--°C
Loading...
Listen to Article
2 min read
80%


শিৱসাগৰঃ ৰাজ্যজুৰি অব্যাহত আছে কৰ’নাৰ সংক্ৰমণ! বিধানসভাৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা নৌহওঁতেই ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ। ইফালে ডিমৌত সংবাদমেলযোগে ৰাইজৰ দলে ঘোষণা কৰিলে থাওৰা সমষ্টিত কোনে আগবঢ়াব প্ৰাৰ্থিত্ব। ‘হোটেল ব্লু হৰাইজন’ত অনুষ্ঠিত হোৱা সংবাদমেলখনত সদৰী কৰা অনুসৰি ‘কৃষক মুক্তি সংগ্ৰাম সমিতি’ৰ প্ৰাক্তন সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ হ’ব সমষ্টিটোৰ ৰাইজৰ দলৰ প্ৰাৰ্থী।

দলটোৰ সভাপতি অখিল গগৈয়ে ঘোষণা কৰে কোঁৱৰৰ নাম। ‘বিজেপিৰ বিৰুদ্ধে বিৰোধীশক্তিৰ ঐক্যবদ্ধ যুঁজৰ পোষকতা কৰা হৈছে’- বুলিও সাংবাদিকক জানিবলৈ দিয়ে নেতাগৰাকীয়ে। থাওৰা সমষ্টিত ধৈৰ্য কোঁৱৰক সমৰ্থন কৰিবলৈ সংবাদমেলৰ জৰিয়তে কংগ্ৰেছলৈ আহ্বান জনাইছে গগৈয়ে। ৰাজ্যৰ আন বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত ঐক্যবদ্ধ যুঁজৰ পোষকতা কৰিছে দলটোৱে। মিত্ৰতাৰ ক্ষেত্ৰত ৰাহুল গান্ধী আৰু ভূপেন বৰালৈয়ো আহ্বান জনাইছে অখিল গগৈয়ে। ধৈৰ্য কোঁৱৰক সহায় কৰিবলৈ অসমবাসীলৈ আহ্বান জনাইছে তেওঁ। সংবাদমেলতে সুশান্ত বৰগোঁহাইক ‘বিশ্বাসঘাটক’ আখ্যা প্ৰদান কৰিছে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। লগতে তেওঁ কয় যে, ‘ছিণ্ডিকেটৰ বাবেই আদৰ্শ ত্যাগ কৰি বিশ্বাসঘাটকৰ ৰূপ লৈছে সুশান্ত বৰগোঁহাইয়ে!’
সংবাদমেলখনৰ জৰিয়তে অখিল গগৈয়ে সুশান্ত বৰগোঁহাইক প্ৰশ্ন কৰিছে যে, ‘যদি উন্নয়নৰ বাবেই আপুনি বিজেপিলৈ গৈছে, তেন্তে ২০১১ চনত শাসকীয় দলৰ গৃহ বিভাগৰ সংসদীয় সচিব হৈ থাকোতে থাওৰাৰ কিমান উন্নয়ন হৈছিল?’ যদি শাসকীয় দলত থাকিলেহে উন্নয়ন হয় বুলি যুক্তি প্ৰদান কৰি সুশান্ত বিজেপিলৈ গৈছে, তেন্তে ২০২৬বৰ্ষত বিজেপি শাসনচ্যুত হ’লে সুশান্ত বৰগোঁহাই কোন দললৈ যাব বুলিও প্ৰশ্ন উত্থাপন কৰিছে অখিল গগৈয়ে। সুশান্ত বৰগোঁহাইক ‘ডলাৰ বগৰী’ আখ্যা দি নেতাগৰাকীয়ে কয় যে, ‘ডলাৰ বগৰী’ আৰু ‘বদন বৰফুকন’ শব্দ দুটা সমাৰ্থক শব্দ। দুয়োটা শব্দৰ মাজত তফাৎ নাই!’
ড০ হিমন্ত বিশ্ব শৰ্মাই ‘দেউলীয়া চৰকাৰ’ চলাই থকা বুলি মুখ্যমন্ত্ৰীগৰাকীক কটাক্ষ কৰে শিৱসাগৰৰ বিধায়কগৰাকীয়ে। বৰ্তমানলৈ ৰাজ্যৰ ১২৬জন বিধায়কে উন্নয়ন পুঁজিৰ এটকাও লাভ কৰা নাই বুলি বিধায়কগৰাকীয়ে সংবাদমেলত গুৰুত্বৰ অভিযোগ উত্থাপন কৰে। শৰ্মাই দান-বৰঙনিৰে চৰকাৰ চলাই আছে বুলিও ক্ষোভ প্ৰকাশ কৰে তেওঁ। লগতে ড০ হিমন্ত বিশ্ব শৰ্মা ‘আলফা’ আৰু ‘আছু’ত পূৰ্বতে থকাৰ সময়ত দান-বৰঙনি তোলাৰ অভ্যাস আছিল বাবে বৰ্তমান সুবিধা হৈছে বুলিও ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে ব্যক্ত কৰে। ইফালে কংগ্ৰেছৰ শাসনকালত সুশান্ত বৰগোঁহাইয়ে উজনিত কয়লা, অ’এনজিচি আৰু স্ক্ৰেপ ছিণ্ডিকেট চলাইছিল বুলি বিস্ফোৰক মন্তব্য আগবঢ়াইছে বিধায়ক অখিল গগৈয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ