--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ দেশত ক’ভিডৰ দৈনিক সংক্ৰমণে তীব্ৰ ৰূপ ধাৰণ কৰিছে। দৈনিক সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে মহাৰাষ্ট্ৰত। মহাৰাষ্ট্ৰত ক’ভিড ৰোগীৰ সংখ্যা এদিনত প্ৰায় ৫১ শতাংশলৈ বৃদ্ধি পাইছে। সোমবাৰে মহাৰাষ্ট্ৰত ক’ভিড আক্ৰান্তৰ সংখ্যা আছিল ১২,১৬০ জন। বিপৰীতে মঙলবাৰে আক্ৰান্তৰ সংখ্যা ১৮,৪৬৬ জনলৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। মহাৰাষ্ট্ৰৰ সমান্তৰালকৈ মুম্বাই চহৰতো সোমবাৰৰ তুলনাত মঙলবাৰে সংক্ৰমিতৰ হাৰ ৩৪ শতাংশলৈ বৃদ্ধি পোৱা বুলি জানিবলৈ পোৱা গৈছে।

মঙলবাৰে মুম্বাইত মুঠ আক্ৰান্তৰ সংখ্যা আছিল ১০,৮৬০ জন। আক্ৰান্ত ব্যক্তিসকলৰ ৮৯ শতাংশই লক্ষণহীন বুলিও সদৰি কৰিছে প্ৰশাসনে। একে সময়তে, বিগত ২৪ ঘণ্টাত মহাৰাষ্ট্ৰত ২০ জন ক’ভিড ৰোগীৰ মৃত্যুৰ খবৰেও উদ্বিগ্ন কৰি তুলিছে দেশবাসীক। ইফালে নতুনকৈ ক’ভিডত আক্ৰান্ত হোৱাসকলৰ ৮৩৪ জনক চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছিল আৰু ইয়াৰে ৫২ জন ৰোগীক অক্সিজেনৰ প্ৰয়োজন হৈছিল বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। মুম্বাইকে ধৰি মহাৰাষ্ট্ৰৰ মুখ্য চহৰসমূহত ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ বাবে অ’মিক্ৰনকে দোষাৰোপ কৰিছে বিশেষজ্ঞসকলে। বিগত ২৪ ঘণ্টাত, মহাৰাষ্ট্ৰত ৭০ জন লোক নতুনকৈ অ’মিক্ৰনত আক্ৰান্ত হৈছে। উল্লেখ্য যে, মহাৰাষ্ট্ৰত এতিয়ালৈকে অ’মিক্ৰন আক্ৰান্ত ৰোগীৰ সংখ্যা ৬৫৩। মুম্বাইত ৪০৮ জন আৰু পুনেত ৭১ জন ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র