায়ৰ লোককো অবিৰতভাৱে আক্ৰমণ কৰি থকা হৈছে। মোৰ মনটো বিচলিত হৈ আছে আৰু এই স্বীকৃতিৰ বাবে মই কোনো ৰোমাঞ্চ বা সুখ অনুভৱ কৰা নাই।”


কেৰকেট্টাই এই কথাতো জোৰ দি কয় যে এইটো কোনো বিশেষ মিডিয়া হাউচক এককভাৱে কোৱা কথা নহয়।মণিপুৰৰ কাণ্ডৰ ওপৰত কিছুমান স্বনামধন্য মূলসুঁতিৰ মিডিয়া হাউচ আৰু নিউজ চেনেলে কেনেকৈ মৌনতা অৱলম্বন কৰিছিল, সেই কথা গোটেই দেশখনেই জানে।মূলসুঁতিৰ সংবাদ মাধ্যমে কেতিয়াও আদিবাসীৰ দুৰ্দশাক  পোহৰলৈ আনিবলৈ চেষ্টা কৰা নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক