--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেট্ৰ’লজাত ইন্ধনৰ মূল্যবৃদ্ধিৰ সময়তে এক স্পৰ্শকাতৰ মন্তব্য কৰিছে কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীয়ে। নীতিন গাডকাৰীয়ে  অতি আত্মবিশ্বাসেৰে কয় যে, ভাৰতীয় গাড়ীক ৫ বছৰৰ পাছত আৰু প্রয়োজন নহ’ব পেট্র’লৰ৷ তেওঁ কয়, ‘সেউজ ইন্ধনৰ যুগ আহি আছে। গাড়ী আৰু স্কুটাৰত প্ৰয়োজন হ’ব গ্ৰীণ হাইড্ৰ’জেন, ইথানল ফ্লেক্স ইন্ধন, চি এন জি, এল এন জি।’

অলপতে নীতিন গাডকাৰীয়ে পঞ্জাবৰাও দেশমুখ কৃষি বিদ্যাপীঠৰ পৰা ডিগ্ৰী লাভ কৰিছে। তাতেই অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত এই বিষয়ে মন্তব্য কৰে গড়কাপ্তানি আৰু পৰিবহণ মন্ত্ৰীগৰাকীয়ে।

নীতিন গাডকাৰীয়ে কৃষি গৱেষক আৰু বিশেষজ্ঞসকলক এক বিশেষ অনুৰোধ জনায় যে, তেওঁলোকে আগন্তুক ৫ বছৰত কৃষিজাত সামগ্ৰীৰ বৃদ্ধিৰ বিষয়ে অধিক চিন্তা কৰিব লাগে। এই নতুন যুৃগৰ গৱেষণা-জ্ঞান কৃষকসকলক প্ৰদান কৰিব লাগে বুলিও অৱগত কৰে তেওঁ। এই প্ৰসংগত গড়কাপ্তানি আৰু পৰিবহণ মন্ত্ৰীগৰাকীয়ে মহাৰাষ্ট্ৰৰ কৃষকসকলৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। তেওঁ  মহাৰাষ্ট্ৰৰ কৃষকসকলক ‘প্ৰতিভাৱান’ বুলি অভিহিত কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ