--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মমো বহুতৰে প্ৰিয় খাদ্য। সেই মমো প্ৰাণ কাঢ়িলে এজন যুৱকৰ । ঘটনাটো বিহাৰৰ। কেইজনমান  যুৱকে  বাজি ধৰিছিল কোনে কিমান বেছি  বেছি মমো খাব পাৰে। এজডন যুৱকে এই প্ৰত্যহ্বান গ্ৰহণ কৰি এজন  যুৱকে  ইটোৰ পিছত সিটোকৈ মমো খাবলৈ ধৰিলে। কিন্তু এনেদৰে মমো খাই থকাৰ মাজতে তেওঁ হঠাতে ঢলি পৰিল আৰু থিতাতে  মৃত্যুবৰণ কৰে।

ঘটনাটো বিহাৰৰ গোপালগঞ্জ অঞ্চলত সংঘটিত হৈছে। মৃত যুৱক জনৰ নাম  বিপিন কুমাৰ পাছৱান বুলি জানিব পৰা গৈছে। তেওঁ এখন স্থানীয় মোবাইল মেৰামতিৰ দোকানত কাম কৰিছিল। যুৱক জনে  তেওঁৰ বন্ধুবৰ্গৰ সৈতে মমো খোৱাৰ প্ৰতিযোগিতাত নামিছিল।  ধাৰণা কৰা অনুসৰি বহু বেছি পৰিমাণে মমো খোৱাৰ বাবেই বা মমো ডিঙিত লাগি  ধৰাৰ বাবেই যুৱক জনৰ মৃত্যু হ’ব পাৰে। অৱশ্যে, যুৱকজনৰ পিতৃয়ে  ষড়যন্ত্ৰ কৰি তেওঁৰ পুত্ৰক হত্যা কৰা বুলি অভিযোগ কৰিছে।  তেওঁ থানাত পুত্ৰক হত্যা কৰা বুলি  গোচৰ ৰুজু কৰিছে।আৰক্ষীয়ে জনোৱা অনুসৰি বিপিনে ৰাতি তেওঁৰ বন্ধুবৰ্গক লগ পাইছিল। তেওঁলোকে ঠিক কৰিছিল সকলোৱে একেলগে মমো 

বিপিনে এটাৰ পিছত এটাকৈ মমো খাই গৈছিল। এসময়ততেওঁ হঠাতে অচেতন হৈ পৰিছিল আৰু ঘটনাস্থলীতে তেওঁৰ মৃত্যু হয়। আৰক্ষীয়ে ঘটনাৰ খবৰ পোৱাৰ পিছতে  ঘটনাস্থলীত উপস্থিত হৈ  মৃতদেহটো উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

যুৱক জনৰ পিতৃয়ে  অভিযোগ কৰিছে যে তেওঁৰ পুত্ৰৰ বন্ধুসকলে ইচ্ছাকৃতভাৱে মমোত বিষ মিহলাই দিছিল। বিপিনে সেয়া  খোৱাৰ পিছতে  মৃত্যুৰ কোলাত ঢলি পৰে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। যুৱকজনৰ বন্ধুসকলকো সোধা-পোছা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস