--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া সিদ্ধান্তৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে সাংবাদিকৰ দল৷ কৰ্মৰত সাংবাদিকৰ এটা ট্ৰেড ইউনিয়ন, ‘মিডিয়া ৱান’ৰ সম্পাদক আৰু ইয়াৰ কেইগৰাকীমান কৰ্মচাৰীয়ে মালায়ালম নিউজ চেনেলৰ টেলিকাষ্ট নিষিদ্ধ কৰাৰ বিৰুদ্ধে কেৰালা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। উল্লেখ্য যে, কেৰালা ইউনিয়ন অৱ ৱৰ্কিং জাৰ্নালিষ্ট (কে ইউ ডব্লিউ জে)ৰ প্ৰমোদ ৰমন, মেডিয়াৱানৰ সম্পাদক আৰু চেনেলটোৰ কিছু কৰ্মচাৰীয়ে কেন্দ্ৰৰ ৩১ জানুৱাৰীৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত দুখন পৃথক আৱেদন দাখিল কৰিছিল। উচ্চ ন্যায়ালয়ে, ৩ ফেব্ৰুৱাৰীত, ‘মিডিয়া ৱান’ পৰিচালনা কৰা চেনেলটোৰ টেলিকাষ্টত থকা বাৰটোৰ বিপৰীতে ‘মধ্যমাম ব্ৰডকাষ্টিং লিমিটেড’ৰ দ্বাৰা পূৰ্বে দাখিল কৰা আৱেদনৰ সৈতে তালিকাভুক্ত কৰিছিল৷ উচ্চ ন্যায়ালয়ে ২ ফেব্ৰুৱাৰীত গোচৰৰ শুনানি গ্ৰহণ কৰি কেন্দ্ৰৰ সিদ্ধান্ত ৭ ফেব্ৰুৱাৰীলৈকে স্থগিত ৰাখিছিল৷ লগতে নিউজ চেনেলটোক ক্ষেত্ৰত গ্ৰহণ কৰা সিদ্ধান্ত সম্পৰ্কীয় তথ্য প্ৰদানৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক আহ্বান জনাইছিল। কেইউডব্লিউজে আৰু ‘মিডিয়া ৱান’ সাংবাদিকসকলে উচ্চ ন্যায়ালয়ৰ সন্মুখত কেন্দ্ৰৰ সিদ্ধান্ত বাতিল কৰিবলৈ আহ্বান জনাইছে৷ নহ'লে চেনেলটোত কৰ্মৰত হৈ থকা শ শ কৰ্মচাৰীয়ে জীৱিকাৰ পৰা বঞ্চিত হ'ব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি পৱিত্ৰ গুৰু পূৰ্ণিমা, আজিৰে পৰা কপাল ফুলিব এইকেইটা ৰাশিৰ ভাগ্য
ভাৰতলৈ সুখবৰ ! ভাৰতীয় মূলৰ ছাবিহ খানক এপ'লৰ নতুন COO হিচাপে নিযুক্তি
ত্ৰাণকৰ্তা ৰকী! এটা কুকুৰৰ বাবে প্ৰাণৰক্ষা পৰিল ৬৭জনৰ
পুনৰ প্ৰাণ পাই উঠিল ৱুলাৰ হ্ৰদ! ৩০ বছৰৰ পাছত আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদটোত ফুলি উঠিল পদুম
ভাৰতৰ শংকাৰ কাৰণ হৈ পৰিছে চীন-পাকিস্তান-বাংলাদেশৰ মিতিৰালি
চলচ্চিত্র মহোৎসৱত পাঁচটা বঁটাৰে উজলিল 'বোর্খা-দ্য ভেইল'