--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত বহু প্ৰত্যাশিত দিনটো আহি পালে। দুমাহজোৰা প্ৰতীক্ষাৰ অন্ত পৰাৰ সময় সমাগত। অষ্টাদশ লোকসভা নিৰ্বাচনৰ আজি ভোটগণনা। মঙলবাৰে পুৱা ৮-০০ বজাৰ লগে লগে আৰম্ভ হ'ব ভোটগণনা পৰ্ব।

আজি দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ ফলাফলৰ দিন। নিৰ্ণয় হ’ব কোনে গঠন কৰিব চৰকাৰ? ভোটগণনাক লৈ দেশজুৰি ব্যাপক জল্পনা কল্পনা।

দেশত ১৯ এপ্ৰিলৰ পৰা ১ জুনলৈ সাতটা পৰ্যায়ত অনুষ্ঠিত হৈছিল লোকসভা নিৰ্বাচন। দেশৰ ৫৪৩ টা সংসদীয় সমষ্টিৰ ফলাফলে নিৰ্ণয় কৰিব অহা পাঁচ বছৰলৈ কোন হ’ব দেশৰ ১৪০ কোটি জনতাৰ ভাগ্য নিয়ন্তা।দেশৰ ৫৪৩টা সমষ্টিৰ, ৫৪৩ টা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে গুজৰাটৰ ছুৰাট সমষ্টিত বিজেপি প্ৰাৰ্থী মুকেশ দালালে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় লাভ কৰিছে। 

৫৪২ সংসদীয় সমষ্টিৰ ভোটগণনাৰ সমান্তৰাল কৈ ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচনৰো আজি ভোটগণনা। ফলাফল ঘোষণা হ’ব হিমাচল প্ৰদেশৰ ৬ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰো।


অসমৰ ১৪৩ গৰাকী প্ৰার্থীৰ হ'ব ভাগ্য নিৰ্ণয়। ৰাজ্যৰ ১৪ টা সমষ্টিত ১৪৩ গৰাকী প্ৰার্থীয়ে লোকসভা নিৰ্বাচনত আগবঢ়াইছিল প্ৰতিদ্বন্দ্বিতা ৷ ইতিমধ্যে নিৰ্বাচন আয়োগে ৰাজ্যজুৰি ৫২ টা কেন্দ্ৰৰ ১৫২ টা কাউণ্টিং হলত কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু