--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাইলৈ শিক্ষাৰ্থীসকলৰ বাবে অতিকৈ হেঁপাহৰ এটা দিন। কাৰণ কাইলৈ অৰ্থাৎ ৫ ফেব্ৰুৱাৰীত সকলোৱে উলহ-মালহেৰে উদযাপন কৰিব সৰস্বতী পূজা। মাঘ মাহৰ শুক্লা পক্ষৰ পঞ্চমী তিথিত বসন্ত পঞ্চমী উৎসৱ উদযাপন কৰা হয়। এই বসন্ত পঞ্চমীতে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতীক পূজা কৰা হয়। শিক্ষাৰ্থীৰ বাহিৰেও আন লোক সকলেও মা সৰস্বতীৰ পূজা পালন কৰে। বসন্ত পঞ্চমীক হিন্দু শাস্ত্ৰত অতি পৱিত্ৰ বুলি গণ্য কৰা হয়, সেয়েহে এই দিনটোত কিছুমান মাংগলিক কাম যেনে বিবাহ, চূড়াকৰণ, গৃহ প্ৰৱেশ, অন্নপ্ৰাসন, বিদ্যাৰম্ভ, নতুন ব্যৱসায়িক প্ৰতিষ্ঠান খোলা আদি শুভ কামসমূহ কৰা হয়। এই বছৰ অৰ্থাৎ ২০২২ চনৰ বসন্ত পঞ্চমী উৎসৱ ৫ ফেব্ৰুৱাৰীত উদযাপন কৰা হ'ব। মাক সৰস্বতীক উপাসনা কৰোঁতে কিছুমান গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগে আৰু কিছুমান কাম ভুলতো কৰিব নালাগে। সৰস্বতী পূজাৰ সময়ত এই ভুলবোৰ নকৰিব ১) মা সৰস্বতীক বসন্ত পঞ্চমীত পূজা কৰা হয় আৰু দেৱী সৰস্বতীৰ প্ৰিয় ৰং বগা আৰু হালধীয়া। গতিকে বসন্ত পঞ্চমীৰ দিনা, ক'লা কাপোৰ বা আন কোনো গাঢ় ৰঙৰ কাপোৰ একেবাৰে পৰিধান নকৰিব। বসন্ত পঞ্চমীৰ দিনা, হালধীয়া, বগা বা পাতল ৰঙৰ কাপোৰ পিন্ধিব লাগে। ২)সাধাৰণ দিনত কিছুমান মানুহে ৰাতিপুৱা উঠি আহাৰ খোৱাৰ পিছত গা ধুৱে। বসন্ত পঞ্চমীৰ দিনা এনেকুৱা কেতিয়াও নকৰিব। এই দিনটোত ৰাতিপুৱা উঠি প্ৰথমে গা ধুওক। যদি সম্ভৱ হয় ওচৰৰ নদী বা জান-জুৰিত গা ধুব পাৰিলে বেছি ভাল। গা-পা ধুই পৱিত্ৰ মনেৰে দেৱী সৰস্বতীৰ উপাসনা কৰক আৰু তাৰ পিছতহে কিবা খাওক। ৩)পিতৃ তৰ্পণো এই দিনটোত কৰা হয়, সেয়েহে ঘৰত কেতিয়াও কোনো কথাতে কাজিয়া নকৰিব। এই দিনটোত কাজিয়া কৰিলে পিতৃ-পুৰুষে কষ্ট পায়। ৪)বসন্ত পঞ্চমী হৈছে প্ৰকৃতিৰ উৎসৱ, সেয়েহে এই দিনটোত কোনো গছ নাকাটিব বা গছৰ ডাল-পাত নাকাটিব। ইয়াৰ পৰিৱৰ্তে যদি আপুনি এটা গছৰ পুলি ৰোপণ কৰে, তেন্তে ইয়াক অতি শুভ বুলি গণ্য কৰা হয়। ৫)বসন্ত পঞ্চমীৰ দিনা দেৱী সৰস্বতীক পূজা কৰা হয়, সেয়েহে এই দিনটোত আপোনাৰ খং আৰু বাক-বিতণ্ডাৰ ওপৰত সংযম ৰাখক বা নিয়ন্ত্ৰণ কৰক। নহলে মা সৰস্বতী ৰুষ্ট হ'ব। আপোনাৰ মুখেৰে যাতে একো অপশব্দ নোলায়,সাৱধান হ'ব। কাকো গালি নাপাৰিব। সকলোকে মধুৰ ব্যৱহাৰ কৰক। ৬) ভুলতেও মাছ-মাংস, সুৰা আদি সেৱন নকৰিব। বসন্ত পঞ্চমীৰ দিনা দেৱী সৰস্বতীৰ পূজা কৰাৰ পিছত সাত্বিক খাদ্য গ্ৰহণ কৰক। ৭) এই দিনটোত কোনো কিতাৰ পঢ়া বা লিখা-মেলাৰ কাম কৰিব নালাগে। সৰস্বতী আইয়ে পূজাৰ দিনটোত অলপ জিৰণি ল'ব বিচাৰে। দেৱী সৰস্বতীক এনেদৰে উপাসনা কৰক- ৰাতিপুৱা সোনকালে উঠি গা ধুই পৰিস্কাৰ পোছাক পিন্ধি মা সৰস্বতীৰ মূৰ্তি বা ছবি আপোনাৰ সন্মুখত ৰাখক আৰু মাক উপাসনা কৰক। দেৱীক চন্দন কাঠ, ফুল, কেশৰ, কুমকুম, অন্যান্য পূজা সামগ্ৰীৰে পূজা কৰক। মা সৰস্বতীক বগা ফুল আৰু বগা পোছাক আগবঢ়াওক। ক্ষীৰ বা গাখীৰেৰে তৈয়াৰ কৰা যিকোনো বগা মিঠাই মা সৰস্বতীলৈ আগবঢ়াই আৰতি কৰক। শিক্ষাৰ্থীসকলে বিচাৰিলে তেওঁলোকৰ কিতাপবোৰ সৰস্বতী মাৰ ভৰিত ৰাখি সেৱা-প্ৰাৰ্থনা কৰিব পাৰে। আৰু পঢ়কঃ গৰ্বিত গাঁওবাসী! কৃষকৰ তিনি কন্যা একেলগে উত্তীৰ্ণ হ’ল আৰক্ষী বিভাগৰ পৰীক্ষাত    

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি