--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেছনেল হেৰাল্ড গোচৰ সন্দৰ্ভত আজি পুনৰ ইডিৰ সন্মুখত হাজিৰ হ’ব কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধী। সমান্তৰালভাবে কংগ্ৰেছে আজি পুনৰ দেশ জুৰি প্ৰতিবাদ সাৱস্ত্য কৰাৰ সিদ্ধান্ত লৈছে।কংগ্ৰেছৰ সূত্ৰই প্ৰকাশ কৰা মতে কংগ্ৰেছৰ  অধ্যক্ষা ছোনিয়া গান্ধীক ইডিয়ে দ্বিতীয়বাৰৰ বাবে মাতি পঠিওৱাৰ  বিৰুদ্ধে আজি সমগ্ৰ দেশৰ ৰাজপথত পুনৰ এবাৰ কংগ্ৰেছে প্ৰতিবাদ কৰিব। 

জানিব পৰা মতে  কংগ্ৰেছে সমগ্ৰ দেশতে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ ওচৰত প্ৰতিবাদ কৰিব। দিল্লীত  কংগ্ৰেছৰ মুখ্য কাৰ্যালয়তো প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। তথ্য অনুসৰি, ছোনিয়া গান্ধীয়ে আজি  দিনৰ  প্ৰায় ১১.৩০ বজাত ইডিৰ সন্মুখত হাজিৰ হ'ব।কংগ্ৰেছৰ মতে, দিল্লী আৰক্ষীয়ে ৰাজঘাটত "সত্যাগ্ৰহ"ৰ অনুমতি দিয়া নাই। 

ছোনিয়া গান্ধীক প্ৰশ্ন কৰাৰ বিষয়টোত, কংগ্ৰেছৰ সাংসদসকলে মোডী চৰকাৰে ৰাজনৈতিক প্ৰতিহিংসাৰ অংশ বুলি কৈ আহিছে।  সোমবাৰে সন্ধিয়া কংগ্ৰেছ নেতাসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। দলৰ নেতাসকলেও আজি পুৱা সংসদত মিলিত হ'ব।

ছোনিয়া গান্ধীৰ বাসগৃহ ১০ জনপথৰ কাষত থকা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত বৃহৎ সংখ্যক দলীয় কৰ্মীক একত্ৰিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে। অৱশ্যে, সংসদৰ অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি, আৰক্ষীয়ে কংগ্ৰেছ কৰ্মীসকলক তেওঁলোকৰ কাৰ্যালয়ত একত্ৰিত হ'বলৈ আৰু প্ৰতিবাদ কৰিবলৈ অনুমতি দিয়া নাই। 

নেচনেল হেৰাল্ড গোচৰ সন্দৰ্ভত ২১ জুলাইত ইডিয়ে ছোনিয়া গান্ধীক প্ৰায় দুঘণ্টা ধৰি সোধা-পোছা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু