--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ক্ৰমাৎ বৃদ্ধি পোৱা হত্যা, অপহৰণৰ ঘটনাই শংকিত কৰি তুলিছে আফগানিস্থানৰ বাল্খৰ বাসিন্দাসকলক৷এতিয়া এনেদৰেই শংকিত হৈ দিন কটাবলগীয়া হৈছে ঠাইখনৰ বাসিন্দাসকলে৷এই  অঞ্চলটো তালিবানৰ নিয়ন্ত্ৰণলৈ যোৱাৰ পিছৰে পৰা এনেধৰণৰ অপৰাধমূলক ঘটনা বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে৷ 

এই খিনিতে উল্লেখযোগ্য কথা যে সাধাৰণ নাগৰিকৰ লগতে এতিয়া শংকিত হৈ পৰিছে ঠাইখনত কৰ্মৰত চিকিৎসকসকল৷ কাৰণ বহু চিকিৎসা কৰ্মী অপহৰণমূলক ঘটনাৰ বলি হৈছে৷ চিকিৎসকসকলৰ মাজত অপহৰণৰ ঘটনা অধিক সংঘটিত হৈছে আৰু চিকিৎসকসকলৰ লগতে স্থানীয় লোকসকলে  অপৰাধীসকলক শাস্তি দিবলৈ নিৰাপত্তা বিষয়াসকলক দৃঢ়ভাৱে আহ্বান জনাইছে৷  

 চিকিৎসক ফাজেল ৰহিম হাউচমাণ্ডে কয় যে ,চিকিৎসকসকলৰ কৰ্মত ব্যাঘাত নোহোৱাকৈ কাম কৰাৰ পৰিৱেশ সৃষ্টি কৰিবলৈ আমি কৰ্তৃপক্ষ আৰু সামৰিক বিভাগক দাবি জনাইছোঁ৷ 

আন এক বিবৃতিত চৈয়দ আদিলশ্বাহ নামৰ এজন চিকিৎসকে কয় যে ,"আমাৰ সকলো পেছাদাৰী লোকসকল  তেওঁলোকৰ জীৱনৰ লগতে তেওঁলোকৰ পৰিয়ালৰ জীৱনৰ বিষয়ে চিন্তিত হৈ পৰিছে৷”
ইফালে, বাল্খ পুলিচ কমাণ্ডৰ বিষয়াসকলে এই সকলো দাবী খণ্ডন কৰি কয় যে শেহতীয়া ঘটনাৰ অপৰাধীসকলক গ্ৰেপ্তাৰ কৰা হ'ব।

 বৰ্তমান অপৰাধীসকলক বিচাৰি উলিয়াই  তেওঁলোকক ন্যায় ব্যৱস্থাৰ  সন্মুখীন কৰিবলৈ চেষ্টা চলাই থকা হৈছে বুলি বাল্খ আৰক্ষী মুখপাত্ৰ মহম্মদ আচিফ ৱাজিৰীয়ে জানিবলৈ দিয়ে৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী