--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিটো সময়ত বিশ্বৰ প্ৰায় সকলো চহৰৰে উত্তাপ গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে ভয়াৱহভাবে বৃদ্ধি পাইছে তেনে সময়তে চহৰৰ উত্তাপ নিয়ন্ত্ৰণ কাম  কৰিছে এইগৰাকী যুৱতীয়ে । শেহতীয়াকৈ বিশ্বৰ বহু দেশ, চহৰ আৰু গাঁৱে গোলকীয় উষ্ণতা বৃদ্ধিৰ কুফল ভুগিবলগীয়া হৈছে।




 বাংলাদেশো গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছে।কংক্ৰিটৰ চহৰ   ঢাকাও ইয়াৰ ব্যতিক্ৰম নহয়।   ঢাকাক অত্যাধিক উষ্ণতাৰ পৰা কেনেকৈ সুৰক্ষিত কৰিব পাৰি সেই বিষয়ত বাংলাদেশৰ চৰকাৰে চিন্তা-চৰ্চা কৰি গৈছে। শেহতীয়াকৈ বুছৰা আফ্ৰিনে ছাকা চহৰৰ উত্তাপ নিয়ন্ত্ৰণৰ দায়িত্ব লাভ কৰিছে। তেওঁক  ঢাকাৰ 'চিফ হিট অফিচাৰ' হিচাবে নিযুক্তি দিয়া হৈছে। এই পদটো হৈছে ছাকাৰ  শীৰ্ষ তাপ নিয়ন্ত্ৰকৰ পদ। 



ইতিমধ্যে ঢাকাৰ উপৰি   মিয়ামি, লছ এঞ্জেলছ, এথেন্স, গ্ৰীচ, অষ্ট্ৰেলিয়াৰ মেলবৰ্ণ আৰু আফ্ৰিকাৰ কিছুমান দেশত "চিফ  হিট বিষয়া" নিযুক্তি দিয়া হৈছে।  বাংলাদেশৰ ঢাকাত "চিফ হিট বিষয়া"ৰ এই পদত নিযুক্তি পোৱা বুছৰাই হৈছে প্ৰথম ব্যক্তি।

বুছৰাৰ  পিতৃ আতিকুল ইছলাম ঢাকা উত্তৰ পৌৰ নিগমৰ মেয়ৰ। ঢাকাত  তেওঁৰ কাপোৰৰ বিশাল ব্যৱসায়ো আছে। 

ঢাকাতেই ডাঙৰ-দীঘল হৈছে বুছৰা। তেওঁ কানাডাত গ্লোবেল ডেভেলপমেণ্ট ষ্টাডিজ বিষয়ত  অধ্যয়ন কৰিছিল। ঘৰলৈ উভতি অহাৰ পিছত তেওঁ বাংলাদেশৰ এটা ব্যক্তিগত কোম্পানীত কাম কৰিবলৈ লয়। 



বিশ্ব অৰ্থনৈতিক মঞ্চৰ মতে  জলবায়ু পৰিৱৰ্তনৰ ফলত ছাকাৰো তাপমাত্ৰা বৃদ্ধি পাইছে। ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ সেয়ে 'চিফ হিট অফিচাৰ' নিযুক্ত কৰা হৈছিল। তেওঁলোকে সাধাৰণ ৰাইজক উষ্ণতা বৃদ্ধিৰ বিষয়ে সচেতন কৰে।

'চিফ হিট অফিচাৰ' ৰ কাম হ’ল সাধাৰণ লোকসকলক উত্তাপ বৃদ্ধিৰ বিষয়ে সতৰ্ক কৰাৰ উপৰি  তাপমাত্ৰা নিয়ন্ত্ৰণত ৰখাৰ বাবে হ্ৰস্ব আৰু দীৰ্ঘম্যাদী প্ৰকল্পও গ্ৰহণ কৰা । তেনে পদক্ষেপৰ ভিতৰত আছে  গছ ৰোপণ কৰা, ছাঁ থকা ঠাই বৃদ্ধি কৰা। অত্যধিক তাপৰ ফলত হোৱা ৰোগৰ চিকিৎসা প্ৰদান কৰা আদি।  'চিফ হিট অফিচাৰ'-এ এই সন্দৰ্ভত সকলো চৰকাৰী বিভাগৰ সৈতে সমন্বয় ৰক্ষা কৰি চলে। 




চহৰ এখনৰ সকলো অঞ্চলতে তাপমাত্ৰা একে নহয়। য'ত কাৰখানা,  কাৰ্যালয়, শ্বপিং মল  আদি আছে সেইবোৰ ঠাইত  শীততাপ নিয়ন্ত্ৰণ যন্ত্ৰ অধিক হোৱা বাবে  তাপমাত্ৰাও অধিক হয়। এই অঞ্চলবোৰত সাধাৰণতে  কম গছ-গছনিও কম থাকে। এইবোৰক উচ্চ তাপমাত্ৰা থকা অঞ্চল বুলি কোৱা হয়। চিফ হিট অফিচাৰজনে চহৰখনত সেই এলেকাবোৰৰ তাপমাত্ৰা কিদৰে নিয়ন্ত্ৰণত ৰাখিব পাৰি সেই বিষয়ে প্ৰকল্প প্ৰস্তুত কৰে



ঢাকা নৰ্থ মিউনিচিপাল কৰ্পোৰেশ্যনে (ডিএনচিচি) তাপমাত্ৰা নিয়ন্ত্ৰণৰ বাবে আমেৰিকান সংস্থা এটাৰ সৈতে একেলগে কাম কৰিব। তেওঁলোকে ইতিমধ্যে এড্ৰিয়েন আৰ্শ্বট-ৰকফেলাৰ ফাউণ্ডেচন ৰেচিলিয়েঞ্চ চেণ্টাৰৰ সৈতে এক চুক্তি স্বাক্ষৰ কৰিছে।

আমেৰিকান সংস্থাটোৱে বিভিন্ন দেশৰ প্ৰশাসনৰ সৈতে চুক্তিবদ্ধ হৈছে। তেওঁলোকেই বছৰাক ঢাকাৰ  'চিফ হিট অফিচাৰ' হিচাবে নিযুক্তি  দিছে। 












FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ