--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশত এতিয়া উপ-নিৰ্বাচনৰ প্ৰস্তুতি। একাধিক ৰাজ্যত শীঘ্ৰেই অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। অসমতো ভালেকেইটা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। তাৰ ভিতৰত চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে থাওৰা, মৰিয়নি আৰু এটা বিশেষ সমষ্টি। থাওৰা সমষ্টিত ৰাইজৰ দলৰ ততপৰতাই সমষ্টিটোক চৰ্চাৰ কেন্দ্ৰলৈ আনিছে। আনহাতে, মৰিয়নি সমষ্টি সদ্য কংগ্ৰেছত্যাগী ৰূপজ্যোতি কুৰ্মীৰ সমষ্টি। তাতো প্ৰত্যাহ্বানৰ কাৰণ হৈ উঠিব পাৰে অখিল গগৈ। পিছে আমি চৰ্চা কৰিব বিচৰা সমষ্টিটো অন্য এটাহে। ভৱানীপুৰ। এক অৰ্থত এই সমষ্টিৰ উপ-নিৰ্বাচনৰ ওপৰত দৃষ্টি নিবদ্ধ হৈ আছে সমগ্ৰ দেশৰে। ইয়াৰ কাৰণ হৈছে এই সমষ্টিৰ নিৰ্বাচনী ফলাফলৰ সৈতে জড়িত আছে এগৰাকী মুখ্যমন্ত্ৰীৰ গাদী ৰক্ষাৰ প্ৰশ্ন।

ক্ৰমাগত তৃতীয়বাৰলৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ আসনত বহা মমতা বেনাৰ্জীয়ে বিজেপিৰ বিশাল বাহিনীক প্ৰায় একক প্ৰত্যাহ্বানেৰে পৰাজিত কৰিছিল ঠিকেই কিন্তু তেওঁৰ এই বিজয় গৌৰৱত কলংকৰ এটা দাগ হিচাপে চিহ্নিত হৈ ৰৈছিল নিজৰ সমষ্টি নন্দীগ্ৰামত পৰাজয়। এসময়ত তেওঁৰে সতীৰ্থ আৰু এতিয়া বিজেপি নেতা শুভেন্দু অধিকাৰীৰ হাতত পৰাজিত হৈছিল মমতা। এইবাৰ গাদী ৰক্ষাৰ বাবে মমতাই বাছি লৈছে ভৱানীপুৰ সমষ্টি। ৩০ ছেপ্টেম্বৰত এই সমষ্টিৰ পৰা মমতাই প্ৰতিদ্বন্দ্বিতা কৰিব। ইফালে, ভবানীপুৰৰ পৰাই উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ন-বিজেপি ফণী তালুকদাৰে।

অৱশ্যে, এইখিনিতে এটা অন্য মোৰ আছে এই কাহিনীৰ। কাৰণ দুয়োৰে সমষ্টি ভবানীপুৰ হ’লেও এয়া দুটা বেলেগ সমষ্টি। এটা হৈছে বংগৰ ভবানীপুৰ য’ত মমতাই প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিৰ প্ৰিয়ংকা তিব্ৰেৱালৰ বিৰুদ্ধে। আনহাতে আনটো অসমৰ ভবানীপুৰ সমষ্টিত উপ নিৰ্বাচন পাতিবলগীয়া হৈছে এআইইউডিএফৰ বিধায়ক ফণী তালুকদাৰে দলত্যাগ কৰি বিজেপিত যোগ দিয়াৰ লগে লগে। ফণী তালুকদাৰ এইবাৰ বিজেপি প্ৰাৰ্থী হৈ সেই সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব। আৰু তেওঁ জয়ৰ সম্ভাৱনাও অতি উজ্জ্বল। ইয়াৰ কাৰণ হৈছে, বিগত বিধানসভা নিৰ্বাচনত ফণী তালুকদাৰ আছিল কংগ্ৰেছ এআইইউডিএফৰ উমৈহতীয়া প্ৰাৰ্থী। তেওঁ প্ৰায় ৫৬ হাজাৰ ভোট লাভ কৰি বিজয়ী হোৱাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী অগপৰ ৰঞ্জিত ডেকাই লাভ কৰিছিল প্ৰায় ৫৩ হাজাৰ ভোট। এইবাৰ ফণী তালুকদাৰে ভৱানীপুৰৰ পৰা বিজেপিৰ প্ৰাৰ্থী হৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ লগে লগে অগপৰ ৰঞ্জিত ডেকাৰ ভোটো তেওঁৰ পক্ষলৈ অহাৰ সম্ভাৱনা আছে।

একেদৰে কংগ্ৰেছ আৰু এইআইইউডিএফ-এ যিহেতু মিত্ৰতাৰ অৱসান ঘটাইছে তথা তেওঁলোকে উপ-নিৰ্বাচনত উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ সম্ভাৱনা নাই। অৱশ্যে, সংখ্যালঘুৰ বসতিপ্ৰধান সমষ্টিটোত ধৰ্মীয় সংখ্যালঘুৰ ভোটে নিৰ্ণায়ক ভূমিকা লোৱাৰ সম্ভাৱনা থাকে। এনে পৰিপ্ৰেক্ষিতত সমষ্টিটোৰ নতুন ৰাজনৈতিক সমীকৰণ ফণী তালুকদাৰৰ বিপক্ষে যোৱাৰ আশংকাও নথকা নহয়। আনহাতে যদিহে অগপ নেতা-কৰ্মীয়ে তাত বিধি পথালি দিয়ে তেন্তে ভবানীপুৰৰ পৰা তেতিয়াৰ এআইইউডিএফৰ ফণী তালুকদাৰ এতিয়াৰ বিজেপিৰ ফণী তালুকদাৰৰ ৰূপত বিধায়ক হোৱাৰ বাট কঠিন হৈ পৰিব পাৰে।
ইফালে, আনটো ভবানীপুৰ সমষ্টি অৰ্থাত মমতা ভবানীপুৰতো চমত্কাৰ একো ঘটাৰ সম্ভাৱনা নাই বুলিব পাৰি। যুৱ বিজেপিৰ নেত্ৰী তথা এসময়ত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ আইনী পৰামৰ্শদাতা তথা অধিবক্তা প্ৰিয়ংকা তিব্ৰেৱালে ভৱানীপুৰত পানী ঘোলা কৰিলেও মাছ ধৰিব নোৱৰাৰে সম্ভাৱনা বেছি। কিয়নো বিগত বিধানসভা নিৰ্বাচনত তৃণমূলৰ প্ৰতিদ্বন্দ্বীৰ হাতত প্ৰিয়ংকাই শোচনীয় পৰাজয় স্বীকাৰ কৰি থৈছে। এণ্টালী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ তৃণমূলৰ স্বৰ্ণকমল সাহাৰ হাতত ৫৭হাজাৰৰো অধিক ভোটত পৰিজিত হৈছিল। এনে পৰিপ্ৰেক্ষিতত মহাপৰাক্ৰমী মমতাক ভেটা দিয়াটো তেওঁৰ কাৰণে হ’ব অসম্ভৱপ্ৰায়। তথাপি শুভেন্দু অধিকাৰীৰ দৰে চমতকাৰিত্ব যদি তেওঁ সংঘটিত কৰে তেন্তে সেয়া দেশৰ ৰাজনীতিতেই আলোড়ন সৃষ্টিকাৰী এক পৰিঘটনা বুলি চিহ্নিত হ’ব। কিন্তু স্বাভাৱিক পৰিস্থিতিত ভৱানীপুৰ সমষ্টি মমতা আৰু ফণীৰ দখললৈ যোৱাটোৱে প্ৰায় স্পষ্ট হৈ থকা বুলি বুজিব পাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু