--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদুবছৰে সংহাৰ চলোৱাৰ পিছত কিছু নিয়ন্ত্ৰণলৈ আহিছিলহে মাত্ৰ, এতিয়া পুনৰ কালৰূপ ধৰি মূৰ দাঙি উঠিছে কোভিডে। কোভিডৰ জন্মস্থান বুলি ভবা চীনত কোভিডে পুনৰ মূৰ দাঙি উঠিছে। ফলত চিন্তিত হৈ পৰিছে বেইজিং।একাধিক চহৰত ঘোষণা কৰা হৈছে লকডাউন।

চীনৰ সৰ্ববৃহৎ চহৰ ছাংহাইৰ য়াংপু জিলাৰ সকলো ১.৩  নিযুত বাসিন্দাক কোভিড পৰীক্ষা কৰোৱাৰ  নিৰ্দেশ দিয়া হৈছে। তেওঁলোকৰ পৰীক্ষাৰ ফলাফল নহালৈকে   ঘৰৰ ভিতৰত থাকিবলৈ কোৱা হৈছে। দেশ খনৰ কেইবা খনো  চহৰত দুমাহৰ লকডাউন জাৰি কৰাৰ ফলত অৰ্থনীতিয়ে বৃহৎ লোকচানৰ সন্মুখীন হৈছে। 

খাদ্য সামগ্ৰীৰ অভাৱে দেখা দিয়াৰো আশংকাই গা কৰি উঠিছে। লকডাউনৰ আৰম্ভণিতে, বিষয়াসকলে কৈছিল যে এয়া  মাত্ৰ কেইদিনমানৰ বাবেহে দিয়া হৈছে,  কিন্তু তাৰ পিছত সময়সীমা বৃদ্ধি কৰি গৈ থকা হৈছে।

দেশ খনৰ পূবৰ ছাংহাইৰ পৰা পশ্চিমৰ তিব্বতলৈ কঠোৰ নিয়ম জাৰি কৰা হৈছে। বহু লোকে   লকডাউনৰ বিৰুদ্ধে প্ৰতিবাদ কৰাও দেখা গৈছে।ভিডিঅ' ক্লিপত দেখা গৈছে যে তিব্বতৰ স্থানীয় বাসিন্দা তথা হান চীনা মূলৰ লোকসকলক লাছাৰ ৰাজপথত ৭৪ দিন ধৰি লকডাউনৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত্য কৰি আছে । 

চীনত শুক্ৰবাৰে ১,৩৩৭ টা নতুন কোভিড সংক্ৰমণ ধৰা পৰিছে। উহান চহৰতো লকডাউন ঘোষণা কৰা হৈছিল।  উল্লেখ্য কোভিডৰ উৎপত্তি চীনতে বুলি বহুতে দাবী কৰি আহিছে যদিও চীনে সেই দাবী অস্বীকাৰ কৰি আহিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
NCERT-ৰ কিতাপত অপাৰেচন সিন্দুৰৰ বিশেষ পাঠ!
এতিয়াৰ পৰা UPI এপৰ জৰিয়তে চাব নোৱাৰিব একাউণ্টৰ জমা ধন
দিলীপ শইকীয়াসহ দেশৰ ১৭ বিশিষ্ট সাংসদক 'সংসদ ৰত্ন' বঁটা
বিশ্বৰ জনপ্ৰিয় গণতান্ত্রিক নেতাৰ শীৰ্ষ স্থানত নৰেন্দ্ৰ মোদী
চেণ্টকমৰ মুৰব্বীক সৰ্বোচ্চ ৰাজ্যিক সন্মান প্ৰদান পাকিস্তানৰ
১৪ ছেপ্টেম্বৰত ভাৰত-পাকিস্তানৰ মেচ
আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ; মহা মৃত্যুঞ্জয় মন্দিৰত পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ
মায়াৰ চৰ শাইলধাৰাত ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড খহনীয়া! নিদ্ৰাৰত অৱস্থাত জনপ্রতিনিধি
ভিটামিন Aৰ অভাৱত শৰীৰৰ হয় নানা সমস্যা! আপুনি জানেনে সতৰ্কবাণীসমূহ
ভাৰতীয় দলত অন্তৰ্ভুক্ত পেচাৰ অনছুল
পাকিস্তানে পুনৰ নিৰ্মাণ কৰিছে সন্ত্রাসবাদীৰ ঘাটি
লং জাম্প, ৭.৭৫ মিটাৰ জঁপিয়াই শ্ৰেষ্ঠ ভাৰতৰ মুৰলী শ্ৰীশংকৰ
অন্তর্ধান হৈছে কৈলাস পৰ্বতৰ চিৰদৃশ্যমান বৰফৰ ঢাকনি
শীঘ্ৰে প্রস্তুত হৈ উঠিব কেঞ্চাৰৰ ভেকচিন