--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনিৰ বিৰুদ্ধে বিচিচিআইত দাখিল কৰা হৈছে এজাহাৰ । বিচিচিআইৰ নৈতিকতা সমিতিত মহেন্দ্ৰ সিং ধোনিৰ বিৰুদ্ধে অভিযোগ পত্ৰ দাখিল কৰিছে ইউ পিৰ আমেথি নিৱাসী ৰাজেশ কুমাৰ মৌৰ্যই। বিচিচিআইৰ ৩৯নং নিয়মৰ অধীনত মহেন্দ্ৰ সিং ধোনিৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে।

উল্লেখ্য যে বিচিচিআইত কৰা এই অভিযোগ ৰাঁচী অসামৰিক আদালতত মহেন্দ্ৰ সিং ধোনিয়ে মিহিৰ দিৱাকাৰৰ বিৰুদ্ধে ১৫ কোটি টকাৰ জালিয়াতিৰ গোচৰৰ সৈতে জড়িত। বিচিচিআইৰ নৈতিকতা সমিতিয়ে এই বিষয়ত মহেন্দ্ৰ সিং ধোনিৰ পৰা অহা ৩০ আগষ্টৰ ভিতৰত উত্তৰ বিচাৰিছে। আনহাতে, ৰাজেশ কুমাৰ মৌৰ্যক এই বিষয়ত ১৬ ছেপ্টেম্বৰৰ ভিতৰত উত্তৰ দিবলৈ কোৱা হৈছে।

এই গোচৰটো মহেন্দ্ৰ সিং ধোনীৰ সৈতে থকা প্ৰাক্তন ক্ৰিকেটাৰ মিহিৰ দিৱাকাৰ, সৌম্য দাস আৰু আৰ্কা স্প’ৰ্টছ মেনেজমেণ্ট প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন হয়। এই বিষয়ত ২০২৪ চনৰ ২০ মাৰ্চত আদালতে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল।এই সিদ্ধান্তত ৰাঁচী আদালতে গোচৰটোক স্বতঃস্ফূৰ্তভাৱে শুদ্ধ বুলি বিবেচনা কৰে। ইয়াৰ পিছতে আদালতে এই গোচৰত মিহিৰ দিৱাকাৰ, সৌম্য দাস আৰু আৰ্কা স্প’ৰ্টছ মেনেজমেণ্ট প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে চমন জাৰি কৰাৰ নিৰ্দেশনা দিয়ে। দৰাচলতে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনিৰ হৈ ৰাঁচী অসামৰিক আদালতত তেওঁৰ প্ৰাক্তন ব্যৱসায়িক সহযোগী মিহিৰ দিৱাকাৰৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে। য’ত ধোনিৰ হৈ কোৱা হৈছে যে মিহিৰ দিৱাকাৰে চুক্তিৰ চৰ্ত উলংঘা কৰিছে। লগতে ২০২১ চনত চুক্তি বাতিল হোৱাৰ পিছতো ধোনিৰ নাম ব্যৱহাৰ কৰি আহিছে মিহিৰ দিৱাকাৰৰ কোম্পানী আৰ্কা স্প’ৰ্টছ মেনেজমেণ্ট লিমিটেডে। ধোনিৰ অধিবক্তা দয়ানন্দ সিঙে কয় যে এই কোম্পানীয়ে দেশৰ বিভিন্ন ঠাইত একাডেমী খুলিছে। কিন্তু চৰ্ত অনুসৰি ধোনিৰ সৈতে কোনো ধৰণৰ লাভ ভাগ কৰা হোৱা নাই।

এই সমগ্ৰ চুক্তিৰ চৰ্ত উলংঘাৰ বাবে ধোনিৰ প্ৰায় ১৫ কোটি টকাৰ লোকচান হয়। ধোনীৰ অধিবক্তাই পূর্বে ছ’চিয়েল মিডিয়াত মিহিৰ দিৱাকাৰে শ্বেয়াৰ কৰা মতামতৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ আপোনালোকক জনাওঁ যে আনটো পক্ষ মিহিৰ দিৱাকাৰৰ হৈ মহেন্দ্ৰ সিং ধোনিৰ বিৰুদ্ধেও ১ ফেব্ৰুৱাৰীত কানপুৰ আদালতত গোচৰ ৰুজু কৰা হৈছে। এতিয়া মহেন্দ্ৰ সিং ধোনীয়ে ৩০ আগষ্টৰ পূৰ্বে এই সন্দৰ্ভত বিচিচিআইক উত্তৰ দিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অম্বুবাচী মহাযোগ উপলক্ষে গুৱাহাটী আৰক্ষীৰ বিশেষ নিৰ্দেশনা
তেহৰান খালী কৰাৰ নিৰ্দেশ ট্ৰাম্পৰ ; জি-৭ সন্মিলন আধাতে এৰি ৱাশ্বিংটনলৈ মাৰ্কিন ৰাষ্ট্ৰপতি
আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰা বাতিল
ৰাজা হত্যাকাণ্ড, চোহৰাত 'ক্ৰাইম ছীন ৰিক্ৰিয়েশ্যন'
ব্ৰহ্মপুত্ৰৰ খহনীয়াত ঘৰ-বাৰী সকলো হেৰুওৱা ছায়িদা মাৰিয়া সুখ্যাতিৰে উত্তীৰ্ণ NEET পৰীক্ষাত
আহমেদাবাদ বিমান দুৰ্ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হʼবলৈ লাগিব এবছৰ
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?