--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাঁচ বছৰৰ বাবে দেশৰ ৮১.৩৫ কোটি হিতাধিকাৰীক যোগান ধৰা হ’ব  বিনামূলীয়া খাদ্যশস্য৷ প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত  কেবিনেটে এইবুলি সিদ্ধান্ত গ্ৰহণ কৰিছে যে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা (পিএমজিকেএৱাই)ৰ অধীনত ১ জানুৱাৰী, ২০২৪ৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰায় ৮১.৩৫ কোটি হিতাধিকাৰীক ৫ বছৰৰ বাবে বিনামূলীয়া খাদ্য শস্য প্ৰদান কৰিব।

এই সিদ্ধান্তৰ ফলত  পিএমজিকেএৱাইক ৮১.৩৫ কোটি লোকৰ খাদ্য আৰু পুষ্টিৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে বিশ্বৰ সৰ্ববৃহৎ সমাজ কল্যাণ আঁচনিৰ অন্যতম হৈ পৰিব৷  এই আঁচনিৰ  আনুমানিক ব্যয় হৈছে ৫ বছৰৰ ভিতৰত ১১.৮০ লাখ কোটি টকা।

 অমৃত কালত এই পৰিসৰত খাদ্য সুৰক্ষা নিশ্চিত কৰাটোৱে এখন আকাংক্ষিত আৰু উন্নত ভাৰত গঢ়ি তোলাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি বহুতে ধাৰণা কৰিছে৷

০১-০১-২০২৪ৰ পৰা ৫ বছৰৰ বাবে পিএমজিকেএৱাইৰ অধীনত বিনামূলীয়া খাদ্য শস্য (চাউল, ঘেঁহু আৰু গোটা শস্য/মিলেট)ই খাদ্য সুৰক্ষা শক্তিশালী কৰাৰ লগতে জনসাধাৰণৰ দৰিদ্ৰ আৰু দুৰ্বল শ্ৰেণীৰ যিকোনো আৰ্থিক সংকট লাঘৱ কৰিব। ই এক উমৈহতীয়া ল’গ’ৰ অধীনত ৫ লাখৰো অধিক ন্যায্য মূল্যৰ দোকানৰ নেটৱৰ্কৰ জৰিয়তে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত বিনামূলীয়াকৈ খাদ্য শস্য ডেলিভাৰীৰ ক্ষেত্ৰত দেশব্যাপী একাকাৰিতা প্ৰদান কৰিব।

 হিতাধিকাৰীসকলে অ’এনঅ’আৰচি-ৱান নেচন ৱান ৰেচন কাৰ্ড- পদক্ষেপৰ অধীনত দেশৰ যিকোনো সুলভ মূল্যৰ দোকানৰ পৰা বিনামূলীয়াকৈ খাদ্য-শস্য সংগ্ৰহ কৰিব পাৰিব।  বিনামূলীয়া খাদ্য শস্যই সমান্তৰালভাৱে সমগ্ৰ দেশতে ৱান নেচন ৱান ৰেচন কাৰ্ড (অ’এনঅ’আৰচি)ৰ নীতি  ৰূপায়ণ নিশ্চিত কৰিব ৷

পিএমজিকেএৱাইৰ অধীনত খাদ্য শস্য বিতৰণৰ বাবে পাঁচ বছৰৰ বাবে আনুমানিক খাদ্য ৰাজসাহায্য ১১.৮০ লাখ কোটি টকা। এইদৰে নিৰ্ধাৰিত জনসাধাৰণক বিনামূলীয়া খাদ্য শস্য প্ৰদান কৰিবলৈ পিএমজিকেএৱাইৰ অধীনত অহা পাঁচ বছৰৰ সময়ছোৱাত খাদ্য ৰাজসাহায্য হিচাপে কেন্দ্ৰই প্ৰায় ১১.৮০ লাখ কোটি টকা ব্যয় কৰিব।

পিএমজিকেএৱাইৰ অধীনত ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা পাঁচ বছৰৰ বাবে কাৰ্যকৰী হ'বলগীয়া বিনামূলীয়া খাদ্য শস্যৰ এই ব্যৱস্থাই  প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদী ৰাষ্ট্ৰীয় খাদ্য আৰু পুষ্টি সুৰক্ষা সুনিশ্চিত কৰাৰ সংকল্প প্ৰতিফলিত কৰিছে। 

এটা অন্ত্যোদয়া পৰিয়ালৰ বাবে ৩৫ কেজি চাউলৰ অৰ্থনৈতিক ব্যয় হয় ১৩৭১ টকা, আনহাতে ৩৫ কেজি ঘেঁহুৰ দাম হয় ৯৪৬ টকা, যিটো পিএমজিকেএৱাইৰ অধীনত ভাৰত চৰকাৰে বহন কৰি আছে, আৰু খাদ্যশস্য পৰিয়ালসমূহক সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement