--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিচ্ছেদৰ পিছত পূৰ্বৰ দুয়োজনে ইজনে সিজনক ‘ছাৰ’ আৰু ‘মেম’ বুলি সম্বোধন কৰে। সঞ্জয় দত্ত আৰু মাধুৰী দীক্ষিত নব্বৈৰ দশকৰ আইকনিক প্ৰেমিক যুগল। পৰ্দাৰ প্ৰেমৰ পৰা প্ৰেম বাস্তৱ জীৱনলৈ ৰূপান্তৰিত হৈছিল। সেই বিচ্ছেদৰ পিছত বহু বিতৰ্ক আৰু অভিযোগৰ পাহাৰ।

প্ৰায় ২১ বছৰৰ পাছত সঞ্জয় আৰু মাধুৰীয়ে কৰণ জোহৰৰ ‘কলংক’ত অভিনয় কৰিছিল। ছবিখনৰ প্ৰচাৰ অনুষ্ঠানত তেওঁলোকে এক অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়। ছবিখনৰ অন্যান্য অভিনেতাৰ সৈতে মঞ্চত উপস্থিত আছিল পূৰ্বৰ দম্পতীহাল। মাধুৰীয়ে সঞ্জয়ক "সঞ্জয় ছাৰ" বুলি সম্বোধন কৰাৰ সময়ত সঞ্জয়ে সুধিছে "ছাৰ আপুনি কিয় তেনেকৈ কৈছে?" মাধুৰীয়ে উত্তৰ দিলে, "তুমিও মোক মেম বুলি কোৱা।" প্ৰাক্তন প্ৰেমিকাৰ কথা শুনি সঞ্জয়ে ক'লে, "নাই, মই মাধুৰী সম্বোধন কৰিব খুজিছিলো।"

এই কথা-বতৰাৰ পাছত মঞ্চত বৰুণ ধাৱনে সুধিলে, "ইমান বছৰে ইজনে সিজনক ছাৰ মেম কিয় মাতিছা?" প্ৰশ্নটো শুনি মাধুৰীৰ মুখত অস্বস্তিৰ ছাঁ এটা পৰিল যদিও তাই লগে লগে পৰিস্থিতি চম্ভালিলে। তেওঁ ক'লে, "মই তেওঁক সন্মান কৰো, গতিকে তেওঁক ছাৰ বুলি কওঁ।" 

একেখন ছবিৰ আন এক প্ৰচাৰ অনুষ্ঠানত সঞ্জয়ে মাধুৰী সন্দৰ্ভত কয় যে বহু বছৰৰ পাছত অভিনেত্ৰীগৰাকীৰ সৈতে কাম কৰি তেওঁ উচ্ছ্বসিত হৈ পৰিছে। তেওঁ ক'লে, "মই মাধুৰীৰ লগত আৰু কাম কৰিব বিচাৰো।" কিন্তু সঞ্জয়ৰ কথা শুনাৰ লগে লগে মাধুৰীয়ে মুকলিকৈ হাঁহিলে। তেওঁলোকৰ এই পুৰণি ভিডিঅ’টো আকৌ এবাৰ ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ