--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৰ্বোচ্চ ন্যায়ালয়ৰ মজিয়াত প্ৰত্যাহ্বানৰ সমুখীন চন্দ্ৰবাবু নাইডু৷অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ বিৰুদ্ধে ৰাজ্যৰ অপৰাধ তদন্ত বিভাগে স্কিলত সংঘটিত কেলেংকাৰীৰ অভিযোগত দাখিল কৰা এফ আই আৰ বাতিল কৰিব বিচৰা আবেদনখন সোমবাৰে গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ে অস্বীকাৰ কৰে৷

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে মঙলবাৰে সন্ধিয়া নাইডুৰ অধিবক্তাসকলক এই গোচৰৰ কথা উল্লেখ কৰিবলৈ নিৰ্দেশ দিয়ে।ইয়াৰ পূৰ্বে শনিবাৰে এন চন্দ্ৰবাবু নাইডুৱে স্কিল ডেভেলপমেণ্ট কৰ্প’ৰেশ্যনত সংঘটিত হোৱা কথিত কেলেংকাৰীৰ সৈতে জড়িত এফআইআৰ বাতিল কৰাৰ বাবে কৰা আবেদন খাৰিজ কৰি অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰে।উচ্চ ন্যায়ালয়ে তেওঁৰ ন্যায়িক জিম্মা ৮ অক্টোবৰলৈকে বৃদ্ধি কৰে।

এন চন্দ্ৰবাবু নাইডুক ২০১৫ চনত মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত দক্ষতা বিকাশ নিগমৰ ধন অপব্যৱহাৰ কৰাৰ অভিযোগত যোৱা ৯ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল, যাৰ ফলত ৰাজ্যৰ ৰাজকোষত ৩০০ কোটিতকৈ অধিক টকাৰ কথিত লোকচান হৈছিল।গ্ৰেপ্তাৰৰ পাছত নাইডুক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। আৰক্ষীৰ জিম্মা প্ৰদান কৰাৰ পূৰ্বে দুৰ্নীতি নিবাৰক ব্যুৰোৰ আদালতে তেওঁৰ ন্যায়িক জিম্মা ২৪ ছেপ্টেম্বৰলৈকে দুদিনৰ বাবে বৃদ্ধি কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ