--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া সিদ্ধান্তৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে সাংবাদিকৰ দল৷ কৰ্মৰত সাংবাদিকৰ এটা ট্ৰেড ইউনিয়ন, ‘মিডিয়া ৱান’ৰ সম্পাদক আৰু ইয়াৰ কেইগৰাকীমান কৰ্মচাৰীয়ে মালায়ালম নিউজ চেনেলৰ টেলিকাষ্ট নিষিদ্ধ কৰাৰ বিৰুদ্ধে কেৰালা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। উল্লেখ্য যে, কেৰালা ইউনিয়ন অৱ ৱৰ্কিং জাৰ্নালিষ্ট (কে ইউ ডব্লিউ জে)ৰ প্ৰমোদ ৰমন, মেডিয়াৱানৰ সম্পাদক আৰু চেনেলটোৰ কিছু কৰ্মচাৰীয়ে কেন্দ্ৰৰ ৩১ জানুৱাৰীৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত দুখন পৃথক আৱেদন দাখিল কৰিছিল। উচ্চ ন্যায়ালয়ে, ৩ ফেব্ৰুৱাৰীত, ‘মিডিয়া ৱান’ পৰিচালনা কৰা চেনেলটোৰ টেলিকাষ্টত থকা বাৰটোৰ বিপৰীতে ‘মধ্যমাম ব্ৰডকাষ্টিং লিমিটেড’ৰ দ্বাৰা পূৰ্বে দাখিল কৰা আৱেদনৰ সৈতে তালিকাভুক্ত কৰিছিল৷ উচ্চ ন্যায়ালয়ে ২ ফেব্ৰুৱাৰীত গোচৰৰ শুনানি গ্ৰহণ কৰি কেন্দ্ৰৰ সিদ্ধান্ত ৭ ফেব্ৰুৱাৰীলৈকে স্থগিত ৰাখিছিল৷ লগতে নিউজ চেনেলটোক ক্ষেত্ৰত গ্ৰহণ কৰা সিদ্ধান্ত সম্পৰ্কীয় তথ্য প্ৰদানৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক আহ্বান জনাইছিল। কেইউডব্লিউজে আৰু ‘মিডিয়া ৱান’ সাংবাদিকসকলে উচ্চ ন্যায়ালয়ৰ সন্মুখত কেন্দ্ৰৰ সিদ্ধান্ত বাতিল কৰিবলৈ আহ্বান জনাইছে৷ নহ'লে চেনেলটোত কৰ্মৰত হৈ থকা শ শ কৰ্মচাৰীয়ে জীৱিকাৰ পৰা বঞ্চিত হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি