--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত বহু প্ৰত্যাশিত দিনটো আহি পালে। দুমাহজোৰা প্ৰতীক্ষাৰ অন্ত পৰাৰ সময় সমাগত। অষ্টাদশ লোকসভা নিৰ্বাচনৰ আজি ভোটগণনা। মঙলবাৰে পুৱা ৮-০০ বজাৰ লগে লগে আৰম্ভ হ'ব ভোটগণনা পৰ্ব।

আজি দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ ফলাফলৰ দিন। নিৰ্ণয় হ’ব কোনে গঠন কৰিব চৰকাৰ? ভোটগণনাক লৈ দেশজুৰি ব্যাপক জল্পনা কল্পনা।

দেশত ১৯ এপ্ৰিলৰ পৰা ১ জুনলৈ সাতটা পৰ্যায়ত অনুষ্ঠিত হৈছিল লোকসভা নিৰ্বাচন। দেশৰ ৫৪৩ টা সংসদীয় সমষ্টিৰ ফলাফলে নিৰ্ণয় কৰিব অহা পাঁচ বছৰলৈ কোন হ’ব দেশৰ ১৪০ কোটি জনতাৰ ভাগ্য নিয়ন্তা।দেশৰ ৫৪৩টা সমষ্টিৰ, ৫৪৩ টা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে গুজৰাটৰ ছুৰাট সমষ্টিত বিজেপি প্ৰাৰ্থী মুকেশ দালালে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় লাভ কৰিছে। 

৫৪২ সংসদীয় সমষ্টিৰ ভোটগণনাৰ সমান্তৰাল কৈ ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচনৰো আজি ভোটগণনা। ফলাফল ঘোষণা হ’ব হিমাচল প্ৰদেশৰ ৬ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰো।


অসমৰ ১৪৩ গৰাকী প্ৰার্থীৰ হ'ব ভাগ্য নিৰ্ণয়। ৰাজ্যৰ ১৪ টা সমষ্টিত ১৪৩ গৰাকী প্ৰার্থীয়ে লোকসভা নিৰ্বাচনত আগবঢ়াইছিল প্ৰতিদ্বন্দ্বিতা ৷ ইতিমধ্যে নিৰ্বাচন আয়োগে ৰাজ্যজুৰি ৫২ টা কেন্দ্ৰৰ ১৫২ টা কাউণ্টিং হলত কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ