--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন প্ৰাণৱন্ত বয়সস্থ ব্যক্তি। এই ব্যক্তিজনে আপোনাক কঠোৰ পৰিশ্ৰম কৰিবলৈ অনুপ্ৰাণিত কৰিব। টুইটাৰত আৰায়ংশ নামৰ ইউজাৰ্চে এই কাহিনী শ্বেয়াৰ কৰিছে। এই কাহিনীটোত উদয়পুৰৰ এজন বৃদ্ধ চিংৰা বিক্ৰেতাৰ কথা কোৱা হৈছে।

পোষ্টটোত বৰ্ণনা কৰা হৈছে যে মানুহজনে ঘৰতে শুই বহি এলেহুৱা হৈ থকাৰ পৰিৱৰ্তে এই বয়সতো কেনেকৈ কঠোৰ পৰিশ্ৰম কৰি আছে।

আৰায়ংশে লিখিছে ‘‘কোৰ্ট চাৰ্কল উদয়পুৰৰ ওচৰত ট্ৰেফিক চিগনেলৰ কাষত গাড়ীখন ৰখাই দিওঁতে প্ৰচণ্ড বৰষুণ দি আছিলো, য’ত মই এজন বৃদ্ধ মানুহক গৰম চিংৰা আৰু প’হা বিক্ৰী কৰা দেখিছিলো।’ তেতিয়া মই তেওঁক সুধিছিলো, আপুনি এই বয়সতো কিয় কাম কৰি আছে.. কিয় ঘৰত জিৰণি নলয়।’’

এই প্ৰশ্ন শুনি তেওঁ কৈছিল “বেটা, মই এই বয়সত পইচাৰ কাৰণে কাম কৰি থকা নাই। মই নিজৰ অন্তৰখনক সুখী কৰি ৰাখিবৰ বাবে কাম কৰো। ঘৰত অকলে বহি থকাতকৈ ইয়াত বহি থকাটো মোৰ বাবে উত্তম। যেতিয়া দুই-চাৰিজনে মোৰ চিংৰাৰ সোৱাদ লৈ সুখী হৈ যোৱা দেখো, তেতিয়া মোৰ অন্তৰ সুখেৰে ভৰি পৰে।’’

এই কাহিনী টুইটাৰত দিয়াৰ লগে লগে ভাইৰেল হৈ পৰিছে। সকলোৱে এই বৃদ্ধ ব্যক্তিজনৰ পৰা কাম কৰাৰ অনুপ্ৰেৰণা লাভ কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস