--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীতকাল মানে চৰ্দি আৰু কাহে বহুতকে আ্মনি কৰা বতৰ। বিশেষকৈ ঋতু পৰিৱৰ্তনৰ সময়ত জ্বৰ হওক বা ভাইৰাছৰ সংক্ৰমণ হওক, তাৰ লগে লগে ধাৰাবাহিকভাৱে কিছুমান মানুহৰ কাহ হৈ থাকে। কেতিয়াবা ডিঙিটো খিচখিচাই থাকে। এনেকুৱা হ'লে অস্বস্তিৰ সৃষ্টি হয়। এই কাহটোৱে দৈনন্দিন কাম-কাজত বাধা দিয়ে। শীতকালীন কাহৰ এই অস্বস্তিৰ পৰা পৰিত্ৰাণ পাবলৈ চিকিৎসকে চিৰাপ দিয়ে। সেই চিৰাপ খোৱাৰ পিছতো বহুতৰে আকৌ টোপনি বেছি হয়। এই সমস্যাৰ পৰা হাত সাৰিবলৈ ঘৰুৱা উপায়ৰ ওপৰতো নিৰ্ভৰ কৰি চাব পাৰে। ঘৰুৱা উপায়ে সোনকালে উপশম দিয়ে।

জানো আহক আমি কি কি কৰিব লাগে 

১) দুচামুচ মৌ, আধা চামুচ নেমুৰ ৰস আৰু সামান্য পৰিমাণৰ আদাৰ ৰস এগিলাচ কুহুমীয়া পানীত মিহলাই দিনটোত কমেও দুইৰ পৰা তিনিবাৰকৈ খালে শুকান কাহৰ পৰা আৰাম পায়।

২) আদা খালে কাহৰ পৰা উপশম পাব। এটুকুৰা আদা নিমখ মিহলাই কিছু সময় খালে কাহ কমিব পাৰে।

৩) দিনটোত দুবাৰমান মৌ খাব পাৰে, ই কাহক নিয়ন্ত্ৰণ কৰিব।

৪) ঋতু পৰিৱৰ্তনৰ সময়ত চৰ্দি, কাহ আৰু ডিঙিৰ বিষ আৰু হুপিং কাহৰ পৰা উপশম পাবলৈ মুখত ইলাচি ৰাখিব পাৰে। লাভৱান হ’ব।

৫) কাহ হৈ ডিঙিৰ বিষ হ'লে অলপ হালধি গৰম গাখীৰৰ লগত মিহলাই খাব পাৰে। কাহ নিমিষতে নাইকিয়া হৈ যাব।

৬) কাহ হ'লে তুলসীৰ পাত চোবাই খাব লাগে। চাহৰ লগত তুলসী পাত মিহলাইও খাব পাৰে। তুলসী পাত খালে কাহ অতি সোনকালে আৰোগ্য হয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু