--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাম্যবাদী দেশ চীনে আনিছে এক অদ্ভুত আইন। দৰাচলতে দেশৰ "আৱেগক আঘাত কৰা" কাপোৰক চীনত অতি সোনকালে অবৈধ বুলি ঘোষণা কৰা হ'ব৷ইয়াৰ অধীনত দেশৰ আৱেগক আঘাত দিয়া লোকসকলক কাৰাদণ্ড দিয়া বা জৰিমনা বিহাৰ কথা বিবেচনা কৰা হৈছে।

বিবিচিৰ প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ দেশৰ বিধায়িনী দলৰ স্থায়ী সমিতিয়ে আইনখন সংশোধনৰ বাবে এখন খচৰা প্ৰকাশ কৰিছে, তাৰ পাছত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। প্ৰস্তাৱিত আইনখনত উল্লেখ কৰা হৈছে যে সাজ-পোছাক বা বাক্যকে ধৰি বহু ধৰণৰ আচৰণ নিষিদ্ধ কৰা হ’ব। যিটো চীনা জনসাধাৰণৰ আৱেগৰ বাবে ক্ষতিকাৰক আৰু তেওঁলোকৰ আৱেগক আঘাত দিয়ে।

অৱশ্যে নতুন নিয়ম প্ৰৱৰ্তনৰ পাছত কি ধৰণৰ কাপোৰ নিষিদ্ধ কৰা হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ইয়াৰ লগতে আৱেগক আঘাত দিয়াৰ উদ্দেশ্যেৰে এই কাম কৰাসকলৰ শাস্তি কিমান দিনলৈ হ’ব বা কিমান ইয়ান জৰিমনা বিহা হ’ব পাৰে সেয়াও ঠিৰাং হোৱা নাই। বিবিচিৰ প্ৰতিবেদন অনুসৰি এই আইন কাৰ্যকৰী হোৱাৰ পাছত যিসকলে নিজৰ সাজ-পোছাকৰ জৰিয়তে চীনৰ আৱেগক আঘাত কৰা ধৰা পৰে বা আনক পিন্ধিবলৈ বাধ্য কৰা দেখা যায়, তেওঁলোকক ১৫ দিনৰ বাবে আটক কৰিব পাৰি।আৰু ৫,০০০ ইয়ান পৰ্যন্ত জৰিমনা আৰোপ কৰিব পাৰি।

মন কৰিবলগীয়া যে যোৱা বছৰ চাংহাইৰ ওচৰৰ চুঝৌ চহৰত এগৰাকী মহিলাক সাজ-পোছাকৰ বাবেই আৰক্ষীয়ে আটক কৰিছিল। আচলতে অভিযুক্ত মহিলাগৰাকীয়ে ৰাজহুৱা স্থানত কিমোনো পিন্ধিছিল। উল্লেখ্য যে কিমোনো জাপানৰ জাতীয় সাজ-পোছাক আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানৰ কাৰ্যক লৈ চীনৰ জাপানৰ সৈতে দীৰ্ঘদিনীয়া বিবাদ আছে। এই বাবেই কিমোনো পিন্ধি থকাৰ বাবেই মহিলাগৰাকীক আটক কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল