--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰমাৎ দুৰত্ব বৃদ্ধি পাইছে নেপাল আৰু ভাৰতৰ৷ পূৰ্বে বিপদে-আপদে ভাৰতৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল আছিল নেপাল। আনকি, নেপালৰ প্ৰলয়ংকৰী ভূমিকম্পৰ সময়তো পোনেতে ভাৰতেই উদ্ধাৰ কাৰ্য চলাইছিল আৰু সা-সামগ্ৰীও যোগান ধৰিছিল। 

যিকোনো প্ৰয়োজনীয় সময়ত ভাৰতে নেপালক চুবুৰীয়া ৰাষ্ট্রৰূপে অনেকবাৰ সহায়-সহযোগ কৰি থৈছে। পিছে এতিয়া ভাৰতৰ সৈতে দূৰত্ব বাঢ়িছে নেপালৰ। ইয়াৰ বিপৰীতে ওচৰ চাপিছে নেপাল আৰু চীন। চীনৰ কাষত থিয় দিছে নেপালে। পিছে কিয় চীনৰ প্ৰতি দৰদ বাঢ়িছে নেপালৰ? চীনে ইতিমধ্যে বহু পৰিমাণৰ ধন বিনিয়োগ কৰি ৰাখিছে নেপালত। আনকি ভাৰতৰ ক্ষতি হ’ব পৰা প্ৰকল্পতো নেপালে চীনক সম্পূৰ্ণ সহযোগ কৰি আহিছে। 

ভাৰতক চীনে সহজে আক্ৰমণ কৰিব পৰাকৈ যি চক্ৰান্ত কৰিছে তাতো নেপালে চীনক সমৰ্থন দি আহিছে। ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলত নেপালে চীনৰ সহযোগত পথ নিৰ্মাণ কৰাৰ লগতে সামৰিক ঘাটিও নিৰ্মাণ কৰিছে। ভাৰতৰ সৈতে যুদ্ধত লিপ্ত হ’লে নেপালৰ ভূমি ব্যৱহাৰ কৰি ভাৰতক আঘাত কৰাৰ সুবিধা কৰি লৈছে চিৰবৈৰী চীনে। এনেবোৰ কথাত ভাৰতে ইতিপূৰ্বে নেপালক চীনৰ এনে কাৰ্যত সহযোগ নকৰিবলৈ বাৰম্বাৰ সকীয়াই দিছিল। সেই কথাত নেপালে ভাৰতক তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল। তাৰ মূলতে নেপালৰ হাতত সাহস আছিল চীন। 




চীনৰ পৰা লাভ কৰা আৰ্থিক সহযোগিতাৰ বাবে নেপালে এতিয়া চীনৰ কথামতেই কাম কৰিবলৈ অগ্ৰসৰ হৈছে। সেইবাবে ভাৰতৰ সৈতে নেপালে ক্ৰমে দূৰত্ব বৃদ্ধি কৰিছে। ভাৰতৰে দূৰত্ব বঢ়াই চীনৰ মাটিত ভৰি দিছে দেশখনৰ প্ৰধানমন্ত্ৰী পুষ্প কুমাৰ দাহাল। সোমবাৰে চীনৰ সৈতে নেপালে সম্পন্ন কৰে ১২খনকৈ চুক্তি। দুয়ো দেশৰ মাজত সম্পৰ্ক বৃদ্ধি কৰাৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰী মিলিত হৈছে চীনৰ প্ৰধানমন্ত্ৰী লি কিয়াঙৰ সৈতে। 

দুয়োগৰাকী নেতাই পাৰস্পৰিক বুজাবুজি আৰু সহযোগিতাৰ চুক্তিতো স্বাক্ষৰ কৰে। ইয়াৰ দ্বাৰা এই কথা স্পষ্ট হৈ পৰিছে যে আহি থকা সময়খিনিত ভাৰতৰ আৰু অধিক ক্ষতি হোৱাৰ আশংকা আছে। কিয়নো, নতুন চুক্তি মতে নেপাল আৰু চীনে উভয় দেশৰ স্বাৰ্থৰ হকে কাম কৰিব আৰু চীনে নেপালৰ মাটিৰ পৰাই ভাৰতৰ ক্ষতি কৰাৰ চেষ্টা চলাব। 

ইতিমধ্যে শনিবাৰে নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙৰ সৈতেও বৈঠকত মিলিত হৈছিল। তাৰ পৰাও চীনে নেপালক ভৱিষ্যতলৈ অধিক সহযোগিতা আগবঢ়োৱাৰ সম্ভাৱনা আছে। শেহতীয়াকৈ চীনে নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীক ইমান প্ৰাধান্য দিয়াৰ আঁৰত ভাৰতৰ ক্ষতি কৰাৰ আশংকাও নিশ্চিতভাৱে বৃদ্ধি পাইছে। ভাৰতে এই ক্ষেত্ৰত সতৰ্ক দৃষ্টি ৰখাটো নিশ্চয়কৈ গুৰুত্বপূৰ্ণ বিবেচিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ