--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কাচা বাদাম গানটো নুশুনা মানুহ হয়তো খুব কম মানুহ ওলাব। ছ'চিয়েল মিডিয়াত ধুমুহা গতিত ভাইৰেল হৈ পৰিল গানটো।কাচা বাদাম গান গাই অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিবলৈ পশ্চিমবংগৰ বীৰভূমৰ বাদাম বিক্ৰেতা ভুৱন বাদ্যকৰে। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে তেওঁৰ গান। এৰাতিৰ ভিতৰতে ভুৱন বাদ্যকৰ জনপ্ৰিয় হৈ উঠিল। ভুৱন বাদ্যকৰে গোৱা গানটো আছিল ‘বাদাম বাদাম দাদা কাচা বাদাম, আমাৰ কাছে নাই গো বুবু ভাজা বাদাম।’ অসমীয়াত ইয়াৰ অৰ্থ হ'ব বাদাম বাদাম কেঁচা বাদাম, মোৰ তাত নাই ঐ ভন্টি ভজা বাদাম। গানটোৰ অপাৰ জনপ্ৰিয়তা দেখি ভুৱন বাদ্যকৰ কাষ চাপিল আৰক্ষীৰ।

দুবৰাজপুৰ থানাত উপস্থিত হৈ তেওঁ অভিযোগ দাখিল কৰি কৈছিল যে কাচা বাদাম গানটোৰ কপিৰাইট লাগে হেনো তেওঁক। ভুৱনৰ অভিযোগ যে তেওঁ ৰচা গানটো গায়েই বা বেলেগ বেলেগ মাধ্যমত ব্যৱহাৰ কৰি ইউটিবাৰসকলে লাখ লাখ টকা উপাৰ্জন কৰিছে কিন্তু তেওঁৰ তাৰ বিনিময়ত একো পোৱা নাই। গানটোৰ জৰিয়তে তেওঁ প্ৰাপ্য ধন পোৱা নাই। সেয়েহে তেওঁ ন্যায় বিচাৰি কাষ চাপে আৰক্ষীৰ। সেই খবৰে দুদিন পূৰ্বে সংবাদ শিৰোনাম দখল কৰিছিল।

পুনৰ চৰ্চাত আহিছে বাদাম বিক্ৰেতাগৰাকী। বাদামৰ বিক্ৰী বন্ধ হৈ পৰিল ভুৱনৰ। ইয়াৰ কাৰণ হ'ল ভুৱন নামি পৰিছে কলকাতাৰ পৌৰনিগমৰ নিৰ্বাচনী প্ৰচাৰত। তৃণমূল কংগ্ৰেছৰ নেতা মদন মিত্ৰই লগ পাই ভুৱনৰ গানত মুগ্ধ হৈ ২০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে। মদন মিত্ৰই ভুৱনৰ সৈতে একেলগে কাচা বাদামৰ গানত সুৰ মিলাই নিজেও গানটো গায়। তৃণমূলৰ বিধায়ক মদন মিত্ৰই পৌৰনিগমৰ ভোটগ্ৰহণৰ দিনা প্ৰতিটো ৱাৰ্ডৰ দলৰ কৰ্মীসকলৰ বাবে ১৪৪ কেজি ভজা বাদামৰ অৰ্ডাৰ দিয়ে।

আৰু পঢ়কঃ ছলমান-কেটৰিনাৰ কাৰণে ভাইৰেল হৈছে এইজন চাহ দোকানী! পিছে কাৰণটো কি?


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি