--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাঁচ বছৰৰ বাবে দেশৰ ৮১.৩৫ কোটি হিতাধিকাৰীক যোগান ধৰা হ’ব  বিনামূলীয়া খাদ্যশস্য৷ প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত  কেবিনেটে এইবুলি সিদ্ধান্ত গ্ৰহণ কৰিছে যে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা (পিএমজিকেএৱাই)ৰ অধীনত ১ জানুৱাৰী, ২০২৪ৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰায় ৮১.৩৫ কোটি হিতাধিকাৰীক ৫ বছৰৰ বাবে বিনামূলীয়া খাদ্য শস্য প্ৰদান কৰিব।

এই সিদ্ধান্তৰ ফলত  পিএমজিকেএৱাইক ৮১.৩৫ কোটি লোকৰ খাদ্য আৰু পুষ্টিৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে বিশ্বৰ সৰ্ববৃহৎ সমাজ কল্যাণ আঁচনিৰ অন্যতম হৈ পৰিব৷  এই আঁচনিৰ  আনুমানিক ব্যয় হৈছে ৫ বছৰৰ ভিতৰত ১১.৮০ লাখ কোটি টকা।

 অমৃত কালত এই পৰিসৰত খাদ্য সুৰক্ষা নিশ্চিত কৰাটোৱে এখন আকাংক্ষিত আৰু উন্নত ভাৰত গঢ়ি তোলাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি বহুতে ধাৰণা কৰিছে৷

০১-০১-২০২৪ৰ পৰা ৫ বছৰৰ বাবে পিএমজিকেএৱাইৰ অধীনত বিনামূলীয়া খাদ্য শস্য (চাউল, ঘেঁহু আৰু গোটা শস্য/মিলেট)ই খাদ্য সুৰক্ষা শক্তিশালী কৰাৰ লগতে জনসাধাৰণৰ দৰিদ্ৰ আৰু দুৰ্বল শ্ৰেণীৰ যিকোনো আৰ্থিক সংকট লাঘৱ কৰিব। ই এক উমৈহতীয়া ল’গ’ৰ অধীনত ৫ লাখৰো অধিক ন্যায্য মূল্যৰ দোকানৰ নেটৱৰ্কৰ জৰিয়তে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত বিনামূলীয়াকৈ খাদ্য শস্য ডেলিভাৰীৰ ক্ষেত্ৰত দেশব্যাপী একাকাৰিতা প্ৰদান কৰিব।

 হিতাধিকাৰীসকলে অ’এনঅ’আৰচি-ৱান নেচন ৱান ৰেচন কাৰ্ড- পদক্ষেপৰ অধীনত দেশৰ যিকোনো সুলভ মূল্যৰ দোকানৰ পৰা বিনামূলীয়াকৈ খাদ্য-শস্য সংগ্ৰহ কৰিব পাৰিব।  বিনামূলীয়া খাদ্য শস্যই সমান্তৰালভাৱে সমগ্ৰ দেশতে ৱান নেচন ৱান ৰেচন কাৰ্ড (অ’এনঅ’আৰচি)ৰ নীতি  ৰূপায়ণ নিশ্চিত কৰিব ৷

পিএমজিকেএৱাইৰ অধীনত খাদ্য শস্য বিতৰণৰ বাবে পাঁচ বছৰৰ বাবে আনুমানিক খাদ্য ৰাজসাহায্য ১১.৮০ লাখ কোটি টকা। এইদৰে নিৰ্ধাৰিত জনসাধাৰণক বিনামূলীয়া খাদ্য শস্য প্ৰদান কৰিবলৈ পিএমজিকেএৱাইৰ অধীনত অহা পাঁচ বছৰৰ সময়ছোৱাত খাদ্য ৰাজসাহায্য হিচাপে কেন্দ্ৰই প্ৰায় ১১.৮০ লাখ কোটি টকা ব্যয় কৰিব।

পিএমজিকেএৱাইৰ অধীনত ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা পাঁচ বছৰৰ বাবে কাৰ্যকৰী হ'বলগীয়া বিনামূলীয়া খাদ্য শস্যৰ এই ব্যৱস্থাই  প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদী ৰাষ্ট্ৰীয় খাদ্য আৰু পুষ্টি সুৰক্ষা সুনিশ্চিত কৰাৰ সংকল্প প্ৰতিফলিত কৰিছে। 

এটা অন্ত্যোদয়া পৰিয়ালৰ বাবে ৩৫ কেজি চাউলৰ অৰ্থনৈতিক ব্যয় হয় ১৩৭১ টকা, আনহাতে ৩৫ কেজি ঘেঁহুৰ দাম হয় ৯৪৬ টকা, যিটো পিএমজিকেএৱাইৰ অধীনত ভাৰত চৰকাৰে বহন কৰি আছে, আৰু খাদ্যশস্য পৰিয়ালসমূহক সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে