--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰত দুগৰাকী  জনজাতীয় মহিলাক উলংগ কৰি পেৰেড কৰোৱাৰ  ঘটনাই সমগ্ৰ দেশকে লজ্জানত কৰিছে। ঘটনাটোৰ মূল অভিযুক্তৰ লগতে  আন তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইপিনে আজি একাংশ ক্ষুব্ধ লোকে নগ্ন পেৰেড কাণ্ডৰ  মূল অভিযুক্তজনৰ ঘৰ জ্বলাই দিয়ে। ইয়াৰ মাজতে  ভুক্তভোগী মহিলা এগৰাকীৰ স্বামীৰ ব্যক্তব্যও এতিয়া   ভাইৰেল হৈ পৰিছে। নগ্ন পেৰেডৰ সন্মুখীন হোৱা সেইগৰাকী দুৰ্ভগীয়া মহিলাৰ স্বামী ভাৰতীয় সেনাৰ এগৰাকী প্ৰাক্তন জোৱান। 

এই অৱসৰপ্ৰাপ্ত সৈনিকগৰাকীয়ে  সেই দিনটোক কোনোমতে প্ৰাণৰক্ষা পৰাসকলৰ ভিতৰৰে এজন।   ভয়ংকৰ ঘটনাটোৰ বৰ্ণনা দি কাৰ্গিল যুদ্ধৰ ভাৰতীয় সেনাৰ যোদ্ধা (নাম উহ্য ৰখা হৈছে) কয় "মই ঘটনাটোকলৈ ইমানেই দুখ পাইছো  যে মই ইয়াক বৰ্ণনা কৰিব নোৱাৰো। কাৰ্গিলত মই দেশবাসীক সুৰক্ষা দিছিলো, এতিয়া অৱসৰ লোৱাৰ পিছত মই মোৰ পত্নীক সুৰক্ষা দিব নোৱাৰিলোঁ। মই সপোনতো ভাবিব নোৱাৰো যে লোকসকলে  এগৰাকী মহিলাৰ কাপোৰ কেনেদৰে খুলিব পাৰিছিল। তেওঁ কয় যে এই ঘটনাটো যিকোনো বনৰীয়া জন্তুৰ আক্ৰমণতকৈ বেছি বিপজ্জনক আছিল’’।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মণিপুৰৰ ঘটনাটোত  মুঠ তিনিগৰাকী মহিলাৰ ভিতৰত দুগৰাকী  মহিলাক উলংগ কৰি পেৰেড কৰোৱা  হৈছিল। আৰক্ষীক দাখিল কৰা এজাহাৰখনত কোৱা হৈছে যে ৫০ বছৰ বয়সৰ তৃতীয় গৰাকী মহিলাকো কাপোৰ খুলিবলৈ বাধ্য কৰা হৈছিল, কিন্তু ভিডিঅ'টোত তেওঁক দেখা যোৱা  নাই। ভাৰতীয় সেনাৰ চুবেদাৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰা এগৰাকী মহিলাৰ  স্বামীয়ে কাৰ্গিলত যুঁজ দিছিল। চুৰাচান্দপুৰৰ এক সাহায্য শিবিৰত সংবাদমাধ্যমৰ সৈতে হোৱা বাৰ্তালাপ কৰি তেওঁ কয় যে এই দুৰ্যোগত তেওঁ নিজৰ মৰ্যাদাৰ লগতে নিজৰ ঘৰ আৰু তেওঁৰ সকলো উপাৰ্জন হেৰুৱাইছে। এতিয়া তেওঁলোকৰ একো বাকী নাই। 

তেওঁ কয় "দুগৰাকী মহিলাক মুকলি স্থানত হাজাৰ হাজাৰ পুৰুষৰ সন্মুখত বন্দুক দেখুৱাই কাপোৰ খুলিবলৈ বাধ্য কৰোৱা হৈছিল। যদি তেওঁলোকে তেনে নকৰে, তেওঁলোকক  হত্যা কৰিব বুলি কৈছিল!’’

উসংগ কৰা মহিলা এগৰাকীৰ ৬৫ বছৰীয়া স্বামীয়ে কয় যে তেওঁৰ পত্নী হতাশাত ভুগিছে। তেওঁ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ সংগ্ৰাম কৰি আছে। মই যুদ্ধ দেখিছোঁ, কাৰ্গিলত  যুঁজিছো।’’ অৱসৰপ্ৰাপ্ত সৈনিকজনে আৰু কয়  যে ৩ আৰু ৪ মে'ত হাজাৰ হাজাৰ লোকে অঞ্চলটোৰ নখন গাওঁত আক্ৰমণ কৰিছিল। তেওঁলোকে ঘৰ আৰু এটা গীৰ্জা জ্বলাই দিছিল আৰু ঘৰচীয়া  জন্তুবোৰো হত্যা কৰিছিল। "তেওঁলোকে ৪ মে'ত আমাৰ গাওঁলৈ (বি ফেনোম) আহিছিল আৰু  ঘৰ জ্বলাবলৈ আৰম্ভ কৰাৰ লগে লগে  গাওঁবাসীয়ে তেওঁলোকৰ জীৱন বচাবলৈ দৌৰিবলৈ আৰম্ভ কৰিছিল। মোৰ পত্নী মোৰ পৰা পৃথক হৈ পৰিছিল আৰু তেওঁ  আৰু আন চাৰিগৰাকী মহিলাৰ সৈতে  গছৰ আঁৰত লুকাই আছিল।  কিছুমান আক্ৰমণকাৰীয়েও অৰণ্যত প্ৰৱেশ কৰিছিল আৰু মোৰ পত্নীক আনসকলৰ সৈতে তাত লুকাই থকা দেখিছিল। তেওঁলোকক মুকলি স্থানলৈ অনা হৈছিল, তাত  এখন আৰক্ষীৰ বাহনো আছিল।   জনতাই দুজন আৰক্ষীক ধৰি নিছিল আৰু মোৰ পত্নী তথা  বাকী চাৰিগৰাকীকো  টানি নিছিল।মই   মোৰ পত্নী আৰু বাকী চাৰিগৰাকীক  দূৰলৈ লৈ যোৱা দেখিছিলো। তিনিগৰাকী মহিলাই তেওঁলোকৰ কাপোৰ খুলিবলৈ বাধ্য হৈছিল। কেঁচুৱা কোলাত লৈ থকা মহিলাগৰাকীক পিছত ভিৰৰ কিছুমান লোকে মুক্ত কৰি দিছিল । জনতাই এগৰাকী মহিলাক উৎপীড়ন কৰিবলৈ চেষ্টা কৰি আছিল আৰু তেওঁৰ  দেউতাক তথা  ভাতৃয়ে তেওঁক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু  তেওঁলোকক হত্যা কৰা হৈছিল।’’প্ৰাক্তন সেনা জোৱান জনৰ মতে এই আক্ৰমণ  দুইৰ পৰা তিনি ঘণ্টা ধৰি চলি আছিল । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement