--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: খালিস্তানী সন্ত্ৰাসবাদী হৰদ্বীপ সিং নিজ্জৰৰ হত্যাক লৈ সূত্ৰপাত ঘটা ভাৰত-কানাডা বিবাদৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত আছে।
কানাডাৰ ভিত্তিহীন অভিযোগৰ পাছত এফালে ভাৰতত খালিস্তানী সন্ত্ৰাসবাদীৰ ঘাটিত তীব্ৰ অভিযান অব্যাহত ৰাখিছে ভাৰতীয় তদন্তকাৰী সংস্থাই। জব্দ কৰিছে কানাডাত বাহৰ পতা একাংশ দুৰ্ধৰ্ষ খালিস্তানী সন্ত্ৰাসবাদীৰ বিশাল সম্পত্তি। বিপৰীতে কানাডাতো অব্যাহত আছে খালিস্তানীৰ ভাৰতবিৰোধী কৰ্মকাণ্ড। 

সোমবাৰে কানাডাৰ ভেংকুভাৰ আৰু অটোৱা চহৰত খালিস্তানীৰ ভাৰতবিৰোধী প্ৰদৰ্শন। নিষিদ্ধঘোষিত সংগঠন শিখ ফৰ জাষ্টিচ অৰ্থাৎ SFJৰ নেতা সন্ত্ৰাসবাদী গুৰুপটবন্ত সিং পন্নু আহ্বানত এই দুয়োখন চহৰত প্ৰতিবাদত নামিছিল খালিস্তানী সমৰ্থক। ভেংকুভাৰৰ ভাৰতীয় দূতাবাসৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে খালিস্তানী সমৰ্থকে। 

এই প্ৰতিবাদৰ সময়ত একাংশ খালিস্তানী সমৰ্থকে ফালি পেলাইছিল ভাৰতৰ জাতীয় পতাকা। খালিস্তানৰ সমৰ্থনত ধ্বনি দিয়া এইসকল লোকে অপমান কৰিছিল ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আলোকচিত্ৰক। ইপিনে খালিস্তানী সন্ত্ৰাসবাদীৰ পক্ষ লৈ ভাৰতৰ বিৰুদ্ধে অভিযোগ তোলা কানাডাই এতিয়া অকলশৰীয়া হৈ পৰিছে আন্তঃৰাষ্ট্রীয় মঞ্চত। 




কানাডাৰ বিৰুদ্ধে ভাৰতে উচিত প্ৰত্যুত্তৰ দিয়াৰ পাছত এতিয়া সুৰ সলনি হৈছে প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডুৰ। ইতিপূৰ্বে ভাৰতৰ কাশ্মীৰৰ লগতে মণিপুৰ আৰু অসম ভ্ৰমণ নকৰিবলৈ কানাডাৰ নাগৰিকক নিৰ্দেশনা প্ৰদান কৰিছিল ট্ৰুডুৰ চৰকাৰে। 

কিন্তু ভাৰতৰ সবল স্থিতিৰ পাছত এই নিৰ্দেশনা সলনি কৰিবলৈ বাধ্য হৈছে কানাডা চৰকাৰ। নিজ দেশৰ নাগৰিকক ভাৰত ভ্ৰমণত সতৰ্কতা অৱলম্বন কৰিবলৈ নতুন নিৰ্দেশনা জাৰি কৰিছে ট্ৰুডুৰ চৰকাৰে। দৰাচলতে দীৰ্ঘদিন ধৰি সন্ত্ৰাসবাদী আৰু গেংষ্টাৰৰ নিৰাপদ আশ্ৰয়স্থলী হৈ আহিছে কানাডা। 

দেশখনত লুকাই থকা ভাৰতবিৰোধীসকলক প্ৰত্যৰ্পণৰ বাবে ভাৰতে দীৰ্ঘদিনে জনাই আহিছে দাবী। বিগত ১০ বছৰত ২৬ বাৰকৈ সন্ত্ৰাসবাদী, গেংষ্টাৰক প্ৰত্যৰ্পণৰ অনুৰোধ জনাইছিল ভাৰত চৰকাৰে। 

কিন্তু এইক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল কানাডা চৰকাৰে। আনকি সন্ত্ৰাসবাদী হৰদ্বীপ সিং নিজ্জৰক ২০১৮ চনত গ্ৰেপ্তাৰৰ পাছতো এৰি দিছিল কানাডা চৰকাৰে। যাক লৈ শেহতীয়াভাৱে কঠোৰ হৈছে ভাৰত চৰকাৰ। 

কেইদিন পূৰ্বে ভাৰত চৰকাৰে গ্ৰহণ কৰিছিল কানাডাস্থিত খালিস্তানী সমৰ্থকৰ OCI কাৰ্ড  বাতিলৰ সিদ্ধান্ত। দৰাচলতে OCI কাৰ্ডৰ জৰিয়তে বিদেশত বাস কৰা ভাৰতীয়ক প্ৰদান কৰা হয় দ্বৈত নাগৰিকত্ব। তেনেস্থলত OCI কাৰ্ড বাতিল হোৱাৰ লগে লগে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰিব এইসকল খালিস্তানী সমৰ্থকে।

ভাৰতৰ এনে সিদ্ধান্তত এতিয়া শ’লঠেকত পৰিছে কানাডাৰ একাংশ খালিস্তানী সমৰ্থক। ইপিনে শ্ৰীলংকাইও শেহতীয়া বিবাদ সন্দৰ্ভত সমৰ্থন আগবঢ়াইছে ভাৰতৰ পক্ষত। আমাৰ চুবুৰীয়া ৰাষ্ট্রখনৰ স্পষ্ট মত, কানাডাই আশ্ৰয় প্ৰদান কৰি আহিছে সন্ত্ৰাসবাদীক। দৰাচলতে ইতিপূৰ্বে শ্ৰীলংকাৰ বিৰুদ্ধেও অভিযোগ আনিছিল প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডুৱে। শ্ৰীলংকা গৃহযুদ্ধত নৰসংহাৰৰ অভিযোগ তুলিছিল ট্ৰুডুৱে। শেহতীয়াভাৱে শ্ৰীলংকাৰ দৰেই ভাৰতৰ বিৰুদ্ধে খালিস্তানী  সন্ত্ৰাসবাদীক হত্যাৰ অভিযোগ তুলি আকৌ এবাৰ বিতৰ্কত সাঙোৰ খাইছে কানাডাৰ জাষ্টিন ট্ৰুডুৰ চৰকাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা