--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিনে-দিনে সলনি হৈছে ভাৰত আৰু কানাডাৰ কূটনৈতিক সম্পৰ্ক৷ জি-২০ শীৰ্ষ সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ সাক্ষাতৰ পাছতো ঠন ধৰি উঠা নাই দুই দেশৰ সম্পৰ্ক৷কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে খালিস্তানী সন্ত্ৰাসবাদী তথা খালিস্তান টাইগাৰ ফৰ্চৰ মুৰব্বী হৰদীপৰ হত্যাকাণ্ডত ভাৰত জড়িত থকাৰ অভিযোগ উত্থাপন কৰাৰ পাছতে কানাডাৰ ভাৰতীয় চোৰাংচোৱাৰ মুৰব্বী পঞ্জাৱ কেডাৰৰ জ্যেষ্ঠ IPS বিষয়া পৱন কুমাৰ ৰায়ক পদৰ পৰা অপসাৰণ কৰা হৈছে৷

কানাডা চৰকাৰে উত্থাপন কৰা অভিযোগক ভাৰতে অস্বীকাৰ কৰি ইয়াক “অৰ্থহীন” বুলি অভিহিত কৰিছে।১৯৯৭ চনৰ বেটচৰ পঞ্জাৱ কেডাৰৰ আই পি এছ বিষয়া পৱন কুমাৰ ৰায় ২০১০ চনৰ ১ জুলাইৰ পৰা কেন্দ্ৰীয় ডেপুটেচনত আছিল।২০১৮ চনৰ ডিচেম্বৰ মাহত তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব হিচাপে নিযুক্তি লাভ কৰাৰ লগতে কেবিনেট সচিবালয়তো সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

কেন্দ্ৰীয় প্ৰতিনিধি পদৰ পূৰ্বে পঞ্জাৱত থকা সময়ছোৱাত ৰায়ে চিআইডি অমৃতসৰত আৰক্ষী অধীক্ষকৰ পদত অধিষ্ঠিত হৈছিল আৰু তাৰ পাছত ২০০৮ চনৰ জুলাই মাহত জলন্ধৰত জ্যেষ্ঠ আৰক্ষী অধীক্ষক পদত পদোন্নতি লাভ কৰিছিল।

মঙলবাৰে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ১৮ জুনত খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজাৰক হত্যা কৰাৰ আঁৰত ভাৰতৰ ভূমিকা বুলি অভিযোগ উত্থাপন কৰে।ফলস্বৰূপে কানাডাৰ বৈদেশিক মন্ত্ৰী মেলানি জলীয়ে “শীৰ্ষ ভাৰতীয় কূটনীতিবিদ” পৱন কুমাৰ ৰায়ক অপসাৰিত কৰে।

উল্লেখযোগ্য যে ব্ৰিটিছ কলম্বিয়াত অচিনাক্ত আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰা খালিস্তানী সন্ত্ৰাসবাদী নিজাৰক হত্যা কৰাৰ সন্দৰ্ভত কানাডাৰ আৰক্ষীয়ে কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰা নাই।ভাৰতীয় কূটনীতিবিদজনক বহিষ্কাৰ কৰাৰ সিদ্ধান্ত যেন জাষ্টিন ট্ৰুডোৰ পৰা খালিস্তানী গোটৰ হেঁচা আঁতৰাবলৈ লোৱা হৈছে বুলি আন ৰাষ্ট্ৰত বাস কৰা দুই এজন ভাৰতীয়ই প্ৰকাশ কৰিছে। জাষ্টিন ট্ৰুডোৱে ভাৰতৰ খালিস্তানী উগ্ৰপন্থীৰ বিৰুদ্ধে বিবৃতি প্ৰকাশ কৰাৰ পাছতে খালিস্তানী গোটসমূহ ট্ৰুডোৰ বিৰুদ্ধে সৰৱ হৈ পৰা বুলি জানিব পৰা গৈছে।

খালিস্তানী নেতাসকলে পোষ্টাৰ আৰু বেনাৰৰ জৰিয়তে ভাৰতীয় উচ্চায়ুক্ত সঞ্জয় কুমাৰ বাৰ্মা, ভাৰতৰ অধিবক্তা জেনেৰেল অপূৰ্ব শ্ৰীবাস্তৱকে ধৰি ভাৰতীয় কূটনীতিবিদসকলক মুকলি ভাবুকি দিছিল।অৱশ্যে খালিস্তানী উগ্ৰপন্থী আৰু মন্দিৰ ভাঙি পেলোৱাৰ বিৰুদ্ধে এতিয়াও কানাডাৰ কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই।

কানাডাৰ এজন ভাৰতীয়ই ইণ্ডিয়া টুডেক জনাইছে যে ভাৰতীয় কূটনীতিবিদজনক বহিষ্কাৰ কৰাৰ কাৰ্য জাষ্টিন ট্ৰুডোৰ ওপৰত সৰৱ হোৱা খালিস্তানী উগ্ৰপন্থীসকলক আকৰ্ষণ কৰাৰ প্ৰয়াসৰ বাহিৰে আন একো নহয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত