--°C
Loading...
Listen to Article
1 min read
80%

In Short

  • কামৰূপ জিলাৰ পলাসবাৰীৰ চূলিকাটাত জলসম্পদ বিভাগৰ কাৰ্যালয়ৰ চৌহদত হাজাৰ হাজাৰ জিও-বেগ বছৰ বছৰ ধৰি অৱ্যৱহৃত অৱস্থাত পৰি থকা ঘটনাই স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে, যি সময়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াই এই অঞ্চলসমূহক জুৰুলা কৰি আহিছে।

পলাসবাৰী, ৩১ জুলাই: ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়াই ৰাজ্যৰ কেইবাখনো অঞ্চলত ব্যাপক ক্ষতিসাধন কৰি থকাৰ সময়তে কামৰূপ জিলাৰ পলাসবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত শিমিনা চ’কৰ সমীপৱৰ্তী চূলিকাটাত থকা জলসম্পদ বিভাগৰ পৰিদৰ্শন বঙলাৰ চৌহদত হাজাৰ হাজাৰ জিও-বেগ অৱ্যৱহৃত অৱস্থাত পৰি আছে। মথাউৰি নিৰ্মাণ আৰু খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱহৃত এই গুৰুত্বপূৰ্ণ সামগ্ৰীসমূহ দীৰ্ঘদিন ধৰি এনেদৰে পৰি থকা ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, এই জিও-বেগ আৰু অন্যান্য খহনীয়া প্ৰতিৰোধক সামগ্ৰীসমূহ প্ৰায় দুটাৰ পৰা তিনিটা বছৰ ধৰি মুকলি ঠাইতে পেলাই থোৱা হৈছে। এই সামগ্ৰীসমূহ ব্যৱহাৰৰ বাবে কোনো ধৰণৰ পৰিকল্পনা কৰা হোৱা নাই বুলিও তেওঁলোকে অভিযোগ কৰে। মুকলি ঠাইত পৰি থকাৰ ফলত এই জিও-বেগসমূহৰ চাৰিওফালে বন-জংঘল গজি উঠিছে, যাৰ ফলত কোটি কোটি টকাৰ সামগ্ৰী নষ্ট হোৱাৰ সম্ভাৱনাই দেখা দিছে।

বিশেষকৈ শিমিনা, গুইমাৰা আৰু গুমিত ব্ৰহ্মপুত্ৰৰ খহনীয়াই প্ৰতিদিনে নতুন নতুন অঞ্চল গ্ৰাস কৰি থকাৰ সময়তে এনেদৰে গুৰুত্বপূৰ্ণ সামগ্ৰীসমূহ অৱ্যৱহৃত অৱস্থাত পৰি থকা ঘটনাই ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে। স্থানীয় লোকে প্ৰশ্ন কৰিছে যে, খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পিছতো জলসম্পদ বিভাগে কিয় এই সামগ্ৰীসমূহ ব্যৱহাৰ কৰিবলৈ সক্ষম হোৱা নাই।

ৰাইজে অভিযোগ কৰিছে যে, জিও-বেগসমূহ দীৰ্ঘদিন ধৰি এনেদৰে মজুত কৰি ৰখাটোৱে বিভাগৰ দুৰ্বল পৰিকল্পনা আৰু ব্যৱস্থাপনাৰ অভাৱকে প্ৰতিফলিত কৰিছে। চৰকাৰে খহনীয়া প্ৰতিৰোধৰ বাবে বিভিন্ন মহত্বাকাংক্ষী আঁচনি হাতত লোৱাৰ কথা ঘোষণা কৰি থকাৰ সময়তে এনেদৰে গুৰুত্বপূৰ্ণ সামগ্ৰীসমূহৰ অপচয় হোৱাটো দুৰ্ভাগ্যজনক বুলিও তেওঁলোকে মন্তব্য কৰে। এই বিষয়ে শীঘ্ৰেই চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব সহকাৰে বিবেচনা কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
টকাৰ বাবে অমানুষিক কাণ্ড! ৪২ লাখ টকাৰ বাবেই ককায়েক-বৌয়েকে নৃশংসভাৱে হ*ত্যা কৰিলে নিজ ভগ্নীক
ছত্তিশগড়ত চলন্ত গাড়ী নদীত পৰাত পতি-পত্নীসহ দুই সন্তানৰ মৃত্যু
হোজাইত বেজালি কৰাৰ নামত মহিলাৰ পৰা লুটিলে সোণ, ৰূপৰ গহনাৰ সৈতে নগদ ধন
খুচুৰা মুদ্ৰাৰ চমক! ৫ বছৰৰ সঞ্চয়েৰে স্কুটি ক্ৰয় চাবুৱাৰ সন্তোষ কুমাৰ শ্বাহৰ
ধৰ্মান্তৰ আৰু দ্বিতীয় বিবাহৰ অভিযোগ; শিলচৰত জীৱিত কন্যাৰ প্ৰতীকী পিণ্ডদান কৰি শ্ৰাদ্ধানুষ্ঠান সম্পন্ন পিতৃৰ
গুৱাহাটীত ১২ নৱেম্বৰত বন্ধ থাকিব পেট্রল পাম্প
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
সৌৰভ দুৱৰাৰ ‘ফিছিং নেট ইন উইণ্টাৰ মর্নিং’লৈ আন্তর্জাতিক স্বীকৃতি
মাৰাথন সম্পূৰ্ণ কৰি বিজয় পদক হাতত লোৱাৰ পিছতেই হাৰ্ট এটেকত মৃত্যু ছফ্টৱেৰ অভিযন্তাৰ
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা: দিল্লীত দীপাৱলীত ‘সেউজ ফটকা’হে ফুটুৱাব পাৰিব
আৰক্ষীৰ এনকাউণ্টাৰত নিহত ঘাতক ঘনকান্ত গগৈ
ইউৰোপত এবছৰত ২২ হাজাৰটা প্ৰতিবাদী কাৰ্যসূচী, চৰকাৰ-বিৰোধী বিক্ষোভ-সমদলত উত্তাল
কাজিৰঙাত আজিৰে পৰা আৰম্ভ জীপ চাফাৰী
কলিয়াবৰত বান্দৰৰ আক্ৰমণত ছাত্ৰ-ছাত্ৰী আহত