--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাতৃদুগ্ধ বিক্ৰী কৰিছিল এখন দোকানে। সেই দোকানখন ছীল কৰি দিয়ে খাদ্য সুৰক্ষা বিভাগৰ বিষয়াসকলে। প্ৰটিন পাউদাৰ বিক্ৰীৰ অনুজ্ঞাপত্ৰ থকা দোকানৰ মালিকে অবৈধভাৱে মানুহৰ গাখীৰও বিক্ৰী কৰিছিল। ইয়াত ৫০ মিলিলিটাৰৰ গাখীৰৰ বটল এটা ৫০০ টকাত বিক্ৰী হৈ আছিল।

শুকুৰবাৰে চেন্নাইৰ মাধৱৰামত মাতৃ গাখীৰ বা মানুহৰ গাখীৰ বিক্ৰী কৰা বুলি অভিযোগ উত্থাপন কৰা দোকানখন ছীল কৰি দিয়ে খাদ্য সুৰক্ষা বিভাগৰ বিষয়াসকলে। 

ইয়াত ৫০ মিলিলিটাৰৰ গাখীৰৰ বটল এটা ৫০০ টকাত বিক্ৰী হৈ আছিল। যোৱা সপ্তাহত কেন্দ্ৰীয় অনুজ্ঞাপত্ৰ কৰ্তৃপক্ষই মাধৱৰামত মাতৃৰ গাখীৰ বিক্ৰীৰ বাবে মজুত কৰি ৰখাৰ অভিযোগ লাভ কৰিছিল। এই তথ্যৰ পিছতে শুকুৰবাৰে চলোৱা অভিযানত দোকানখনৰ পৰা মাতৃৰ গাখীৰ থকা প্ৰায় ৫০টা বটল জব্দ কৰা হয়।

বিষয়াজনে কয়, ‘আমি বটলত ৰখা মানুহৰ গাখীৰ পাইছিলোঁ। পৰীক্ষাৰ বাবে পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে নমুনা। জিলা খাদ্য সুৰক্ষা বিষয়াই কয়, আমি দোকানখন ছীল কৰি দিছো। উলংঘাৰ বাবে ব্যৱস্থা আৰম্ভ কৰা হ’ব। মানুহৰ গাখীৰ বিক্ৰী কৰিব নোৱাৰিব।


ইয়াৰ পূৰ্বে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড প্ৰাধিকৰণে ২৪ মে’ত ‘মানৱ গাখীৰ আৰু ইয়াৰ উৎপাদিত সামগ্ৰীৰ অকৰ্তৃত্বশীল বাণিজ্যিকীকৰণ’ সন্দৰ্ভত পৰামৰ্শ জাৰি কৰি মাতৃৰ গাখীৰ বিক্ৰী কৰিব নোৱাৰিব বুলি উল্লেখ কৰিছিল।


নিয়ম উলংঘা কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি খাদ্য ব্যৱসায়ীসকলক সকীয়াই দিছিল নিয়ন্ত্ৰকগৰাকীয়ে। এফ এছ এছ এ আইয়ে অনুজ্ঞাপত্ৰ প্ৰদানকাৰী কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে যে মাতৃদুগ্ধ প্ৰক্ৰিয়াকৰণ আৰু বিক্ৰীৰ বাবে অনুমোদন দিয়া নহয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ