--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেদাৰনাথৰ পৰা উভতি অহাৰ পথত কেদাৰনাথ ধামৰ দুই কিলোমিটাৰ পূৰ্বে সংঘটিত হৈছে হেলিকপ্টাৰ দুৰ্ঘটনা। এই দুৰ্ঘটনা সংঘটিত হোৱা ঠাইখন আছিল কেদাৰনাথ ধামলৈ যোৱা পুৰণি পথ। হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়ত তাত পাইলটসহ ৭জন লোক আছিল। আৰু সকলোৰে থিতাতে মৃত্যু হয়। হেলিকপ্টাৰ দুৰ্ঘটনাৰ কাৰণ বেয়া বতৰৰ বাবে  জানিব পৰা গৈছে। তথ্য অনুসৰি এই হেলিকপ্টাৰখন কেদাৰনাথৰ পৰা ফাটালৈ যাবলৈ ৰাওনা হৈছিল। ইয়াৰ সময়ত দুৰ্ঘটনাটো সংঘটিত হয়।



এই ঘটনাক লৈ শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে তদন্তৰ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰী ধামীয়ে তেওঁৰ টুইটত লিখিছে, "কেদাৰনাথৰ সমীপৰ গৰুড় চট্টীত সংঘটিত দুৰ্ভাগ্যজনক হেলিকপ্টাৰ দুৰ্ঘটনাত একাংশ লোক আহত হোৱাৰ অত্যন্ত দুখজনক খবৰ আহিছে। এছডিআৰএফ আৰু জিলা প্ৰশাসনৰ দলসমূহে সাহায্য আৰু উদ্ধাৰ কাৰ্য্যৰ বাবে সেই স্থানত উপস্থিত হৈছে। এক বিশদ তদন্ত আৰম্ভ হৈছে।" 

গৰুড়া চট্টীৰ সমীপত এই হেলিকপ্টাৰ দুৰ্ঘটনাৰ পাছত আৰক্ষী আৰু এছডিআৰএফৰ দলটো থিতাতে উদ্ধাৰৰ বাবে ৰাওনা হৈছে। একে সময়তে এছডিআৰএফৰ ডিআইজি ৰিদ্ধিমাই এই দুৰ্ঘটনা সন্দৰ্ভত তথ্য প্ৰদান কৰিছে। তেওঁ কয়, "এছডিআৰএফ আৰু আৰক্ষীৰ দলটোৱে সেই স্থানত উপস্থিত হৈছে। বেয়া বতৰৰ বাবে এই দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাটো পুৱা ১১.৫০ বজাত সংঘটিত হৈছে। বেয়া বতৰে উদ্ধাৰ কাৰ্য্যতো বাধাৰ সৃষ্টি কৰিছে।"

মুখ্যমন্ত্ৰীৰ বিশেষ প্ৰধান সচিব অভিনৱ কুমাৰে কয় যে, "ফাটাৰ পৰা কেদাৰনাথ তীৰ্থযাত্ৰী কঢ়িয়াই অনা এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। প্ৰশাসনৰ দলসমূহ সাহায্য আৰু উদ্ধাৰৰ কামৰ বাবে সেই স্থানলৈ ৰাওনা হৈছে। ফাটাত হেলিকপ্টাৰ দুৰ্ঘটনাত ৭জন‌ লোকৰ মৃত্যু হয়।" 

বৰ্তমান এই ঘটনাৰ ভিডিঅ’ও পোহৰলৈ আহিছে। য’ত স্পষ্টকৈ দেখা যায় যে তাত এক ডাঠ কুঁৱলী ঢাকি থোৱা এক পৰিস্থিতি দেখা গৈছে। য'ত হেলিকপ্টাৰখন জ্বলি থকাৰ  ধোঁৱা দেখা যায়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক