--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃজনপ্ৰিয় হলিউড অভিনেতা পল গ্ৰাণ্টৰ আকস্মিক মৃত্যুৱে তীব্ৰ আলোড়ণৰ সৃষ্টি কৰিছে৷  মৃত্যু অভিনেতাজনৰ ৫৬ বছৰ বয়স হৈছিল৷  ১৬ মাৰ্চত  অভিনেতাজনৰ মৃতদেহ লণ্ডনৰ এটা ৰেল ষ্টেচনৰ পৰা উদ্ধাৰ কৰা হৈছে।  চিকিৎসকসকলে অভিনেতাজনৰ  'ব্ৰেইন ডেড' হোৱা  বুলি ঘোষণা কৰিছে। হলিউডৰ অভিনেতাগৰাকীৰ জীয়ৰী ছফি জেন গ্ৰাণ্টে তেওঁৰ মৃত্যুৰ খবৰ সংবাদ মাধ্যমৰ আগত  নিশ্চিত কৰিছে।

হলিউডৰ অভিনেতা পল গ্ৰাণ্টে 'ষ্টাৰ ৱাৰ্ছ', 'হেৰী পটাৰ'ৰ দৰে বিখ্যাত ফ্ৰেঞ্চাইজিৰ চলচ্চিত্ৰত কাম কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল৷পলে 'ষ্টাৰ ৱাৰ্ছ: ৰিটাৰ্ণ অফ দ্য জেডি'তো অভিনয় কৰিছিল।পলে  টম ক্ৰুজৰ দৰে তাৰকাৰ সৈতে কাম কৰিছিল। তেওঁ 'লাব্ৰিন্থ' বোলছবিখনত কিংবদন্তি তাৰকা ডেভিদ বোৱিৰ সৈতেও কাম কৰিছিল।

'হেৰী পটাৰ' শৃংখলাত গবলিন হিচাপে তেওঁৰ অভিনয়ে পল গ্ৰাণ্টকো নতুন প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তুলিছিল। কেৰিয়াৰৰ আৰম্ভণিতে সাফল্যৰ একাধিক মাইলৰ খুঁটি অতিক্ৰম কৰা স্বত্বেও অভিনেতাজন শেষৰ ফালে প্ৰায় বিধ্বস্ত হৈ  পৰিছিল। ড্ৰাগছৰ আসক্তি, বহু মহিলাৰে যৌন সম্পৰ্ক স্থাপন  আদি তেওঁৰ আসক্তি হৈ পৰিছিল৷এসময়ৰ জনপ্ৰিয় অভিনেতাজনে শেষৰ ফালে আৰ্থিক অসুবিধাৰ সন্মুখীন হৈছিল। অভিনেতাজনে  তিনি সপ্তাহ আগতে লণ্ডনৰ কিংছ ক্ৰছ ৰেল ষ্টেচনত এজন ইউটিউবাৰৰ সৈতে কথা পাতিছিল আৰু তেওঁৰ ড্ৰাগছৰ আসক্তিৰ বিষয়ে উল্লেখ কৰিছিল। 

তেওঁ এইদৰে কৈছিল: "মই বহু সুৰাপান কৰিলো। বহু ঘটনাই  ঘটি গ’ল। আজি মোৰ সুৰাপানৰ অন্তিম দিন। এইবাৰ মই ৰ'ব লাগিব। ''সাক্ষাৎকাৰটোৰ প্ৰায় তিনি সপ্তাহ পিছত পল গ্ৰাণ্টক  কিংছ ক্ৰছ ষ্টেচনত অচেতন অৱস্থাত পোৱা গৈছিল। অভিনেতাজনৰ  মৃত্যু হোৱা বুলি  চিকিৎসকে প্ৰকাশ কৰিছে।অচেতন অৱস্থাত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। অভিনেতাজনক লাইফ চাপোৰ্টত ৰখা হৈছিল যদিও তেওঁক বচাব পৰা নগ’ল। পল গ্ৰাণ্টৰ মৃ্যুৰ খবৰে তেওঁৰ অনুৰাগীসকলক মৰ্মাহত কৰিছে৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা