--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদুবছৰে সংহাৰ চলোৱাৰ পিছত কিছু নিয়ন্ত্ৰণলৈ আহিছিলহে মাত্ৰ, এতিয়া পুনৰ কালৰূপ ধৰি মূৰ দাঙি উঠিছে কোভিডে। কোভিডৰ জন্মস্থান বুলি ভবা চীনত কোভিডে পুনৰ মূৰ দাঙি উঠিছে। ফলত চিন্তিত হৈ পৰিছে বেইজিং।একাধিক চহৰত ঘোষণা কৰা হৈছে লকডাউন।

চীনৰ সৰ্ববৃহৎ চহৰ ছাংহাইৰ য়াংপু জিলাৰ সকলো ১.৩  নিযুত বাসিন্দাক কোভিড পৰীক্ষা কৰোৱাৰ  নিৰ্দেশ দিয়া হৈছে। তেওঁলোকৰ পৰীক্ষাৰ ফলাফল নহালৈকে   ঘৰৰ ভিতৰত থাকিবলৈ কোৱা হৈছে। দেশ খনৰ কেইবা খনো  চহৰত দুমাহৰ লকডাউন জাৰি কৰাৰ ফলত অৰ্থনীতিয়ে বৃহৎ লোকচানৰ সন্মুখীন হৈছে। 

খাদ্য সামগ্ৰীৰ অভাৱে দেখা দিয়াৰো আশংকাই গা কৰি উঠিছে। লকডাউনৰ আৰম্ভণিতে, বিষয়াসকলে কৈছিল যে এয়া  মাত্ৰ কেইদিনমানৰ বাবেহে দিয়া হৈছে,  কিন্তু তাৰ পিছত সময়সীমা বৃদ্ধি কৰি গৈ থকা হৈছে।

দেশ খনৰ পূবৰ ছাংহাইৰ পৰা পশ্চিমৰ তিব্বতলৈ কঠোৰ নিয়ম জাৰি কৰা হৈছে। বহু লোকে   লকডাউনৰ বিৰুদ্ধে প্ৰতিবাদ কৰাও দেখা গৈছে।ভিডিঅ' ক্লিপত দেখা গৈছে যে তিব্বতৰ স্থানীয় বাসিন্দা তথা হান চীনা মূলৰ লোকসকলক লাছাৰ ৰাজপথত ৭৪ দিন ধৰি লকডাউনৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত্য কৰি আছে । 

চীনত শুক্ৰবাৰে ১,৩৩৭ টা নতুন কোভিড সংক্ৰমণ ধৰা পৰিছে। উহান চহৰতো লকডাউন ঘোষণা কৰা হৈছিল।  উল্লেখ্য কোভিডৰ উৎপত্তি চীনতে বুলি বহুতে দাবী কৰি আহিছে যদিও চীনে সেই দাবী অস্বীকাৰ কৰি আহিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক