--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাতটা পৰ্যায়ত অনুষ্ঠিত হোৱা দেশৰ লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলি আছে। নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে দেষৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছে। অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰাৰ পিছতে মোদীয়ে তিনিদিনৰ বাবে ধ্যান বিৰতি গ্ৰহণ কৰিব। ইয়াৰ বাবে তেওঁ স্বামী বিবেকানন্দই ধ্যান কৰা কন্যা কুমাৰীলৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ৩০ মে’ত  আধ্যাত্মিক যাত্ৰাৰ অৰ্থে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কন্যাকুমাৰী ভ্ৰমণ কৰিবলৈ সাজু হৈছে। 

স্বামী বিবেকানন্দই  ধ্যান কৰা প্ৰখ্যাত বিবেকানন্দ ৰক মেম’ৰিয়েলত ধ্যান কৰি মোদীয়ে তিনিদিন  কটাব। ৩০ মে’ৰ সন্ধিয়াৰ পৰা ১ জুনৰ সন্ধিয়ালৈকে প্ৰধানমন্ত্ৰীয়ে তাত ধ্যান কৰি থাকিব বুলি জানিব পৰা গৈছে। ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী জ্যেষ্ঠ নেতাই অৱগত কৰে যে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ কোনো দলীয় কাৰ্যসূচীৰ  সৈতে জড়িত নহয়, আৰু এই ভ্ৰমণৰ  বিশদ পৰিকল্পনা এদিন আগতীয়াকৈ আনুষ্ঠানিকভাবে প্ৰকাশ কৰা হ’ব। মোদীৰ এই আধ্যাত্মিক ভ্ৰমণ ১ জুনত লোকসভা নিৰ্বাচনৰ চূড়ান্ত পৰ্যায়ৰ ভোটদানৰ আগদিনা অন্ত পৰিব।  

সেইদিনা ভোটদান হ’বলগীয়া সমষ্টিসমূহৰ ভিতৰত  উত্তৰ প্ৰদেশৰ মোদীৰ সমষ্টি বাৰাণসীও আছে। ৪ জুনত ৫৪৩খন লোকসভা আসনৰ ফলাফল ঘোষণা কৰা হ’ব। উল্লেখ্য স্বামী বিবেকানন্দই ধ্যান কৰা  স্থান হিচাপে বিবেকানন্দ ৰক মেম’ৰিয়েলৰ এক ঐতিহাসিক আৰু আধ্যাত্মিক তাৎপৰ্য আছে। এই স্থানত মোদীয়ে স্বামী  বিবেকানন্দৰ   ধ্যান-ধাৰণাৰে সমৃদ্ধিশালী আৰু ঐক্যবদ্ধ ভাৰতৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাৰ প্ৰতিশ্ৰুতিক বাস্তৱ কৰি তোলাৰ বাবে প্ৰাৰ্থনা জনাব। কন্যাকুমাৰী হৈছে ভাৰত মহাসাগৰ, বে অব বেংগল, আৰব সাগৰৰ মিলন বিন্দু। ২০১৯ চনত মোদীয়ে  উত্তৰাখণ্ডৰ কেদাৰনাথ মন্দিৰ পৰিদৰ্শন কৰিছিল আৰু ২০১৪ চনত শিৱাজীৰ প্ৰতাপগড় ভ্ৰমণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement