--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেদাৰনাথৰ পৰা উভতি অহাৰ পথত কেদাৰনাথ ধামৰ দুই কিলোমিটাৰ পূৰ্বে সংঘটিত হৈছে হেলিকপ্টাৰ দুৰ্ঘটনা। এই দুৰ্ঘটনা সংঘটিত হোৱা ঠাইখন আছিল কেদাৰনাথ ধামলৈ যোৱা পুৰণি পথ। হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়ত তাত পাইলটসহ ৭জন লোক আছিল। আৰু সকলোৰে থিতাতে মৃত্যু হয়। হেলিকপ্টাৰ দুৰ্ঘটনাৰ কাৰণ বেয়া বতৰৰ বাবে  জানিব পৰা গৈছে। তথ্য অনুসৰি এই হেলিকপ্টাৰখন কেদাৰনাথৰ পৰা ফাটালৈ যাবলৈ ৰাওনা হৈছিল। ইয়াৰ সময়ত দুৰ্ঘটনাটো সংঘটিত হয়।



এই ঘটনাক লৈ শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে তদন্তৰ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰী ধামীয়ে তেওঁৰ টুইটত লিখিছে, "কেদাৰনাথৰ সমীপৰ গৰুড় চট্টীত সংঘটিত দুৰ্ভাগ্যজনক হেলিকপ্টাৰ দুৰ্ঘটনাত একাংশ লোক আহত হোৱাৰ অত্যন্ত দুখজনক খবৰ আহিছে। এছডিআৰএফ আৰু জিলা প্ৰশাসনৰ দলসমূহে সাহায্য আৰু উদ্ধাৰ কাৰ্য্যৰ বাবে সেই স্থানত উপস্থিত হৈছে। এক বিশদ তদন্ত আৰম্ভ হৈছে।" 

গৰুড়া চট্টীৰ সমীপত এই হেলিকপ্টাৰ দুৰ্ঘটনাৰ পাছত আৰক্ষী আৰু এছডিআৰএফৰ দলটো থিতাতে উদ্ধাৰৰ বাবে ৰাওনা হৈছে। একে সময়তে এছডিআৰএফৰ ডিআইজি ৰিদ্ধিমাই এই দুৰ্ঘটনা সন্দৰ্ভত তথ্য প্ৰদান কৰিছে। তেওঁ কয়, "এছডিআৰএফ আৰু আৰক্ষীৰ দলটোৱে সেই স্থানত উপস্থিত হৈছে। বেয়া বতৰৰ বাবে এই দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাটো পুৱা ১১.৫০ বজাত সংঘটিত হৈছে। বেয়া বতৰে উদ্ধাৰ কাৰ্য্যতো বাধাৰ সৃষ্টি কৰিছে।"

মুখ্যমন্ত্ৰীৰ বিশেষ প্ৰধান সচিব অভিনৱ কুমাৰে কয় যে, "ফাটাৰ পৰা কেদাৰনাথ তীৰ্থযাত্ৰী কঢ়িয়াই অনা এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। প্ৰশাসনৰ দলসমূহ সাহায্য আৰু উদ্ধাৰৰ কামৰ বাবে সেই স্থানলৈ ৰাওনা হৈছে। ফাটাত হেলিকপ্টাৰ দুৰ্ঘটনাত ৭জন‌ লোকৰ মৃত্যু হয়।" 

বৰ্তমান এই ঘটনাৰ ভিডিঅ’ও পোহৰলৈ আহিছে। য’ত স্পষ্টকৈ দেখা যায় যে তাত এক ডাঠ কুঁৱলী ঢাকি থোৱা এক পৰিস্থিতি দেখা গৈছে। য'ত হেলিকপ্টাৰখন জ্বলি থকাৰ  ধোঁৱা দেখা যায়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু