--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ক্ৰমাৎ বৃদ্ধি পোৱা হত্যা, অপহৰণৰ ঘটনাই শংকিত কৰি তুলিছে আফগানিস্থানৰ বাল্খৰ বাসিন্দাসকলক৷এতিয়া এনেদৰেই শংকিত হৈ দিন কটাবলগীয়া হৈছে ঠাইখনৰ বাসিন্দাসকলে৷এই  অঞ্চলটো তালিবানৰ নিয়ন্ত্ৰণলৈ যোৱাৰ পিছৰে পৰা এনেধৰণৰ অপৰাধমূলক ঘটনা বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে৷ 

এই খিনিতে উল্লেখযোগ্য কথা যে সাধাৰণ নাগৰিকৰ লগতে এতিয়া শংকিত হৈ পৰিছে ঠাইখনত কৰ্মৰত চিকিৎসকসকল৷ কাৰণ বহু চিকিৎসা কৰ্মী অপহৰণমূলক ঘটনাৰ বলি হৈছে৷ চিকিৎসকসকলৰ মাজত অপহৰণৰ ঘটনা অধিক সংঘটিত হৈছে আৰু চিকিৎসকসকলৰ লগতে স্থানীয় লোকসকলে  অপৰাধীসকলক শাস্তি দিবলৈ নিৰাপত্তা বিষয়াসকলক দৃঢ়ভাৱে আহ্বান জনাইছে৷  

 চিকিৎসক ফাজেল ৰহিম হাউচমাণ্ডে কয় যে ,চিকিৎসকসকলৰ কৰ্মত ব্যাঘাত নোহোৱাকৈ কাম কৰাৰ পৰিৱেশ সৃষ্টি কৰিবলৈ আমি কৰ্তৃপক্ষ আৰু সামৰিক বিভাগক দাবি জনাইছোঁ৷ 

আন এক বিবৃতিত চৈয়দ আদিলশ্বাহ নামৰ এজন চিকিৎসকে কয় যে ,"আমাৰ সকলো পেছাদাৰী লোকসকল  তেওঁলোকৰ জীৱনৰ লগতে তেওঁলোকৰ পৰিয়ালৰ জীৱনৰ বিষয়ে চিন্তিত হৈ পৰিছে৷”
ইফালে, বাল্খ পুলিচ কমাণ্ডৰ বিষয়াসকলে এই সকলো দাবী খণ্ডন কৰি কয় যে শেহতীয়া ঘটনাৰ অপৰাধীসকলক গ্ৰেপ্তাৰ কৰা হ'ব।

 বৰ্তমান অপৰাধীসকলক বিচাৰি উলিয়াই  তেওঁলোকক ন্যায় ব্যৱস্থাৰ  সন্মুখীন কৰিবলৈ চেষ্টা চলাই থকা হৈছে বুলি বাল্খ আৰক্ষী মুখপাত্ৰ মহম্মদ আচিফ ৱাজিৰীয়ে জানিবলৈ দিয়ে৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক