--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাতৃদুগ্ধ বিক্ৰী কৰিছিল এখন দোকানে। সেই দোকানখন ছীল কৰি দিয়ে খাদ্য সুৰক্ষা বিভাগৰ বিষয়াসকলে। প্ৰটিন পাউদাৰ বিক্ৰীৰ অনুজ্ঞাপত্ৰ থকা দোকানৰ মালিকে অবৈধভাৱে মানুহৰ গাখীৰও বিক্ৰী কৰিছিল। ইয়াত ৫০ মিলিলিটাৰৰ গাখীৰৰ বটল এটা ৫০০ টকাত বিক্ৰী হৈ আছিল।

শুকুৰবাৰে চেন্নাইৰ মাধৱৰামত মাতৃ গাখীৰ বা মানুহৰ গাখীৰ বিক্ৰী কৰা বুলি অভিযোগ উত্থাপন কৰা দোকানখন ছীল কৰি দিয়ে খাদ্য সুৰক্ষা বিভাগৰ বিষয়াসকলে। 

ইয়াত ৫০ মিলিলিটাৰৰ গাখীৰৰ বটল এটা ৫০০ টকাত বিক্ৰী হৈ আছিল। যোৱা সপ্তাহত কেন্দ্ৰীয় অনুজ্ঞাপত্ৰ কৰ্তৃপক্ষই মাধৱৰামত মাতৃৰ গাখীৰ বিক্ৰীৰ বাবে মজুত কৰি ৰখাৰ অভিযোগ লাভ কৰিছিল। এই তথ্যৰ পিছতে শুকুৰবাৰে চলোৱা অভিযানত দোকানখনৰ পৰা মাতৃৰ গাখীৰ থকা প্ৰায় ৫০টা বটল জব্দ কৰা হয়।

বিষয়াজনে কয়, ‘আমি বটলত ৰখা মানুহৰ গাখীৰ পাইছিলোঁ। পৰীক্ষাৰ বাবে পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে নমুনা। জিলা খাদ্য সুৰক্ষা বিষয়াই কয়, আমি দোকানখন ছীল কৰি দিছো। উলংঘাৰ বাবে ব্যৱস্থা আৰম্ভ কৰা হ’ব। মানুহৰ গাখীৰ বিক্ৰী কৰিব নোৱাৰিব।


ইয়াৰ পূৰ্বে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড প্ৰাধিকৰণে ২৪ মে’ত ‘মানৱ গাখীৰ আৰু ইয়াৰ উৎপাদিত সামগ্ৰীৰ অকৰ্তৃত্বশীল বাণিজ্যিকীকৰণ’ সন্দৰ্ভত পৰামৰ্শ জাৰি কৰি মাতৃৰ গাখীৰ বিক্ৰী কৰিব নোৱাৰিব বুলি উল্লেখ কৰিছিল।


নিয়ম উলংঘা কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি খাদ্য ব্যৱসায়ীসকলক সকীয়াই দিছিল নিয়ন্ত্ৰকগৰাকীয়ে। এফ এছ এছ এ আইয়ে অনুজ্ঞাপত্ৰ প্ৰদানকাৰী কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে যে মাতৃদুগ্ধ প্ৰক্ৰিয়াকৰণ আৰু বিক্ৰীৰ বাবে অনুমোদন দিয়া নহয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু