--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এটা কথাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আন নেতাৰ পৰা পৃথক কৰি তুলিছে। সেইটোৱেই তেওঁৰ সতৰ্ক দৃষ্টি। প্ৰতিটো সৰু সৰু কথাত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ চেষ্টা কৰে মোদীয়ে। বৰ্তমান মোদীৰ  ডায়েৰী এখনৰ বিশেষভাৱে চৰ্চাত আছে। ডায়েৰীখন তেতিয়া লিখা হৈছিল যেতিয়া তেওঁ প্ৰধানমন্ত্ৰী নাছিল, মুখ্যমন্ত্ৰীও নাছিল। তেতিয়া তেওঁ আছিল এজন সাধাৰণ বিজেপি কৰ্মী। ডায়েৰীখনত তেওঁ ভাৰতৰ গৌৰৱময় দৰ্শন, পৰম্পৰা, বিশ্ব ভাতৃত্ববোধ আৰু বিশ্ব কল্যাণৰ মনোভাৱ বৰ্ণনা কৰি সংস্কৃত  বাক্য লিখিছে। বিশেষ কথাটো হ’ল আজিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ভাষণত ডায়েৰীত লিখা কথাবোৰ পুনৰাবৃত্তি কৰে। কি লিখা আছে ডায়েৰীখনত জানক - 


ডায়েৰীত লিখা আছে – 

 আমাৰ স্বভাৱ হৈছে – বৈচিত্ৰ্যত ঐক্য।

কৰ্ম সংস্কৃতি - কৰ্ম সংস্কৃতি হৈছে ত্যাগ পুৰস্কাৰদায়ক, ফলপ্ৰসূ

কৰ্মশৈলী - কৰ্মশৈলী হ'ল ঈশ্বৰে আমাক সকলোকে ৰক্ষা কৰক। আমাক সকলোকে একেলগে লালন পালন কৰক।

জাতীয় আকাংক্ষা -  জাতি সেৱাৰ বাবে মই মোৰ জীৱন উৎসৰ্গা কৰিছো, সেয়া মোৰ নহয়।

বিশ্ব দৃষ্টি- সমগ্ৰ পৃথিৱী আমাৰ পৰিয়াল।

পৰম্পৰা- পৰম্পৰা হ'ল আগবাঢ়ি যোৱা, নতুন চিন্তাৰ বাবে সাজু হোৱা আৰু আগুৱাই যোৱা। 

সপোন - সপোন হ'ল সমগ্ৰ পৃথিৱীখন সুখী হৈ থাকক।

মৰ্যাদা - মোৰ কোনো ৰাজ্যৰ ৰজা হোৱাৰ বাসনা নাই আৰু স্বৰ্গৰ বাসনাও নাই। নতুবা পুনৰ্জন্মৰ কোনো আকাংক্ষাও নাই।

শক্তি  - বন্দে মাতৰম (অৰ্থাৎ মাতৃভূমিৰ প্ৰণাম) 

প্ৰাণশক্তি - এশ কোটি দেশবাসী আৰু হাজাৰ হাজাৰ বছৰৰ ঐতিহ্য

আচলতে ডায়েৰীখনৰ এই পুৰণি মোদীৰ ডায়েৰীৰ পৃষ্ঠা যোৱা মাহত ‘মোদী আৰ্কাইভ’ নামৰ এটা ভেৰিফাইড টুইটাৰ হেণ্ডলে শ্বেয়াৰ কৰিছিল। এই হেণ্ডেলৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুৰণি ফটো, চিঠি, পুৰণি ভিডিঅ’ আৰু অডিঅ’ ৰেকৰ্ডিঙৰ লগতে তেওঁৰ সৈতে জড়িত বাতৰি কাকতৰ পুৰণি ক্লিপিং শ্বেয়াৰ কৰা হয়। এই হেণ্ডেলৰ সৈতে শ্বেয়াৰ কৰা ডায়েৰীৰ পুৰণি পেজটো, সঠিক তাৰিখটো কোৱা হোৱা নাই।

ডায়েৰীখনত নৰেন্দ্ৰ মোদীয়ে এঠাইত ভাৰতৰ ১০০ কোটি জনসংখ্যাৰ কথা উল্লেখ কৰিছে। ইয়াৰ পৰা বুজা যায় যে তেওঁ এইবোৰ কথা নব্বৈৰ দশকৰ শেষৰ ফালে বা ২০০০ চনৰ আৰম্ভণিতে লিখিছিল। ইয়াৰ কাৰণ হ’ল ২০০১ চনৰ লোকপিয়লত প্ৰথমবাৰৰ বাবে ভাৰতৰ জনসংখ্যা ১০০ কোটি অতিক্ৰম কৰিছিল। কিন্তু সেই লোকপিয়ল প্রকাশৰ পূর্বেও অনুমান কৰা হৈছিল যে দেশৰ জনসংখ্যা ১০০ কোটিৰ ওচৰ পালেহি৷ ২০০১ চনৰ অক্টোবৰ মাহত নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈছিল। অৰ্থাৎ ডায়েৰীখনৰ এই প্ৰৱেশ নব্বৈৰ দশকৰ পৰা ২০০১ চনৰ অক্টোবৰলৈকে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
নাগপুৰত ৰাষ্ট্ৰীয় হেণ্ডবল একাডেমী স্থাপনক সমৰ্থন জনালে নীতিন গাডকাৰীয়ে
অচিৰেই হ'ব পাৰে তৃতীয় বিশ্ব যুদ্ধ!
তিনিচুকীয়াৰ পৰা অমৃতসৰ অভিমুখী ৰে'লৰ ডবাত জুই
টেক্সাছৰ বান : মৃতকৰ সংখ্যা ৮২ লৈ বৃদ্ধি
এমাহৰ ভিতৰতে তিনিটাকৈ চুৰিকাণ্ড কংগ্ৰেছী বিধায়কৰ ঘৰত
আমেৰিকা-বিৰোধী নীতিক সমৰ্থন কৰিলে অতিৰিক্ত ১০% শুল্ক আৰোপ কৰিব ট্রাম্পে
হাতীশিলাত চাঞ্চল্যকৰ ঘটনা! কোনো দুৰ্বৃত্তই ৰে'লৰ পৰা পেলাই থৈ যায় মাতৃসহ দুই শিশুক
হিজাব, বোর্খা নিষিদ্ধ হ'ব কাজাখস্তানত
চিলাপথাৰত লাভ জেহাদৰ ঘটনা ; ধৰ্ষণ কৰি পেলাই থৈ গ'ল নাবালিকাক
শ্বাসৰুদ্ধ হোৱা পীড়িতাক ইনহেলাৰ দি কৰিছিল বলাৎকাৰ
হাই প্ৰেছাৰতকৈ ল ’ প্ৰেছাৰ বেছি বিপজ্জনক
আই লাভ ইউ বুলি কোৱাটো অপৰাধ নেকি ? বোম্বে উচ্চ ন্যায়ালয়ৰ দিলে ঐতিহাসিক ৰায়
ৰাজ্যজুৰি গো মাংসৰ বজাৰ উৎখাত
আৰ চি বিক জগৰীয়া কৰিলে কেন্দ্রীয় প্রশাসনিক ন্যায়াধিকৰণে