--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নিশা সঘনাই প্ৰস্ৰাৱ লগাৰ ফলত পৰ্যাপ্ত পৰিমাণৰ টোপনিৰ অভাৱ হোৱা দেখা যায়। যাৰ ফলত দিনটো ভাগৰুৱা অনুভৱ হয়। চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক ‘নক্টুৰিয়া’ বুলি কোৱা হয়। অৰ্থাৎ সঘনাই প্ৰস্ৰাৱ কৰাৰ বাবে নিশা টোপনি কম হয়। বহু পুৰুষে ৪০ বছৰ বয়সত এই সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। ৫০ বছৰ বয়সৰ পাছত সমস্যাটো দুগুণে বৃদ্ধি পায়। এই সমস্যা বিভিন্ন কাৰণত হ’ব পাৰে।

 ইয়াৰ প্ৰকৃত কাৰণ কি?

নিশাৰ যিকোনো কাৰণতে নক্টুৰিয়াৰ দৰে সমস্যাৰ সৃষ্টি হয়। ‘অবষ্ট্ৰাক্টিভ স্লিপ এপনিয়া’ৰ উপস্থিতিতো এই সমস্যা হ’ব পাৰে। ইয়াৰ বাহিৰেও ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ সমস্যা থাকিলেও প্ৰস্ৰাৱৰ পৰিমাণ বৃদ্ধি পায়। এন্টি চাইকিয়াট্ৰিক ড্ৰাগছ বা কিডনী ড্ৰাগছৰ ফলতো প্ৰস্ৰাৱৰ পৰিমাণ বাঢ়ি যায়। ইয়াৰ উপৰি হৃদৰোগ, বৃক্কত পাথৰ আৰু প্ৰষ্টেট সমস্যাৰ ফলতো এনে হ’ব পাৰে। কেৱল পুৰুষেই নহয় বহু মহিলাই গৰ্ভাৱস্থাত আৰু ৰজোনিবৃত্তিৰ পাছতো নক্টুৰিয়া ৰোগত আক্ৰান্ত হয়। কেণ্ডিডিয়াছিছ, মূত্ৰাশয়ৰ সংক্ৰমণ আদি কাৰণতো এই ৰোগে শৰীৰত বাহ লয়।

 নিৰাময়ৰ উপায়?

এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ জীৱনশৈলীৰ কিছু পৰিৱৰ্তন কৰিবলগীয়া হয়। নিশা শুবলৈ যোৱাৰ দুঘণ্টা আগৰ পৰাই পানী খাব নালাগে। যথাসম্ভৱ মদ্যপান পৰিহাৰ কৰি চলিব লাগে। যদি আপুনি বৃক্ক সমস্যাৰ বাবে ঔষধ গ্ৰহণ কৰি আছে, তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু