--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্ক : ২১বছৰ পাছত দেশলৈ আহিল এই বিৰল স্বীকৃতি। আন এগৰাকী ভাৰতীয় সুন্দৰীয়ে জয় কৰিবলৈ সক্ষম হ’ল ‘মিছ ইউনিভাৰ্ছ ২০২১’ৰ খিতাপ। ২০০০চনত ভাৰতৰ সুন্দৰী লাৰা দত্তই এই খিতাপ জয়ৰ পাছত ২১বছৰীয়া প্ৰতীক্ষাৰ অন্ত পেলাই ভাৰতীয় সুন্দৰী হৰনাজ সান্ধুৱে পুনৰ এই খিতাপ তুলি ল’লে শিৰত। এই খিতাপ জয়ৰ পাছতে ২১বছৰীয়া সান্ধুৰ এটা ভিডিঅ’ই এতিয়া তোলপাৰ লগাইছে ছ’চিয়েল মিডিয়াত। বিজয়ৰ আনন্দ প্ৰকাশেৰে ২১বছৰীয়া সুন্দৰীগৰাকীয়ে উল্লাসেৰে চিঞৰি উঠিছিল ‘চক দে ফট্টে ইণ্ডিয়া’।

তেওঁৰ এই প্ৰতিক্ৰিয়াই তেওঁৰ সাফল্যতকৈও এতিয়া অধিক চৰ্চা লাভ কৰা দেখা দেখা গৈছে। এই ভিডিঅ’টো মিছ ইউনিভাৰ্ছৰ অফিচিয়েল টুইটাৰ হেণ্ডলৰপৰা টুইট কৰাৰ পাছতে ই ভাইৰেল হৈ পৰিছে। হাজাৰ হাজাৰ লোকে এই ভিডিঅ’ চাই আহ্লাদিত হোৱাৰ লগতে হাজাৰ হাজাৰ লোকে ৰিটুইট কৰাও দেখিবলৈ পোৱা গৈছে।

ভি়ডিঅ’টোক দেখা গৈছে এই বিৰল বিজয়ৰ আনন্দত আত্মহাৰা হৈ তেওঁ চিঞৰি উঠিছে চক দে ফট্টে ইণ্ডিয়া… তাৰ লগে লগে শুনা গৈছে তেওঁৰ আশে-পাশে থকা সুন্দৰীসকলৰ হৰ্ষোল্লাস। চণ্ডীগড়ক জীয়ৰী হাৰনাজ সান্ধুৰ কৃতিত্বই মানুহক যিমান সুখী কৰিছে সিমানেই সকলোকে আহ্লাদিত কৰি তুলিছে আনন্দ উদযাপনৰ দেশীয় ধৰণে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক