--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃইন্দোৰত, টিভি অভিনেত্ৰী বৈশালী ঠাক্কৰৰ  আত্মহত্যাৰ ঘটনাই নিতৌ নতুন পাক লৈছে। বৈশালীৰ আত্মহত্যাৰ গোচৰৰ অভিযুক্ত ৰাহুল নাৱালানীৰ কথাবোৰ নিতৌ সলনি হৈ থকাত  আৰক্ষীক বিভ্ৰান্ত হৈ পৰিছে। ৰাহুলে শেহতীয়াকৈ কয় যে বৈশালীয়ে টিভি উদ্যোগত কাম পোৱা নাছিল, সেয়েহে তেওঁ ৰাহুলৰ  সৈতে যোগাযোগ আৰম্ভ  কৰিছিল। বৈশালী আৰ্থিকভাৱে দুৰ্বল হৈ পৰিছিল। ৰাহুলে তেওঁক  আৰ্থিকভাৱে সহায় কৰিছিল। ৰাহুলে বৈশালী আৰু তেওঁৰ  মাজত ভাল বন্ধুত্বহে আছিল বুলি   স্বীকাৰ কৰিছে।

ৰাহুলে কয় , "বৈশালীয়ে তেওঁৰ  দেউতাকৰ টকা   ল'ব নিবিচাৰিছিল, সেয়েহে মই তেওঁক  বহুবাৰ টকাৰে সহায় কৰিছিলো। অৱশ্যে বৈশালীৰ ভাতৃ নীৰজে এই দাবী সম্পূৰ্ণৰূপে নাকচ কৰিছে। নীৰজে কয় "আমাৰ পৰিয়াল আৰ্থিকভাৱে সক্ষম। মোৰ ভগ্নী বৈশালীৰ ওচৰত বহুত টকা আছিল। তেওঁ কেতিয়াও কাৰো পৰা টকা লোৱাৰ প্ৰয়োজন নাছিল।"
আৰক্ষীয়েও ৰাহুলৰ কথা সেয়ে বিশ্বাসত লোৱা নাই। আৰক্ষীয়ে ৰাহুলৰ কথা পৰীক্ষা কৰিবলৈ বৈশালী আৰু ৰাহুলৰ বেংক একাউণ্টৰ তদন্ত কৰিব বুলি প্ৰকাশ কৰিছে।

আৰক্ষীৰ  মতে ৰাহুলে তদন্তত সহায় কৰা নাই। যদি প্ৰয়োজন হয়, তেওঁৰ নাৰ্কো পৰীক্ষা সন্দৰ্ভত আদালতৰ পৰা অনুমতিও লোৱা হ'ব বুলি আৰক্ষীয়ে কয়। আৰক্ষীয়ে এতিয়ালৈকে ৰাহুলৰ তিনিটা মোবাইল ফোন জব্দ কৰিছে। ৰাহুলে ইতিমধ্যে ম'বাইল ডাটা বিলোপ কৰিছিল। আৰক্ষীয়ে দুটা মোবাইল ফোনৰ তথ্য উদ্ধাৰ কৰিছে।

ৰাহুলে আৰক্ষীক কয়  যে বৈশালী আৰু তেওঁৰ স্বাভাৱিক বাৰ্তালাপ হৈছিল। ঠিক বন্ধুৰ দৰে। সেয়া তেওঁৰ ম'বাইলত আছিল। ম'বাইলটো হেং হৈছিল । সেয়েহে সেয়া  ফৰ্মেট কৰা হৈছিল, ফলত  তেওঁৰ ডাটা বিলোপ হৈছিল। 


টিভি অভিনেত্ৰী বৈশালী ঠাক্কৰৰ ভাবী স্বামী মিতেশ তেওঁৰ মৃত্যুত হতবাক হৈ পৰিছে। মিতেশ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত থাকে । যোৱা শনিবাৰে যেতিয়া বৈশালীয়ে 'আঁতৰি যাওঁ ' বুলি বাৰ্তা প্ৰেৰণ কৰিছিল, মিতেশে একো কথা বুজি পোৱা নাছিল। 

আৰক্ষীয়ে পৰিয়ালৰ বক্তব্যৰ পৰা জানিব পাৰিছে যে ৰাহুলে এবাৰ তেওঁক তেওঁৰ ঘৰলৈ মাতিছিল আৰু বৈশালীক আক্ৰমণ কৰিছিল। আৰক্ষীয়ে ৰাহুলকো সোধা-পোছা কৰিছিল। ৰাহুলে কৈছিল যে বৈশালীয়ে  অচিনাকী  ল'ৰাবোৰৰ সৈতেহে কথা পাতিছিল আৰু মোৰ কথা নুশুনিছিল। গতিকে তেওঁ বৈশালীৰ  ওপৰত হাত তুলিছিল। আৰক্ষীয়ে ৰাহুলক তেওঁৰ পত্নী আৰু বৈশালীৰ মাজৰ বিবাদৰ বাবে সোধপোছ কৰিছিল। ৰাহুলে কৈছিল যে দুয়োজনৰ মাজত তেনে কোনো বিবাদ নাছিল। যদি তেনেকুৱা হ'লহেঁতেন, মোৰ পত্নীয়ে মোক এই বিষয়ে ক'লেহেঁতেন।

ইন্দোৰত টিভি অভিনেত্ৰী বৈশালী ঠাক্কৰ আত্মহত্যাৰ গোচৰৰ অভিযুক্ত ৰাহুল নাৱালানীৰ ন্যায়িক জিম্মাৰ ম্যাদ  আৰু চাৰি দিনলৈ বৃদ্ধি কৰা হৈছে। ৰাহুলে বৈশালী সম্পৰ্কীয় বহু কথা আৰক্ষীক উল্লেখ কৰিছে। কিন্তু আৰক্ষী বিষয়াসকলে বিশ্বাস কৰে যে তেওঁ বিভ্ৰান্তিকৰ মন্তব্য কৰি আহিছে।

টিভি অনুষ্ঠান 'সসুৰাল চিমাৰ কা'ত অঞ্জলি ভৰদ্বাজৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী বৈশালী ঠাক্কৰে ১৭ অক্টোবৰত আত্মহত্যা কৰে। ৩০ বছৰীয়া বৈশালীৰ মৃতদেহ ইন্দোৰৰ চাই বাগ কলনীত থকা তেওঁৰ ঘৰত ওলমি থকা অৱস্থাত পোৱা গৈছিল। আৰক্ষীয়ে এটা আঠ পৃষ্ঠাৰ চুইচাইড নোট উদ্ধাৰ কৰিছিল। 
টিভি অভিনেত্ৰী বৈশালী ঠাক্কৰৰ প্ৰেম জনিত কাৰণত মৃত্যু হৈছিল নে তেওঁ ব্লেকমেইলিংৰ ভুক্তভোগী হৈছিল...? 

টিভি অভিনেত্ৰী বৈশালী ঠাক্কাৰ আত্মহত্যাৰ গোচৰত, আৰক্ষীয়ে অভিযুক্ত ৰাহুল নাৱালানীক ১৯ অক্টোবৰত গ্ৰেপ্তাৰ কৰিছিল। ৰাহুলৰ বিৰুদ্ধে বৈশালীক অত্যাচাৰ কৰাৰ অভিযোগ আছে। বৈশালীয়ে চুইচাইড নোটত ৰাহুল নাৱালানী আৰু তেওঁৰ পত্নী দিশাৰ কথা উল্লেখ কৰিছিল আৰু তেওঁলোকক শাস্তি দিয়াৰ বিষয়ে লিখিছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু