--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃআফগানিস্তানৰ কাবুলত মাৰ্কিন ড্ৰোন আক্ৰমণত নিহত হৈছে আল-কায়েদাৰ মুৰব্বী আয়মান আল-জাৱাহিৰীক ।আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে এই কথা ঘোষণা কৰিছে। আল-জাৱাহিৰীক নিপাত কৰিবলৈ মাৰ্কিন সেনাই কাবুলত অভিযান চলাইছিল।  শনিবাৰে চলোৱা অভিযানৰ সময়তে সন্ত্ৰাসবাদী নেতা জন নিহত হয়। বিডেনে লগতে কয় যে অভিযানৰ সময়ত নিহত সন্ত্ৰাসবাদীজনৰ পৰিয়ালৰ কোনো সদস্য ক্ষতিগ্ৰস্ত হোৱা নাই।

 ১৯৫১ চনৰ ১৯ জুনত গিজাত নাগৰিক আয়মান আল-জাৱাহিৰীৰ জন্ম হৈছিল। ২০১১ চনৰ জুন মাহত, সেই বছৰৰ মে মাহত পাকিস্তানৰ এবটাবাদত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অভিযানত তেওঁৰ পূৰ্বসূৰী ওচামা বিন লাডেনৰ হত্যাৰ পিছত তেওঁক আল-কায়েদাৰ দ্বিতীয় 'জেনেৰেল এমিৰ' হিচাপে ঘোষণা কৰা হয়।

তেওঁ অভিযান্ত্ৰিক বিষয়তো ডিগ্ৰী লাভ কৰিছিল, তেওঁৰ উত্তৰাধিকাৰীও উচ্চ শিক্ষিত আছিল। ৭১ বছৰীয়া জাৱাহিৰী এজন শল্য চিকিৎসকো আছিল আৰু তিনি বছৰ ইজিপ্তৰ সেনাবাহিনীত সেৱা আগবঢ়াইছিল।

১৯৯৮ চনত আল-জাৱাহিৰীয়ে ইজিপ্তিয়ান ইছলামিক জিহাদ (ইআইজে) প্ৰতিষ্ঠা কৰিছিল আৰু আল-কায়েদাৰ সৈতে একত্ৰিত হৈছিল। বিন লাদেনৰ এজন গুৰুত্বপূৰ্ণ সহায়ক হিচাপে তেওঁ কাম কৰিছিল।
 আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগে আল-জাৱাহিৰীৰ তথ্য দিব পৰা জনক বন্দী ২৫  নিযুত ডলাৰৰ পুৰস্কাৰ ঘোষণা কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু