--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: খালিস্তানী সন্ত্ৰাসবাদী হৰদ্বীপ সিং নিজ্জৰৰ হত্যাক লৈ সূত্ৰপাত ঘটা ভাৰত-কানাডা বিবাদৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত আছে।
কানাডাৰ ভিত্তিহীন অভিযোগৰ পাছত এফালে ভাৰতত খালিস্তানী সন্ত্ৰাসবাদীৰ ঘাটিত তীব্ৰ অভিযান অব্যাহত ৰাখিছে ভাৰতীয় তদন্তকাৰী সংস্থাই। জব্দ কৰিছে কানাডাত বাহৰ পতা একাংশ দুৰ্ধৰ্ষ খালিস্তানী সন্ত্ৰাসবাদীৰ বিশাল সম্পত্তি। বিপৰীতে কানাডাতো অব্যাহত আছে খালিস্তানীৰ ভাৰতবিৰোধী কৰ্মকাণ্ড। 

সোমবাৰে কানাডাৰ ভেংকুভাৰ আৰু অটোৱা চহৰত খালিস্তানীৰ ভাৰতবিৰোধী প্ৰদৰ্শন। নিষিদ্ধঘোষিত সংগঠন শিখ ফৰ জাষ্টিচ অৰ্থাৎ SFJৰ নেতা সন্ত্ৰাসবাদী গুৰুপটবন্ত সিং পন্নু আহ্বানত এই দুয়োখন চহৰত প্ৰতিবাদত নামিছিল খালিস্তানী সমৰ্থক। ভেংকুভাৰৰ ভাৰতীয় দূতাবাসৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে খালিস্তানী সমৰ্থকে। 

এই প্ৰতিবাদৰ সময়ত একাংশ খালিস্তানী সমৰ্থকে ফালি পেলাইছিল ভাৰতৰ জাতীয় পতাকা। খালিস্তানৰ সমৰ্থনত ধ্বনি দিয়া এইসকল লোকে অপমান কৰিছিল ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আলোকচিত্ৰক। ইপিনে খালিস্তানী সন্ত্ৰাসবাদীৰ পক্ষ লৈ ভাৰতৰ বিৰুদ্ধে অভিযোগ তোলা কানাডাই এতিয়া অকলশৰীয়া হৈ পৰিছে আন্তঃৰাষ্ট্রীয় মঞ্চত। 




কানাডাৰ বিৰুদ্ধে ভাৰতে উচিত প্ৰত্যুত্তৰ দিয়াৰ পাছত এতিয়া সুৰ সলনি হৈছে প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডুৰ। ইতিপূৰ্বে ভাৰতৰ কাশ্মীৰৰ লগতে মণিপুৰ আৰু অসম ভ্ৰমণ নকৰিবলৈ কানাডাৰ নাগৰিকক নিৰ্দেশনা প্ৰদান কৰিছিল ট্ৰুডুৰ চৰকাৰে। 

কিন্তু ভাৰতৰ সবল স্থিতিৰ পাছত এই নিৰ্দেশনা সলনি কৰিবলৈ বাধ্য হৈছে কানাডা চৰকাৰ। নিজ দেশৰ নাগৰিকক ভাৰত ভ্ৰমণত সতৰ্কতা অৱলম্বন কৰিবলৈ নতুন নিৰ্দেশনা জাৰি কৰিছে ট্ৰুডুৰ চৰকাৰে। দৰাচলতে দীৰ্ঘদিন ধৰি সন্ত্ৰাসবাদী আৰু গেংষ্টাৰৰ নিৰাপদ আশ্ৰয়স্থলী হৈ আহিছে কানাডা। 

দেশখনত লুকাই থকা ভাৰতবিৰোধীসকলক প্ৰত্যৰ্পণৰ বাবে ভাৰতে দীৰ্ঘদিনে জনাই আহিছে দাবী। বিগত ১০ বছৰত ২৬ বাৰকৈ সন্ত্ৰাসবাদী, গেংষ্টাৰক প্ৰত্যৰ্পণৰ অনুৰোধ জনাইছিল ভাৰত চৰকাৰে। 

কিন্তু এইক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল কানাডা চৰকাৰে। আনকি সন্ত্ৰাসবাদী হৰদ্বীপ সিং নিজ্জৰক ২০১৮ চনত গ্ৰেপ্তাৰৰ পাছতো এৰি দিছিল কানাডা চৰকাৰে। যাক লৈ শেহতীয়াভাৱে কঠোৰ হৈছে ভাৰত চৰকাৰ। 

কেইদিন পূৰ্বে ভাৰত চৰকাৰে গ্ৰহণ কৰিছিল কানাডাস্থিত খালিস্তানী সমৰ্থকৰ OCI কাৰ্ড  বাতিলৰ সিদ্ধান্ত। দৰাচলতে OCI কাৰ্ডৰ জৰিয়তে বিদেশত বাস কৰা ভাৰতীয়ক প্ৰদান কৰা হয় দ্বৈত নাগৰিকত্ব। তেনেস্থলত OCI কাৰ্ড বাতিল হোৱাৰ লগে লগে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰিব এইসকল খালিস্তানী সমৰ্থকে।

ভাৰতৰ এনে সিদ্ধান্তত এতিয়া শ’লঠেকত পৰিছে কানাডাৰ একাংশ খালিস্তানী সমৰ্থক। ইপিনে শ্ৰীলংকাইও শেহতীয়া বিবাদ সন্দৰ্ভত সমৰ্থন আগবঢ়াইছে ভাৰতৰ পক্ষত। আমাৰ চুবুৰীয়া ৰাষ্ট্রখনৰ স্পষ্ট মত, কানাডাই আশ্ৰয় প্ৰদান কৰি আহিছে সন্ত্ৰাসবাদীক। দৰাচলতে ইতিপূৰ্বে শ্ৰীলংকাৰ বিৰুদ্ধেও অভিযোগ আনিছিল প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডুৱে। শ্ৰীলংকা গৃহযুদ্ধত নৰসংহাৰৰ অভিযোগ তুলিছিল ট্ৰুডুৱে। শেহতীয়াভাৱে শ্ৰীলংকাৰ দৰেই ভাৰতৰ বিৰুদ্ধে খালিস্তানী  সন্ত্ৰাসবাদীক হত্যাৰ অভিযোগ তুলি আকৌ এবাৰ বিতৰ্কত সাঙোৰ খাইছে কানাডাৰ জাষ্টিন ট্ৰুডুৰ চৰকাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন