--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৰ্বোচ্চ ন্যায়ালয়ৰ মজিয়াত প্ৰত্যাহ্বানৰ সমুখীন চন্দ্ৰবাবু নাইডু৷অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ বিৰুদ্ধে ৰাজ্যৰ অপৰাধ তদন্ত বিভাগে স্কিলত সংঘটিত কেলেংকাৰীৰ অভিযোগত দাখিল কৰা এফ আই আৰ বাতিল কৰিব বিচৰা আবেদনখন সোমবাৰে গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ে অস্বীকাৰ কৰে৷

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে মঙলবাৰে সন্ধিয়া নাইডুৰ অধিবক্তাসকলক এই গোচৰৰ কথা উল্লেখ কৰিবলৈ নিৰ্দেশ দিয়ে।ইয়াৰ পূৰ্বে শনিবাৰে এন চন্দ্ৰবাবু নাইডুৱে স্কিল ডেভেলপমেণ্ট কৰ্প’ৰেশ্যনত সংঘটিত হোৱা কথিত কেলেংকাৰীৰ সৈতে জড়িত এফআইআৰ বাতিল কৰাৰ বাবে কৰা আবেদন খাৰিজ কৰি অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰে।উচ্চ ন্যায়ালয়ে তেওঁৰ ন্যায়িক জিম্মা ৮ অক্টোবৰলৈকে বৃদ্ধি কৰে।

এন চন্দ্ৰবাবু নাইডুক ২০১৫ চনত মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত দক্ষতা বিকাশ নিগমৰ ধন অপব্যৱহাৰ কৰাৰ অভিযোগত যোৱা ৯ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল, যাৰ ফলত ৰাজ্যৰ ৰাজকোষত ৩০০ কোটিতকৈ অধিক টকাৰ কথিত লোকচান হৈছিল।গ্ৰেপ্তাৰৰ পাছত নাইডুক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। আৰক্ষীৰ জিম্মা প্ৰদান কৰাৰ পূৰ্বে দুৰ্নীতি নিবাৰক ব্যুৰোৰ আদালতে তেওঁৰ ন্যায়িক জিম্মা ২৪ ছেপ্টেম্বৰলৈকে দুদিনৰ বাবে বৃদ্ধি কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু