--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতৰে চীনৰ সম্পৰ্কৰ কথা দুনাই দোহৰাৰ কোনো প্ৰয়োজন নাই নিশ্চয়। সময়ে সময়ে সীমান্তৰ পৰা নানা প্ৰতিকূল খবৰে সংবাদ শিৰোনাম দখল কৰা দেখিবলৈ পোৱা যায়। অলপতে চীনা সৈন্যক ৰঙা চকু দেখুৱাই ভাৰতীয় সেনাবাহিনীয়ে লাডাখত ত্ৰিৰংগ পতাকা উত্তোলন কৰাও পৰিলক্ষিত হৈছিল। এনে ভাললগা কিছুমান খবৰৰ বিপৰীতে কেতবোৰ নেতিবাচক খবৰে উদ্বিগ্ন কৰি তোলে সচেতন মহলক। দিনদিয়েক আগেয়ে অসমৰ বাঁহেৰেই ধূপ কাঠী নিৰ্মাণৰ ক্ষেত্ৰত চীন আৰু ভিয়েটনামে কেনেধৰণে অৰ্থনৈতিক বজাৰখন দখল কৰিছে সেয়া সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। শেহতীয়াকৈ দৰব প্ৰস্তুতৰ ক্ষেত্ৰত ভাৰতৰ পয়ালগা অৱস্থাৰ কথা পোহৰলৈ আহিছে।

দৰব প্ৰস্তুতৰ ক্ষেত্ৰত এতিয়াও চীনৰ ওপৰত নিৰ্ভৰশীল ভাৰত। উল্লেখ্য যে, বৰ্তমান শাসনাধিষ্ঠ বিজেপি চৰকাৰখনৰ নিৰ্বাচনী ইস্তাহাৰত স্থান পোৱা এজেণ্ডা সমূহৰ ভিতৰত আত্মনিৰ্ভৰশীল ভাৰতৰ শ্ল’গানো আছিল অন্যতম। পাছে আত্মনিৰ্ভৰশীল ভাৰতৰ শ্ল’গান দি অহা নৰেন্দ্ৰ মোদী চৰকাৰখনৰ কথা আৰু কামৰ মাজত বৃহত্‍ অমিল দেখিবলৈ পাইছে জনসাধাৰণে। চৰকাৰী তথ্য অনুসৰি জ্বৰ-চৰ্দি, কাহৰ পৰা আৰম্ভ কৰি কেন্সাৰৰ দৰব প্ৰস্তুতৰ বাবে প্ৰতিৱেশী চীনেই ভাৰতৰ একমাত্ৰ ভৰসা। প্ৰকাশিত প্ৰতিবেদন অনুসৰি, ক’ভিডসৃষ্ট পৰিৱেশৰ মাজতে চীনৰ পৰা ভাৰতে প্ৰায় ১৯ হেজাৰ ৪০০ কোটি টকাৰ দৰব প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় ৰাসায়নিক দ্ৰব্য আমদানি কৰিছে।

পূৰ্বৰ তুলনাত দৰবৰ আমদানিও ১৯ শতাংশলৈ বৃদ্ধি পাইছে। ২০১৯-২০ত দেশত দৰব প্ৰস্তুতৰ বাবে আমদানি কৰা ৰাসায়নিক দ্ৰব্যৰ পৰিমাণ ৩৬,৪৪৩ কোটি টন আৰু ইয়াৰ মূল্য ২৪,১৭১ কোটি টকা। ইয়াৰে ভিতৰত চীনৰ পৰা আমদানি কৰা সামগ্ৰীৰ মূল্য হৈছে ১৬,৪৪৩ কোটি টন। ২০২০-২১ত আমদানিকৃত মুঠ ৩৯,০৪৭ কোটি টন সামগ্ৰীৰ মুঠ মূল্য হৈছে ২৮,৫২৯ কোটি টকা। ইয়াৰে ভিতৰত চীনৰ পৰা অনা হয় ১৯,৪০৩ কোটি টকাৰ সামগ্ৰী। শেহতীয়াকৈ কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়ে এই তথ্য প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র