--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতৰে চীনৰ সম্পৰ্কৰ কথা দুনাই দোহৰাৰ কোনো প্ৰয়োজন নাই নিশ্চয়। সময়ে সময়ে সীমান্তৰ পৰা নানা প্ৰতিকূল খবৰে সংবাদ শিৰোনাম দখল কৰা দেখিবলৈ পোৱা যায়। অলপতে চীনা সৈন্যক ৰঙা চকু দেখুৱাই ভাৰতীয় সেনাবাহিনীয়ে লাডাখত ত্ৰিৰংগ পতাকা উত্তোলন কৰাও পৰিলক্ষিত হৈছিল। এনে ভাললগা কিছুমান খবৰৰ বিপৰীতে কেতবোৰ নেতিবাচক খবৰে উদ্বিগ্ন কৰি তোলে সচেতন মহলক। দিনদিয়েক আগেয়ে অসমৰ বাঁহেৰেই ধূপ কাঠী নিৰ্মাণৰ ক্ষেত্ৰত চীন আৰু ভিয়েটনামে কেনেধৰণে অৰ্থনৈতিক বজাৰখন দখল কৰিছে সেয়া সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। শেহতীয়াকৈ দৰব প্ৰস্তুতৰ ক্ষেত্ৰত ভাৰতৰ পয়ালগা অৱস্থাৰ কথা পোহৰলৈ আহিছে।

দৰব প্ৰস্তুতৰ ক্ষেত্ৰত এতিয়াও চীনৰ ওপৰত নিৰ্ভৰশীল ভাৰত। উল্লেখ্য যে, বৰ্তমান শাসনাধিষ্ঠ বিজেপি চৰকাৰখনৰ নিৰ্বাচনী ইস্তাহাৰত স্থান পোৱা এজেণ্ডা সমূহৰ ভিতৰত আত্মনিৰ্ভৰশীল ভাৰতৰ শ্ল’গানো আছিল অন্যতম। পাছে আত্মনিৰ্ভৰশীল ভাৰতৰ শ্ল’গান দি অহা নৰেন্দ্ৰ মোদী চৰকাৰখনৰ কথা আৰু কামৰ মাজত বৃহত্‍ অমিল দেখিবলৈ পাইছে জনসাধাৰণে। চৰকাৰী তথ্য অনুসৰি জ্বৰ-চৰ্দি, কাহৰ পৰা আৰম্ভ কৰি কেন্সাৰৰ দৰব প্ৰস্তুতৰ বাবে প্ৰতিৱেশী চীনেই ভাৰতৰ একমাত্ৰ ভৰসা। প্ৰকাশিত প্ৰতিবেদন অনুসৰি, ক’ভিডসৃষ্ট পৰিৱেশৰ মাজতে চীনৰ পৰা ভাৰতে প্ৰায় ১৯ হেজাৰ ৪০০ কোটি টকাৰ দৰব প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় ৰাসায়নিক দ্ৰব্য আমদানি কৰিছে।

পূৰ্বৰ তুলনাত দৰবৰ আমদানিও ১৯ শতাংশলৈ বৃদ্ধি পাইছে। ২০১৯-২০ত দেশত দৰব প্ৰস্তুতৰ বাবে আমদানি কৰা ৰাসায়নিক দ্ৰব্যৰ পৰিমাণ ৩৬,৪৪৩ কোটি টন আৰু ইয়াৰ মূল্য ২৪,১৭১ কোটি টকা। ইয়াৰে ভিতৰত চীনৰ পৰা আমদানি কৰা সামগ্ৰীৰ মূল্য হৈছে ১৬,৪৪৩ কোটি টন। ২০২০-২১ত আমদানিকৃত মুঠ ৩৯,০৪৭ কোটি টন সামগ্ৰীৰ মুঠ মূল্য হৈছে ২৮,৫২৯ কোটি টকা। ইয়াৰে ভিতৰত চীনৰ পৰা অনা হয় ১৯,৪০৩ কোটি টকাৰ সামগ্ৰী। শেহতীয়াকৈ কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়ে এই তথ্য প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক