--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
চলিত বৰ্ষৰ মে মাহৰ পৰা দিল্লীৰ তিহাৰ কাৰাগাৰত কাৰাবন্দী হৈ থকা আম আদমী পাৰ্টিৰ নেতা সতেন্দ্ৰ  জৈনৰ বিৰুদ্ধে কাৰাগাৰৰ ভিতৰত বিলাসী জীৱন উপভোগ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে৷ শনিবাৰে ৰাতিপুৱা বিজেপি দলৰ  কেইবাজনো নেতাই এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল য'ত দিল্লীৰ মন্ত্ৰী সতেন্দ্ৰ  জৈনে তিহাৰ কাৰাগাৰৰ ভিতৰত ভৰিৰ মালিচ লৈ থকা  দেখা গৈছে।  

চিচিটিভি ফুটেজত মন্ত্ৰীজনক তেওঁৰ বিচনাত শুই থকা অৱস্থাত কিতাপ পঢ়ি থকা অৱস্থাত দেখা গৈছে৷  তেওঁৰ কাষতে বহি থকা এজন মানুহে তেওঁক ভৰিৰ মালিচ কৰি থকাও  দেখা গৈছে। বৰ্তমান  ভাইৰেল হৈ পৰিছে ভিডিঅ'টো৷ 

উল্লেখযোগ্য যে, এই সপ্তাহৰ আৰম্ভণিতে, দিল্লীৰ তিহাৰ কাৰাগাৰৰ অধীক্ষকক মন্ত্ৰীজনৰ ভিআইপিৰ দৰে সুবিধা প্ৰদানৰ  অভিযোগত নিলম্বিত কৰা হৈছিল। জৈনক এটা ধন ৰপ্তানিৰ গোচৰত বন্দী কৰা হৈছে।

দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰে বিষয়টো চোৱাচিতা কৰিবলৈ তদন্ত সমিতি গঠন কৰাৰ পিছত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। কাৰাগাৰত বন্দী প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰে কাৰাগাৰৰ অধীক্ষকক মন্ত্ৰীজনৰ প্ৰতি অযথা অনুগ্ৰহ আগবঢ়োৱাৰ অভিযোগ উত্থাপন কৰিছিল।

একেসময়তে কাৰাগাৰৰ ভিতৰত জৈনৰ বিলাসী জীৱন সম্পৰ্কে মন্তব্য কৰি বিজেপিৰ মুখপাত্ৰ শ্বেহজাদ পুনাৱালাই কয় যে, "গতিকে ছাজাৰ   সতেন্দ্ৰ জৈনে সম্পূৰ্ণ ভিভিআইপি দৰে  মাজা লাভ কৰি আছে৷” 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক