--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীতকাল মানে চৰ্দি আৰু কাহে বহুতকে আ্মনি কৰা বতৰ। বিশেষকৈ ঋতু পৰিৱৰ্তনৰ সময়ত জ্বৰ হওক বা ভাইৰাছৰ সংক্ৰমণ হওক, তাৰ লগে লগে ধাৰাবাহিকভাৱে কিছুমান মানুহৰ কাহ হৈ থাকে। কেতিয়াবা ডিঙিটো খিচখিচাই থাকে। এনেকুৱা হ'লে অস্বস্তিৰ সৃষ্টি হয়। এই কাহটোৱে দৈনন্দিন কাম-কাজত বাধা দিয়ে। শীতকালীন কাহৰ এই অস্বস্তিৰ পৰা পৰিত্ৰাণ পাবলৈ চিকিৎসকে চিৰাপ দিয়ে। সেই চিৰাপ খোৱাৰ পিছতো বহুতৰে আকৌ টোপনি বেছি হয়। এই সমস্যাৰ পৰা হাত সাৰিবলৈ ঘৰুৱা উপায়ৰ ওপৰতো নিৰ্ভৰ কৰি চাব পাৰে। ঘৰুৱা উপায়ে সোনকালে উপশম দিয়ে।

জানো আহক আমি কি কি কৰিব লাগে 

১) দুচামুচ মৌ, আধা চামুচ নেমুৰ ৰস আৰু সামান্য পৰিমাণৰ আদাৰ ৰস এগিলাচ কুহুমীয়া পানীত মিহলাই দিনটোত কমেও দুইৰ পৰা তিনিবাৰকৈ খালে শুকান কাহৰ পৰা আৰাম পায়।

২) আদা খালে কাহৰ পৰা উপশম পাব। এটুকুৰা আদা নিমখ মিহলাই কিছু সময় খালে কাহ কমিব পাৰে।

৩) দিনটোত দুবাৰমান মৌ খাব পাৰে, ই কাহক নিয়ন্ত্ৰণ কৰিব।

৪) ঋতু পৰিৱৰ্তনৰ সময়ত চৰ্দি, কাহ আৰু ডিঙিৰ বিষ আৰু হুপিং কাহৰ পৰা উপশম পাবলৈ মুখত ইলাচি ৰাখিব পাৰে। লাভৱান হ’ব।

৫) কাহ হৈ ডিঙিৰ বিষ হ'লে অলপ হালধি গৰম গাখীৰৰ লগত মিহলাই খাব পাৰে। কাহ নিমিষতে নাইকিয়া হৈ যাব।

৬) কাহ হ'লে তুলসীৰ পাত চোবাই খাব লাগে। চাহৰ লগত তুলসী পাত মিহলাইও খাব পাৰে। তুলসী পাত খালে কাহ অতি সোনকালে আৰোগ্য হয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক