--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কাচা বাদাম গানটো নুশুনা মানুহ হয়তো খুব কম মানুহ ওলাব। ছ'চিয়েল মিডিয়াত ধুমুহা গতিত ভাইৰেল হৈ পৰিল গানটো।কাচা বাদাম গান গাই অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিবলৈ পশ্চিমবংগৰ বীৰভূমৰ বাদাম বিক্ৰেতা ভুৱন বাদ্যকৰে। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে তেওঁৰ গান। এৰাতিৰ ভিতৰতে ভুৱন বাদ্যকৰ জনপ্ৰিয় হৈ উঠিল। ভুৱন বাদ্যকৰে গোৱা গানটো আছিল ‘বাদাম বাদাম দাদা কাচা বাদাম, আমাৰ কাছে নাই গো বুবু ভাজা বাদাম।’ অসমীয়াত ইয়াৰ অৰ্থ হ'ব বাদাম বাদাম কেঁচা বাদাম, মোৰ তাত নাই ঐ ভন্টি ভজা বাদাম। গানটোৰ অপাৰ জনপ্ৰিয়তা দেখি ভুৱন বাদ্যকৰ কাষ চাপিল আৰক্ষীৰ।

দুবৰাজপুৰ থানাত উপস্থিত হৈ তেওঁ অভিযোগ দাখিল কৰি কৈছিল যে কাচা বাদাম গানটোৰ কপিৰাইট লাগে হেনো তেওঁক। ভুৱনৰ অভিযোগ যে তেওঁ ৰচা গানটো গায়েই বা বেলেগ বেলেগ মাধ্যমত ব্যৱহাৰ কৰি ইউটিবাৰসকলে লাখ লাখ টকা উপাৰ্জন কৰিছে কিন্তু তেওঁৰ তাৰ বিনিময়ত একো পোৱা নাই। গানটোৰ জৰিয়তে তেওঁ প্ৰাপ্য ধন পোৱা নাই। সেয়েহে তেওঁ ন্যায় বিচাৰি কাষ চাপে আৰক্ষীৰ। সেই খবৰে দুদিন পূৰ্বে সংবাদ শিৰোনাম দখল কৰিছিল।

পুনৰ চৰ্চাত আহিছে বাদাম বিক্ৰেতাগৰাকী। বাদামৰ বিক্ৰী বন্ধ হৈ পৰিল ভুৱনৰ। ইয়াৰ কাৰণ হ'ল ভুৱন নামি পৰিছে কলকাতাৰ পৌৰনিগমৰ নিৰ্বাচনী প্ৰচাৰত। তৃণমূল কংগ্ৰেছৰ নেতা মদন মিত্ৰই লগ পাই ভুৱনৰ গানত মুগ্ধ হৈ ২০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে। মদন মিত্ৰই ভুৱনৰ সৈতে একেলগে কাচা বাদামৰ গানত সুৰ মিলাই নিজেও গানটো গায়। তৃণমূলৰ বিধায়ক মদন মিত্ৰই পৌৰনিগমৰ ভোটগ্ৰহণৰ দিনা প্ৰতিটো ৱাৰ্ডৰ দলৰ কৰ্মীসকলৰ বাবে ১৪৪ কেজি ভজা বাদামৰ অৰ্ডাৰ দিয়ে।

আৰু পঢ়কঃ ছলমান-কেটৰিনাৰ কাৰণে ভাইৰেল হৈছে এইজন চাহ দোকানী! পিছে কাৰণটো কি?


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক