--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ দেশত ক’ভিডৰ দৈনিক সংক্ৰমণে তীব্ৰ ৰূপ ধাৰণ কৰিছে। দৈনিক সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে মহাৰাষ্ট্ৰত। মহাৰাষ্ট্ৰত ক’ভিড ৰোগীৰ সংখ্যা এদিনত প্ৰায় ৫১ শতাংশলৈ বৃদ্ধি পাইছে। সোমবাৰে মহাৰাষ্ট্ৰত ক’ভিড আক্ৰান্তৰ সংখ্যা আছিল ১২,১৬০ জন। বিপৰীতে মঙলবাৰে আক্ৰান্তৰ সংখ্যা ১৮,৪৬৬ জনলৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। মহাৰাষ্ট্ৰৰ সমান্তৰালকৈ মুম্বাই চহৰতো সোমবাৰৰ তুলনাত মঙলবাৰে সংক্ৰমিতৰ হাৰ ৩৪ শতাংশলৈ বৃদ্ধি পোৱা বুলি জানিবলৈ পোৱা গৈছে।

মঙলবাৰে মুম্বাইত মুঠ আক্ৰান্তৰ সংখ্যা আছিল ১০,৮৬০ জন। আক্ৰান্ত ব্যক্তিসকলৰ ৮৯ শতাংশই লক্ষণহীন বুলিও সদৰি কৰিছে প্ৰশাসনে। একে সময়তে, বিগত ২৪ ঘণ্টাত মহাৰাষ্ট্ৰত ২০ জন ক’ভিড ৰোগীৰ মৃত্যুৰ খবৰেও উদ্বিগ্ন কৰি তুলিছে দেশবাসীক। ইফালে নতুনকৈ ক’ভিডত আক্ৰান্ত হোৱাসকলৰ ৮৩৪ জনক চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছিল আৰু ইয়াৰে ৫২ জন ৰোগীক অক্সিজেনৰ প্ৰয়োজন হৈছিল বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। মুম্বাইকে ধৰি মহাৰাষ্ট্ৰৰ মুখ্য চহৰসমূহত ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ বাবে অ’মিক্ৰনকে দোষাৰোপ কৰিছে বিশেষজ্ঞসকলে। বিগত ২৪ ঘণ্টাত, মহাৰাষ্ট্ৰত ৭০ জন লোক নতুনকৈ অ’মিক্ৰনত আক্ৰান্ত হৈছে। উল্লেখ্য যে, মহাৰাষ্ট্ৰত এতিয়ালৈকে অ’মিক্ৰন আক্ৰান্ত ৰোগীৰ সংখ্যা ৬৫৩। মুম্বাইত ৪০৮ জন আৰু পুনেত ৭১ জন ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক