--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃজনপ্ৰিয় হলিউড অভিনেতা পল গ্ৰাণ্টৰ আকস্মিক মৃত্যুৱে তীব্ৰ আলোড়ণৰ সৃষ্টি কৰিছে৷  মৃত্যু অভিনেতাজনৰ ৫৬ বছৰ বয়স হৈছিল৷  ১৬ মাৰ্চত  অভিনেতাজনৰ মৃতদেহ লণ্ডনৰ এটা ৰেল ষ্টেচনৰ পৰা উদ্ধাৰ কৰা হৈছে।  চিকিৎসকসকলে অভিনেতাজনৰ  'ব্ৰেইন ডেড' হোৱা  বুলি ঘোষণা কৰিছে। হলিউডৰ অভিনেতাগৰাকীৰ জীয়ৰী ছফি জেন গ্ৰাণ্টে তেওঁৰ মৃত্যুৰ খবৰ সংবাদ মাধ্যমৰ আগত  নিশ্চিত কৰিছে।

হলিউডৰ অভিনেতা পল গ্ৰাণ্টে 'ষ্টাৰ ৱাৰ্ছ', 'হেৰী পটাৰ'ৰ দৰে বিখ্যাত ফ্ৰেঞ্চাইজিৰ চলচ্চিত্ৰত কাম কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল৷পলে 'ষ্টাৰ ৱাৰ্ছ: ৰিটাৰ্ণ অফ দ্য জেডি'তো অভিনয় কৰিছিল।পলে  টম ক্ৰুজৰ দৰে তাৰকাৰ সৈতে কাম কৰিছিল। তেওঁ 'লাব্ৰিন্থ' বোলছবিখনত কিংবদন্তি তাৰকা ডেভিদ বোৱিৰ সৈতেও কাম কৰিছিল।

'হেৰী পটাৰ' শৃংখলাত গবলিন হিচাপে তেওঁৰ অভিনয়ে পল গ্ৰাণ্টকো নতুন প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তুলিছিল। কেৰিয়াৰৰ আৰম্ভণিতে সাফল্যৰ একাধিক মাইলৰ খুঁটি অতিক্ৰম কৰা স্বত্বেও অভিনেতাজন শেষৰ ফালে প্ৰায় বিধ্বস্ত হৈ  পৰিছিল। ড্ৰাগছৰ আসক্তি, বহু মহিলাৰে যৌন সম্পৰ্ক স্থাপন  আদি তেওঁৰ আসক্তি হৈ পৰিছিল৷এসময়ৰ জনপ্ৰিয় অভিনেতাজনে শেষৰ ফালে আৰ্থিক অসুবিধাৰ সন্মুখীন হৈছিল। অভিনেতাজনে  তিনি সপ্তাহ আগতে লণ্ডনৰ কিংছ ক্ৰছ ৰেল ষ্টেচনত এজন ইউটিউবাৰৰ সৈতে কথা পাতিছিল আৰু তেওঁৰ ড্ৰাগছৰ আসক্তিৰ বিষয়ে উল্লেখ কৰিছিল। 

তেওঁ এইদৰে কৈছিল: "মই বহু সুৰাপান কৰিলো। বহু ঘটনাই  ঘটি গ’ল। আজি মোৰ সুৰাপানৰ অন্তিম দিন। এইবাৰ মই ৰ'ব লাগিব। ''সাক্ষাৎকাৰটোৰ প্ৰায় তিনি সপ্তাহ পিছত পল গ্ৰাণ্টক  কিংছ ক্ৰছ ষ্টেচনত অচেতন অৱস্থাত পোৱা গৈছিল। অভিনেতাজনৰ  মৃত্যু হোৱা বুলি  চিকিৎসকে প্ৰকাশ কৰিছে।অচেতন অৱস্থাত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। অভিনেতাজনক লাইফ চাপোৰ্টত ৰখা হৈছিল যদিও তেওঁক বচাব পৰা নগ’ল। পল গ্ৰাণ্টৰ মৃ্যুৰ খবৰে তেওঁৰ অনুৰাগীসকলক মৰ্মাহত কৰিছে৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস