--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নিশা সঘনাই প্ৰস্ৰাৱ লগাৰ ফলত পৰ্যাপ্ত পৰিমাণৰ টোপনিৰ অভাৱ হোৱা দেখা যায়। যাৰ ফলত দিনটো ভাগৰুৱা অনুভৱ হয়। চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক ‘নক্টুৰিয়া’ বুলি কোৱা হয়। অৰ্থাৎ সঘনাই প্ৰস্ৰাৱ কৰাৰ বাবে নিশা টোপনি কম হয়। বহু পুৰুষে ৪০ বছৰ বয়সত এই সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। ৫০ বছৰ বয়সৰ পাছত সমস্যাটো দুগুণে বৃদ্ধি পায়। এই সমস্যা বিভিন্ন কাৰণত হ’ব পাৰে।

 ইয়াৰ প্ৰকৃত কাৰণ কি?

নিশাৰ যিকোনো কাৰণতে নক্টুৰিয়াৰ দৰে সমস্যাৰ সৃষ্টি হয়। ‘অবষ্ট্ৰাক্টিভ স্লিপ এপনিয়া’ৰ উপস্থিতিতো এই সমস্যা হ’ব পাৰে। ইয়াৰ বাহিৰেও ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ সমস্যা থাকিলেও প্ৰস্ৰাৱৰ পৰিমাণ বৃদ্ধি পায়। এন্টি চাইকিয়াট্ৰিক ড্ৰাগছ বা কিডনী ড্ৰাগছৰ ফলতো প্ৰস্ৰাৱৰ পৰিমাণ বাঢ়ি যায়। ইয়াৰ উপৰি হৃদৰোগ, বৃক্কত পাথৰ আৰু প্ৰষ্টেট সমস্যাৰ ফলতো এনে হ’ব পাৰে। কেৱল পুৰুষেই নহয় বহু মহিলাই গৰ্ভাৱস্থাত আৰু ৰজোনিবৃত্তিৰ পাছতো নক্টুৰিয়া ৰোগত আক্ৰান্ত হয়। কেণ্ডিডিয়াছিছ, মূত্ৰাশয়ৰ সংক্ৰমণ আদি কাৰণতো এই ৰোগে শৰীৰত বাহ লয়।

 নিৰাময়ৰ উপায়?

এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ জীৱনশৈলীৰ কিছু পৰিৱৰ্তন কৰিবলগীয়া হয়। নিশা শুবলৈ যোৱাৰ দুঘণ্টা আগৰ পৰাই পানী খাব নালাগে। যথাসম্ভৱ মদ্যপান পৰিহাৰ কৰি চলিব লাগে। যদি আপুনি বৃক্ক সমস্যাৰ বাবে ঔষধ গ্ৰহণ কৰি আছে, তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক