--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিনে-দিনে সলনি হৈছে ভাৰত আৰু কানাডাৰ কূটনৈতিক সম্পৰ্ক৷ জি-২০ শীৰ্ষ সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ সাক্ষাতৰ পাছতো ঠন ধৰি উঠা নাই দুই দেশৰ সম্পৰ্ক৷কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে খালিস্তানী সন্ত্ৰাসবাদী তথা খালিস্তান টাইগাৰ ফৰ্চৰ মুৰব্বী হৰদীপৰ হত্যাকাণ্ডত ভাৰত জড়িত থকাৰ অভিযোগ উত্থাপন কৰাৰ পাছতে কানাডাৰ ভাৰতীয় চোৰাংচোৱাৰ মুৰব্বী পঞ্জাৱ কেডাৰৰ জ্যেষ্ঠ IPS বিষয়া পৱন কুমাৰ ৰায়ক পদৰ পৰা অপসাৰণ কৰা হৈছে৷

কানাডা চৰকাৰে উত্থাপন কৰা অভিযোগক ভাৰতে অস্বীকাৰ কৰি ইয়াক “অৰ্থহীন” বুলি অভিহিত কৰিছে।১৯৯৭ চনৰ বেটচৰ পঞ্জাৱ কেডাৰৰ আই পি এছ বিষয়া পৱন কুমাৰ ৰায় ২০১০ চনৰ ১ জুলাইৰ পৰা কেন্দ্ৰীয় ডেপুটেচনত আছিল।২০১৮ চনৰ ডিচেম্বৰ মাহত তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব হিচাপে নিযুক্তি লাভ কৰাৰ লগতে কেবিনেট সচিবালয়তো সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

কেন্দ্ৰীয় প্ৰতিনিধি পদৰ পূৰ্বে পঞ্জাৱত থকা সময়ছোৱাত ৰায়ে চিআইডি অমৃতসৰত আৰক্ষী অধীক্ষকৰ পদত অধিষ্ঠিত হৈছিল আৰু তাৰ পাছত ২০০৮ চনৰ জুলাই মাহত জলন্ধৰত জ্যেষ্ঠ আৰক্ষী অধীক্ষক পদত পদোন্নতি লাভ কৰিছিল।

মঙলবাৰে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ১৮ জুনত খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজাৰক হত্যা কৰাৰ আঁৰত ভাৰতৰ ভূমিকা বুলি অভিযোগ উত্থাপন কৰে।ফলস্বৰূপে কানাডাৰ বৈদেশিক মন্ত্ৰী মেলানি জলীয়ে “শীৰ্ষ ভাৰতীয় কূটনীতিবিদ” পৱন কুমাৰ ৰায়ক অপসাৰিত কৰে।

উল্লেখযোগ্য যে ব্ৰিটিছ কলম্বিয়াত অচিনাক্ত আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰা খালিস্তানী সন্ত্ৰাসবাদী নিজাৰক হত্যা কৰাৰ সন্দৰ্ভত কানাডাৰ আৰক্ষীয়ে কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰা নাই।ভাৰতীয় কূটনীতিবিদজনক বহিষ্কাৰ কৰাৰ সিদ্ধান্ত যেন জাষ্টিন ট্ৰুডোৰ পৰা খালিস্তানী গোটৰ হেঁচা আঁতৰাবলৈ লোৱা হৈছে বুলি আন ৰাষ্ট্ৰত বাস কৰা দুই এজন ভাৰতীয়ই প্ৰকাশ কৰিছে। জাষ্টিন ট্ৰুডোৱে ভাৰতৰ খালিস্তানী উগ্ৰপন্থীৰ বিৰুদ্ধে বিবৃতি প্ৰকাশ কৰাৰ পাছতে খালিস্তানী গোটসমূহ ট্ৰুডোৰ বিৰুদ্ধে সৰৱ হৈ পৰা বুলি জানিব পৰা গৈছে।

খালিস্তানী নেতাসকলে পোষ্টাৰ আৰু বেনাৰৰ জৰিয়তে ভাৰতীয় উচ্চায়ুক্ত সঞ্জয় কুমাৰ বাৰ্মা, ভাৰতৰ অধিবক্তা জেনেৰেল অপূৰ্ব শ্ৰীবাস্তৱকে ধৰি ভাৰতীয় কূটনীতিবিদসকলক মুকলি ভাবুকি দিছিল।অৱশ্যে খালিস্তানী উগ্ৰপন্থী আৰু মন্দিৰ ভাঙি পেলোৱাৰ বিৰুদ্ধে এতিয়াও কানাডাৰ কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই।

কানাডাৰ এজন ভাৰতীয়ই ইণ্ডিয়া টুডেক জনাইছে যে ভাৰতীয় কূটনীতিবিদজনক বহিষ্কাৰ কৰাৰ কাৰ্য জাষ্টিন ট্ৰুডোৰ ওপৰত সৰৱ হোৱা খালিস্তানী উগ্ৰপন্থীসকলক আকৰ্ষণ কৰাৰ প্ৰয়াসৰ বাহিৰে আন একো নহয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল