--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • হোজাই বিধানসভা সমষ্টিৰ অন্তৰ্গত লংজাপৰ বাসিন্দা ৰঞ্জিত দাস আৰু সুৰভি বৰদলৈৰ একমাত্ৰ কন্যা সন্তানটি জন্মৰ ২ বছৰ বয়সৰে পৰা এক জটিল ৰোগত আক্ৰান্ত হৈ আছে।

ডিজিটেল ডেস্ক: পখিলা খেদাৰ বয়সত এক জটিল আৰু দুৰাৰোগ্য ৰোগৰ সৈতে যুঁজিছে কামপুৰ লংজাপৰ এজনী কণমানিয়ে। অন্য দহজন শিশুৰ দৰে সমনীয়াৰ লগত বিদ্যালয়লৈ যোৱা, খেলা-ধুলা কৰাৰ হেঁপাহ আছিল তাইৰ। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস, বৰ্তমান খোজ কাঢ়িবলৈকো অক্ষম কণমানিজনী। উপায়হীন হৈ এতিয়া কণমাণিজনীৰ এটাই কাতৰ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ— "মোক ভাল কৰি দিয়া মামা।"


হোজাই বিধানসভা সমষ্টিৰ অন্তৰ্গত লংজাপৰ বাসিন্দা ৰঞ্জিত দাস আৰু সুৰভি বৰদলৈৰ একমাত্ৰ কন্যা সন্তানটি জন্মৰ ২ বছৰ বয়সৰে পৰা এক জটিল ৰোগত আক্ৰান্ত হৈ আছে। বৰ্তমান শিশুটিৰ শৰীৰৰ বিভিন্ন স্থানত ঘাঁৰ সৃষ্টি হৈছে। বৃত্তিত দিন-হাজিৰা কৰা দুৰ্ভগীয়া পিতৃ ৰঞ্জিত দাসে নিজৰ সাধ্যানুসৰি দিন-ৰাতি একাকাৰ কৰি সন্তানটিৰ চিকিৎসা কৰাইছিল যদিও আজিকোপতি কোনো সুফল পোৱা নাই।


দুখৰ বিষয় যে, শেহতীয়াকৈ ৰঞ্জিত দাসৰ পত্নী সুৰভি বৰদলৈও এক জটিল ৰোগত আক্ৰান্ত হৈ পৰিছে। চিকিৎসকৰ মতে, তেওঁকো জৰুৰীভাৱে অস্ত্ৰোপ্ৰচাৰৰ প্ৰয়োজন। এফালে একমাত্ৰ কন্যা আৰু আনফালে পত্নী— দুয়োগৰাকীৰে অসুস্থতাই দিনহাজিৰা কৰা ৰঞ্জিত দাসক এতিয়া সম্পূৰ্ণৰূপে দিশহাৰা কৰি তুলিছে।


অত্যন্ত দৰিদ্ৰ এই পৰিয়ালটোৱে আজিকোপতি লাভ কৰা নাই কোনো চৰকাৰী আৱাসগৃহ, অৰুণোদয় আঁচনি বা অন্য কোনো চৰকাৰী সাহাৰ্য। জানিব পৰা মতে, উপায়হীন পিতৃয়ে সহায় বিচাৰি স্থানীয় হোজাই সমষ্টিৰ বিধায়কক বহুবাৰ কাকুতি-মিনতি কৰিছিল যদিও কোনো সুফল পোৱা নাই। বিধায়কৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ সাহাৰ্যৰ আবেদন প্ৰেৰণ কৰাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীক পোনপটীয়াকৈ লগ কৰাৰ চেষ্টাও বিফল হয় ৰঞ্জিত দাসৰ।


প্ৰশাসন আৰু জনপ্ৰতিনিধিৰ পৰা আশানুৰূপ সঁহাৰি নোপোৱাৰ পিছত এতিয়া এই দুৰ্ভগীয়া পৰিয়ালটোৰ শেষ ভৰসা হৈ পৰিছে ৰাজ্যৰ সংবাদ মাধ্যম। সংবাদ মাধ্যমৰ জৰিয়তে ৰাজ্যৰ জনদৰদী মুখ্যমন্ত্ৰীগৰাকীলৈ হাতযোৰ কৰি কাতৰ আহ্বান জনাই পৰিয়ালে কয়- "আমাক কোনো চৰকাৰী আঁচনি বা ঘৰ নালাগে। কেৱল আমাৰ পত্নী আৰু কণমানি সন্তানটিক চৰকাৰীভাৱে সু-চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তোলক।"


বৰ্তমান এই অসহায় পৰিয়ালটোৱে চৰকাৰ তথা কোনো হৃদয়ৱান ব্যক্তি বা স্বেচ্ছাসেৱী সংগঠনৰ জৰুৰী সহায়ৰ বাবে অধীৰ আশাৰে বাট চাইছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?