--°C
Loading...
Listen to Article
2 min read
80%


শিৱসাগৰঃ ৰাজ্যজুৰি অব্যাহত আছে কৰ’নাৰ সংক্ৰমণ! বিধানসভাৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা নৌহওঁতেই ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ। ইফালে ডিমৌত সংবাদমেলযোগে ৰাইজৰ দলে ঘোষণা কৰিলে থাওৰা সমষ্টিত কোনে আগবঢ়াব প্ৰাৰ্থিত্ব। ‘হোটেল ব্লু হৰাইজন’ত অনুষ্ঠিত হোৱা সংবাদমেলখনত সদৰী কৰা অনুসৰি ‘কৃষক মুক্তি সংগ্ৰাম সমিতি’ৰ প্ৰাক্তন সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ হ’ব সমষ্টিটোৰ ৰাইজৰ দলৰ প্ৰাৰ্থী।

দলটোৰ সভাপতি অখিল গগৈয়ে ঘোষণা কৰে কোঁৱৰৰ নাম। ‘বিজেপিৰ বিৰুদ্ধে বিৰোধীশক্তিৰ ঐক্যবদ্ধ যুঁজৰ পোষকতা কৰা হৈছে’- বুলিও সাংবাদিকক জানিবলৈ দিয়ে নেতাগৰাকীয়ে। থাওৰা সমষ্টিত ধৈৰ্য কোঁৱৰক সমৰ্থন কৰিবলৈ সংবাদমেলৰ জৰিয়তে কংগ্ৰেছলৈ আহ্বান জনাইছে গগৈয়ে। ৰাজ্যৰ আন বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত ঐক্যবদ্ধ যুঁজৰ পোষকতা কৰিছে দলটোৱে। মিত্ৰতাৰ ক্ষেত্ৰত ৰাহুল গান্ধী আৰু ভূপেন বৰালৈয়ো আহ্বান জনাইছে অখিল গগৈয়ে। ধৈৰ্য কোঁৱৰক সহায় কৰিবলৈ অসমবাসীলৈ আহ্বান জনাইছে তেওঁ। সংবাদমেলতে সুশান্ত বৰগোঁহাইক ‘বিশ্বাসঘাটক’ আখ্যা প্ৰদান কৰিছে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। লগতে তেওঁ কয় যে, ‘ছিণ্ডিকেটৰ বাবেই আদৰ্শ ত্যাগ কৰি বিশ্বাসঘাটকৰ ৰূপ লৈছে সুশান্ত বৰগোঁহাইয়ে!’
সংবাদমেলখনৰ জৰিয়তে অখিল গগৈয়ে সুশান্ত বৰগোঁহাইক প্ৰশ্ন কৰিছে যে, ‘যদি উন্নয়নৰ বাবেই আপুনি বিজেপিলৈ গৈছে, তেন্তে ২০১১ চনত শাসকীয় দলৰ গৃহ বিভাগৰ সংসদীয় সচিব হৈ থাকোতে থাওৰাৰ কিমান উন্নয়ন হৈছিল?’ যদি শাসকীয় দলত থাকিলেহে উন্নয়ন হয় বুলি যুক্তি প্ৰদান কৰি সুশান্ত বিজেপিলৈ গৈছে, তেন্তে ২০২৬বৰ্ষত বিজেপি শাসনচ্যুত হ’লে সুশান্ত বৰগোঁহাই কোন দললৈ যাব বুলিও প্ৰশ্ন উত্থাপন কৰিছে অখিল গগৈয়ে। সুশান্ত বৰগোঁহাইক ‘ডলাৰ বগৰী’ আখ্যা দি নেতাগৰাকীয়ে কয় যে, ‘ডলাৰ বগৰী’ আৰু ‘বদন বৰফুকন’ শব্দ দুটা সমাৰ্থক শব্দ। দুয়োটা শব্দৰ মাজত তফাৎ নাই!’
ড০ হিমন্ত বিশ্ব শৰ্মাই ‘দেউলীয়া চৰকাৰ’ চলাই থকা বুলি মুখ্যমন্ত্ৰীগৰাকীক কটাক্ষ কৰে শিৱসাগৰৰ বিধায়কগৰাকীয়ে। বৰ্তমানলৈ ৰাজ্যৰ ১২৬জন বিধায়কে উন্নয়ন পুঁজিৰ এটকাও লাভ কৰা নাই বুলি বিধায়কগৰাকীয়ে সংবাদমেলত গুৰুত্বৰ অভিযোগ উত্থাপন কৰে। শৰ্মাই দান-বৰঙনিৰে চৰকাৰ চলাই আছে বুলিও ক্ষোভ প্ৰকাশ কৰে তেওঁ। লগতে ড০ হিমন্ত বিশ্ব শৰ্মা ‘আলফা’ আৰু ‘আছু’ত পূৰ্বতে থকাৰ সময়ত দান-বৰঙনি তোলাৰ অভ্যাস আছিল বাবে বৰ্তমান সুবিধা হৈছে বুলিও ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে ব্যক্ত কৰে। ইফালে কংগ্ৰেছৰ শাসনকালত সুশান্ত বৰগোঁহাইয়ে উজনিত কয়লা, অ’এনজিচি আৰু স্ক্ৰেপ ছিণ্ডিকেট চলাইছিল বুলি বিস্ফোৰক মন্তব্য আগবঢ়াইছে বিধায়ক অখিল গগৈয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু