--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিজৰেই আবন্টিত প্ৰকল্পৰ পৰা বহিষ্কৃত হ’ল পশ্চিম বংগৰ মমতা বেনাৰ্জী৷ কালিলৈ শুভ-উদ্বোধন কৰা হ’ব পশ্চিমবংগৰ শিলদহ মেট্ৰ’ ষ্টেচন। কিন্তু, মেট্ৰ’ ষ্টেচনৰ উদ্বোধনৰ পূৰ্বেই সৃষ্টি হ’ল বিতৰ্কৰ৷ উদ্বোধনী অনুষ্ঠানলৈ নিমন্ত্ৰণ লাভ নকৰিলে পশ্চিমবংগৰ মুখমন্ত্ৰী মমতা বেনাৰ্জীয়ে৷ তাৎপৰ্যপূৰ্ণ কথা এয়ে যে  উক্ত মেট্ৰ’ ষ্টেচন প্ৰকল্পটোয়ে মমতা বেনাৰ্জী ৰেলমন্ত্ৰী হৈ থকা কালতে আবন্টন লাভ কৰিছিল৷

কেন্দ্ৰীয় চৰকাৰৰ এই কাৰ্যক কটাক্ষ কৰি এইয়া অসন্মান প্ৰদৰ্শন বুলি মন্তব্য কৰে তৃণমূল কংগ্ৰেছে৷ আনফালে তৃণমূল কংগ্ৰেছক প্ৰত্যাক্ৰমণ কৰে বিজেপিৰ লোকসভাৰ সদস্য দিলীপ ঘোষে৷ মমতা বেনাৰ্জীক  সন্দৰ্ভত স্পষ্ট ৰূপত তেওঁ মন্তব্য কৰে যে উক্ত প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজনীয় পুঁজি প্ৰদান কৰিছে৷ গতিকে তেওঁলোকেই ইয়াৰ উদ্বোধন কৰিব৷ মমতা বেনাৰ্জীয়ে কেন্দ্ৰৰ ধনখিনি বিচাৰে।

ইয়াৰোপৰি প্ৰশাসনীয় সভাক দলীয় সভালৈ পৰিৱৰ্তিত কৰা হৈছে বুলিও তেওঁ মন্তব্য কৰে৷ লগতে তেনে সভালৈ সকলো জনপ্ৰতিনিধিক কিয় নিমন্ত্ৰণ কৰা নহয় বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ