--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেছনেল হেৰাল্ড গোচৰ সন্দৰ্ভত আজি পুনৰ ইডিৰ সন্মুখত হাজিৰ হ’ব কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধী। সমান্তৰালভাবে কংগ্ৰেছে আজি পুনৰ দেশ জুৰি প্ৰতিবাদ সাৱস্ত্য কৰাৰ সিদ্ধান্ত লৈছে।কংগ্ৰেছৰ সূত্ৰই প্ৰকাশ কৰা মতে কংগ্ৰেছৰ  অধ্যক্ষা ছোনিয়া গান্ধীক ইডিয়ে দ্বিতীয়বাৰৰ বাবে মাতি পঠিওৱাৰ  বিৰুদ্ধে আজি সমগ্ৰ দেশৰ ৰাজপথত পুনৰ এবাৰ কংগ্ৰেছে প্ৰতিবাদ কৰিব। 

জানিব পৰা মতে  কংগ্ৰেছে সমগ্ৰ দেশতে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ ওচৰত প্ৰতিবাদ কৰিব। দিল্লীত  কংগ্ৰেছৰ মুখ্য কাৰ্যালয়তো প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। তথ্য অনুসৰি, ছোনিয়া গান্ধীয়ে আজি  দিনৰ  প্ৰায় ১১.৩০ বজাত ইডিৰ সন্মুখত হাজিৰ হ'ব।কংগ্ৰেছৰ মতে, দিল্লী আৰক্ষীয়ে ৰাজঘাটত "সত্যাগ্ৰহ"ৰ অনুমতি দিয়া নাই। 

ছোনিয়া গান্ধীক প্ৰশ্ন কৰাৰ বিষয়টোত, কংগ্ৰেছৰ সাংসদসকলে মোডী চৰকাৰে ৰাজনৈতিক প্ৰতিহিংসাৰ অংশ বুলি কৈ আহিছে।  সোমবাৰে সন্ধিয়া কংগ্ৰেছ নেতাসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। দলৰ নেতাসকলেও আজি পুৱা সংসদত মিলিত হ'ব।

ছোনিয়া গান্ধীৰ বাসগৃহ ১০ জনপথৰ কাষত থকা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত বৃহৎ সংখ্যক দলীয় কৰ্মীক একত্ৰিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে। অৱশ্যে, সংসদৰ অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি, আৰক্ষীয়ে কংগ্ৰেছ কৰ্মীসকলক তেওঁলোকৰ কাৰ্যালয়ত একত্ৰিত হ'বলৈ আৰু প্ৰতিবাদ কৰিবলৈ অনুমতি দিয়া নাই। 

নেচনেল হেৰাল্ড গোচৰ সন্দৰ্ভত ২১ জুলাইত ইডিয়ে ছোনিয়া গান্ধীক প্ৰায় দুঘণ্টা ধৰি সোধা-পোছা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ