--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্ক : ২১বছৰ পাছত দেশলৈ আহিল এই বিৰল স্বীকৃতি। আন এগৰাকী ভাৰতীয় সুন্দৰীয়ে জয় কৰিবলৈ সক্ষম হ’ল ‘মিছ ইউনিভাৰ্ছ ২০২১’ৰ খিতাপ। ২০০০চনত ভাৰতৰ সুন্দৰী লাৰা দত্তই এই খিতাপ জয়ৰ পাছত ২১বছৰীয়া প্ৰতীক্ষাৰ অন্ত পেলাই ভাৰতীয় সুন্দৰী হৰনাজ সান্ধুৱে পুনৰ এই খিতাপ তুলি ল’লে শিৰত। এই খিতাপ জয়ৰ পাছতে ২১বছৰীয়া সান্ধুৰ এটা ভিডিঅ’ই এতিয়া তোলপাৰ লগাইছে ছ’চিয়েল মিডিয়াত। বিজয়ৰ আনন্দ প্ৰকাশেৰে ২১বছৰীয়া সুন্দৰীগৰাকীয়ে উল্লাসেৰে চিঞৰি উঠিছিল ‘চক দে ফট্টে ইণ্ডিয়া’।

তেওঁৰ এই প্ৰতিক্ৰিয়াই তেওঁৰ সাফল্যতকৈও এতিয়া অধিক চৰ্চা লাভ কৰা দেখা দেখা গৈছে। এই ভিডিঅ’টো মিছ ইউনিভাৰ্ছৰ অফিচিয়েল টুইটাৰ হেণ্ডলৰপৰা টুইট কৰাৰ পাছতে ই ভাইৰেল হৈ পৰিছে। হাজাৰ হাজাৰ লোকে এই ভিডিঅ’ চাই আহ্লাদিত হোৱাৰ লগতে হাজাৰ হাজাৰ লোকে ৰিটুইট কৰাও দেখিবলৈ পোৱা গৈছে।

ভি়ডিঅ’টোক দেখা গৈছে এই বিৰল বিজয়ৰ আনন্দত আত্মহাৰা হৈ তেওঁ চিঞৰি উঠিছে চক দে ফট্টে ইণ্ডিয়া… তাৰ লগে লগে শুনা গৈছে তেওঁৰ আশে-পাশে থকা সুন্দৰীসকলৰ হৰ্ষোল্লাস। চণ্ডীগড়ক জীয়ৰী হাৰনাজ সান্ধুৰ কৃতিত্বই মানুহক যিমান সুখী কৰিছে সিমানেই সকলোকে আহ্লাদিত কৰি তুলিছে আনন্দ উদযাপনৰ দেশীয় ধৰণে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি