--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাম্যবাদী দেশ চীনে আনিছে এক অদ্ভুত আইন। দৰাচলতে দেশৰ "আৱেগক আঘাত কৰা" কাপোৰক চীনত অতি সোনকালে অবৈধ বুলি ঘোষণা কৰা হ'ব৷ইয়াৰ অধীনত দেশৰ আৱেগক আঘাত দিয়া লোকসকলক কাৰাদণ্ড দিয়া বা জৰিমনা বিহাৰ কথা বিবেচনা কৰা হৈছে।

বিবিচিৰ প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ দেশৰ বিধায়িনী দলৰ স্থায়ী সমিতিয়ে আইনখন সংশোধনৰ বাবে এখন খচৰা প্ৰকাশ কৰিছে, তাৰ পাছত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। প্ৰস্তাৱিত আইনখনত উল্লেখ কৰা হৈছে যে সাজ-পোছাক বা বাক্যকে ধৰি বহু ধৰণৰ আচৰণ নিষিদ্ধ কৰা হ’ব। যিটো চীনা জনসাধাৰণৰ আৱেগৰ বাবে ক্ষতিকাৰক আৰু তেওঁলোকৰ আৱেগক আঘাত দিয়ে।

অৱশ্যে নতুন নিয়ম প্ৰৱৰ্তনৰ পাছত কি ধৰণৰ কাপোৰ নিষিদ্ধ কৰা হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ইয়াৰ লগতে আৱেগক আঘাত দিয়াৰ উদ্দেশ্যেৰে এই কাম কৰাসকলৰ শাস্তি কিমান দিনলৈ হ’ব বা কিমান ইয়ান জৰিমনা বিহা হ’ব পাৰে সেয়াও ঠিৰাং হোৱা নাই। বিবিচিৰ প্ৰতিবেদন অনুসৰি এই আইন কাৰ্যকৰী হোৱাৰ পাছত যিসকলে নিজৰ সাজ-পোছাকৰ জৰিয়তে চীনৰ আৱেগক আঘাত কৰা ধৰা পৰে বা আনক পিন্ধিবলৈ বাধ্য কৰা দেখা যায়, তেওঁলোকক ১৫ দিনৰ বাবে আটক কৰিব পাৰি।আৰু ৫,০০০ ইয়ান পৰ্যন্ত জৰিমনা আৰোপ কৰিব পাৰি।

মন কৰিবলগীয়া যে যোৱা বছৰ চাংহাইৰ ওচৰৰ চুঝৌ চহৰত এগৰাকী মহিলাক সাজ-পোছাকৰ বাবেই আৰক্ষীয়ে আটক কৰিছিল। আচলতে অভিযুক্ত মহিলাগৰাকীয়ে ৰাজহুৱা স্থানত কিমোনো পিন্ধিছিল। উল্লেখ্য যে কিমোনো জাপানৰ জাতীয় সাজ-পোছাক আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানৰ কাৰ্যক লৈ চীনৰ জাপানৰ সৈতে দীৰ্ঘদিনীয়া বিবাদ আছে। এই বাবেই কিমোনো পিন্ধি থকাৰ বাবেই মহিলাগৰাকীক আটক কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা