--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন হৈছে বহাগৰ ১ তাৰিখ৷ এই বিহুত জ্যেষ্ঠজনক সেৱা আৰু কনিষ্টজনলৈ মৰম জনোৱা হয়৷ অতিথি প্ৰৰায়ণ অসমীয়াই এই বিশেষ দিনটোত ঘৰতে বনোৱা পিঠা-পনাৰে অতিথিক আপ্যায়ণ কৰে৷ কাইলৈ নৱবৰ্ষৰ প্ৰথমটো দিন৷ কি গাওঁ কি চহৰ সকলো মুখৰিত এতিয়া ঢোলৰ শব্দত৷ মুগা মেখেলা -ছাদৰ পিন্ধি বিহু মাৰিবলৈ ওলাই যায় নাচনি৷ কান্ধত ঢোল আৰু পেঁপালৈ ওলায় যায় ঢুলীয়াও৷ পিছে এই বিশেষ দিনটোত লক্ষীক আদৰিবলৈ হ'লে গৃহিনী সকলে মানিব লাগিব বিশেষ নিয়ম-

মানুহ বিহু বা সাতবিহুৰ যি কোনো এদিনত এশ এবিধ শাক খোৱাৰ নিয়ম আছে। কিছুমানে ইয়াক সাত শাকেতী বা সাথেক তোলা বা সাত শাক তোলা বিহু বোলে। এশ এবিধ শাকৰ যি ব্যঞ্জন তৈয়াৰী কৰা হয় সেয়া ৰোগৰ মহৌষধ। ‘সাত বিহুৰ শাক শুকতি দেহাত দেই বল’ বুলি বিশ্বাস কৰি এশ এবিধ নহ’লেও সাতবিধ বা নবিধ শাক তোলে। ঠাই বিশেষে গৰু বিহু বা মানুহ বিহুৰ দিনাখন ধুমুহা বৰষুণৰ পৰা হাত সাৰিবলৈ শিৱক সন্তুষ্টি কৰি নাহৰৰ পাতত মংগলসূচক বচন লিখি ঘৰৰ ছালৰ পানীপচাত খুচি থোৱা হয়-‘‘দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ/বাত বৃষ্টি হৰং দেৱ মহাদেৱ নমস্তুতে’’। অসমীয়া মানুহৰ মনত শিৱ কৃষি দেৱতা। সেয়েই হয়তো প্ৰথম বিহুৰ দিনাই ৰাতিপুৱা কামৰূপৰ কোনো কোনো অঞ্চলত বাঁহৰ আগ আৰু ভাং-ধতুৰাৰ গছ খেতি-পথাৰত পুতি থয়। জনবিশ্বাস মতে এনেদৰে শিৱৰ প্ৰিয় ভাং-ধতুৰাৰ গছ পুতি শিৱক সন্তুষ্ট কৰিলে খেতি ভাল হয়। পহিলা বহাগ বা মানুহ বিহুৰ দিনা গা ধুই গোসাঁইক সেৱা কৰি বিহুৱান লয় আৰু পিছত সৰুৱে মান্যজনক সেৱা-সৎকাৰ কৰি আশীৰ্বাদ লয় যাতে আগন্তুক বৰ্ষটো ভালে ভালে যাব পাৰে। 


১) পুৱাই শুই উঠি ঘৰ-দুৱাৰ পৰিস্কাৰ কৰি, ধুলি-মাকতি আতৰাই ঘৰখন চিকুনাই ৰাখিব লাগে৷
২) পুৱা উঠিয়ে ঘৰ-দুৱাৰ পৰিস্কাৰ কৰাৰ লগতে সোণকালেই গাঁ ধুই ল'ব লাগে৷
৩) পুৱাৰ দেৰিলৈ শুই থকা পৰিহাৰ কৰক
৪) ঘৰত চাকি-বন্তি জ্বলাই দিয়ক, ধুপ-ধুনা ঘৰখন আমোলমোলাওক
৫) খাদ্য গ্ৰহণ কৰাৰ আগতেই জ্যেষ্ঠজনক সেৱা কৰক৷ 
৬) এই দিনটোত নতুন কাপোৰ ব্যৱহাৰ কৰক
৭) কনিষ্টজনক দু-ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক
৮)শিৱক ধ্যান কৰক
৯) গামোছাৰে জ্যেঠজনক মান ধৰক
১০) নাহৰ পাতত হৰ হৰ মহাদেৱ লিখি ঘৰত আৰি থওক
তাৰউপৰিও ৭ দিন ধৰি পৰম্পৰাগতভাৱে পালন কৰা হয় বহাগ বিহু-

চ’ত বিহু: চ’তৰ নিশা ডেকা-গাভৰুৱে বিহুৰ আখৰা কৰে আৰু আখৰা কৰা প্ৰথম নিশাটোয়ে হ’ল চ’ত বিহু।
ৰাতি বিহু: চ’ত বিহুৰ আখৰাৰ পৰৱৰ্তী বিহু মৰা নিশাবোৰক ৰাতি বিহু বুলি কোৱা হয়।
গৰু বিহু: চ’তৰ সংক্ৰান্তিৰ দিনা গৰুক গা ধুৱাই নতুন পঘাৰে বন্ধা হয়। গধূলি ধূপ-ধূনা আদি দিয়া হয়।
মানুহ বিহু বা চেনেহী বিহু: এক ব'হাগৰ দিনাখন এই বিহু পতা হয়। এই বিহুটোক আপোনজনে আপোনজনক বিহুৱান দিয়ে। বিহুগীত, হুঁচৰি গীত গাই অতি আনন্দ কৰে।
কুটুম বিহু: ব'হাগৰ দ্বিতীয় দিনটো কুটুম বিহু। এই দিনা জী-জোঁৱাইসকল মাকহঁতৰ ঘৰলৈ যায়। ইষ্ট-কুটুম্বই পৰস্পৰে পৰস্পৰক আদৰ আৰু সেৱা-সত্কাৰ কৰে।
মেলা বিহু বা হাট বিহু: এই বিহুৰ দিনা পথাৰৰ মাজত এডাল গছক প্ৰতীক হিচাপে লৈ তাৰ তলত গাভৰুসকলে বিহু নাচে। গছ জোপালৈ বিহুৱান, তামোল-পাণ আদি আগবঢ়ায়। শিমলুগুৰি, নাহৰকটীয়া, টেঙাখাট আদি অঞ্চলত এই বিহু দেখা যায়।
চেৰা বিহু বা এৰা বিহু: বহাগ বিহুত ডেকা-গাভৰুৱে নাচি-বাগি ভাগৰি পৰে আৰু সপ্তম দিনা অতি আদৰৰ বিহুটিক সমাপ্ত ঘটায়। সেই দিনাখন বিহুৱানবোৰ পুনৰ ধুই বিহুক বিদায় দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
প্রায় দুমাহে সমগ্র ইৰানত বন্ধ হৈ আছে শিক্ষা প্রতিষ্ঠানসমূহ; অন্ধকাৰত শিক্ষাৰ্থীৰ ভৱিষ্যৎ
অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ
আজি গৰু বিহু ; চৌদিশে হেঁপাহৰ ৰঙালীক আদৰাৰ প্ৰস্তুতি
ৰঙালীৰ আনন্দ উল্লাসৰ মাজতে জোনাইত অঘটন ; থিতাতে মৃত্যু এজনৰ