--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃআফগানিস্তানৰ কাবুলত মাৰ্কিন ড্ৰোন আক্ৰমণত নিহত হৈছে আল-কায়েদাৰ মুৰব্বী আয়মান আল-জাৱাহিৰীক ।আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে এই কথা ঘোষণা কৰিছে। আল-জাৱাহিৰীক নিপাত কৰিবলৈ মাৰ্কিন সেনাই কাবুলত অভিযান চলাইছিল।  শনিবাৰে চলোৱা অভিযানৰ সময়তে সন্ত্ৰাসবাদী নেতা জন নিহত হয়। বিডেনে লগতে কয় যে অভিযানৰ সময়ত নিহত সন্ত্ৰাসবাদীজনৰ পৰিয়ালৰ কোনো সদস্য ক্ষতিগ্ৰস্ত হোৱা নাই।

 ১৯৫১ চনৰ ১৯ জুনত গিজাত নাগৰিক আয়মান আল-জাৱাহিৰীৰ জন্ম হৈছিল। ২০১১ চনৰ জুন মাহত, সেই বছৰৰ মে মাহত পাকিস্তানৰ এবটাবাদত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অভিযানত তেওঁৰ পূৰ্বসূৰী ওচামা বিন লাডেনৰ হত্যাৰ পিছত তেওঁক আল-কায়েদাৰ দ্বিতীয় 'জেনেৰেল এমিৰ' হিচাপে ঘোষণা কৰা হয়।

তেওঁ অভিযান্ত্ৰিক বিষয়তো ডিগ্ৰী লাভ কৰিছিল, তেওঁৰ উত্তৰাধিকাৰীও উচ্চ শিক্ষিত আছিল। ৭১ বছৰীয়া জাৱাহিৰী এজন শল্য চিকিৎসকো আছিল আৰু তিনি বছৰ ইজিপ্তৰ সেনাবাহিনীত সেৱা আগবঢ়াইছিল।

১৯৯৮ চনত আল-জাৱাহিৰীয়ে ইজিপ্তিয়ান ইছলামিক জিহাদ (ইআইজে) প্ৰতিষ্ঠা কৰিছিল আৰু আল-কায়েদাৰ সৈতে একত্ৰিত হৈছিল। বিন লাদেনৰ এজন গুৰুত্বপূৰ্ণ সহায়ক হিচাপে তেওঁ কাম কৰিছিল।
 আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগে আল-জাৱাহিৰীৰ তথ্য দিব পৰা জনক বন্দী ২৫  নিযুত ডলাৰৰ পুৰস্কাৰ ঘোষণা কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক