--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কানাডাৰ পৰা মচুৰ দাইলৰ আমদানি হ্ৰাস কৰিছে ভাৰতে৷পূৰ্বে ভাৰতে বৃহৎ পৰিমাণত কানাডাৰ পৰা মচুৰ দাইল আমদানি কৰে। কিন্তু প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে কানাডাত থকা ভাৰতীয় সংস্থাসমূহ খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰৰ হত্যাকাণ্ডৰ লগত জড়িত বুলি অভিযোগ উত্থাপন কৰাৰ পাছত কানাডাই ভাৰতক মছুৰ দাইল বিক্ৰী কৰাৰ গতি লেহেমীয়া হৈছে। ভাৰত চৰকাৰে বাণিজ্যত বাধা আৰোপ কৰিব পাৰে বুলি কানাডাৰ ব্যৱসায়ীসকলে আশংকা কৰিছে, যাৰ বাবে বিক্ৰী হ্ৰাস পাইছে।

ভাৰতত দৈনিক গ্ৰহণ কৰা খাদ্যত মচুৰ দাইলৰ তৰকাৰী তৈয়াৰ কৰা হয়। ভাৰত মচুৰ দাইলৰ আমদানিৰ ওপৰত নিৰ্ভৰশীল। ভাৰতে বৃহৎ পৰিসৰত কানাডাৰ পৰা মচুৰ দাইল আমদানি কৰে। ৰয়টাৰৰ প্ৰতিবেদন অনুসৰি দুয়োখন দেশৰ মাজত উত্তেজনাৰ বাবে দুয়োখন চৰকাৰে বাণিজ্যত বাধা আৰোপ কৰিব পাৰে বুলি ব্যৱসায়ীসকলে আশংকা কৰিছে। ওলাম এগ্ৰি ইণ্ডিয়াৰ জ্যেষ্ঠ উপ-সভাপতি নীতিন গুপ্তাই কয় যে এনে আশংকাই ব্যৱসায়ীসকলক অশান্তি দিছে। কিন্তু চৰকাৰৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে ভাৰতৰ এনে কোনো পৰিকল্পনা নাই আৰু চৰকাৰে আমদানিকাৰকক এনে কোনো নিৰ্দেশনা দিয়া নাই। কানাডাইও নিজৰ ফালৰ পৰা এনে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই যিয়ে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক অৱনতি ঘটাব পাৰে।

মচুৰ দাইলৰ উৎপাদন হ্ৰাস পোৱাৰ পাছত ভাৰতে ২০২৩ চনত কানাডাৰ পৰা বৃহৎ পৰিসৰত মচুৰ দাইল আমদানি কৰিছে। ব্যৱসায়ীসকলে কয় যে এতিয়ালৈকে আমদানি বাতিলৰ কোনো উদাহৰণ পোহৰলৈ অহা নাই। মচুৰ দাইলৰ উৎপাদন হ্ৰাস পোৱাৰ পিছতে মূল্যবৃদ্ধি দেখা গৈছে। কিন্তু কানাডাৰ প্ৰধানমন্ত্ৰীৰ এই বক্তব্যৰ পিছত কানাডাৰ পৰা যোগানৰ মূল্য ৬ শতাংশ হ্ৰাস পাই প্ৰতি মেট্ৰিক টনৰ দাম ৭৭০ ডলাৰ হৈছে। ২০২২-২৩ চনত কানাডাই ভাৰতলৈ মচুৰ দাইল যোগান ধৰা সৰ্ববৃহৎ দেশ আছিল। ২০২৩ চনৰ ৩১ মাৰ্চলৈকে ভাৰতে কানাডাৰ পৰা ৩৭ কোটি ডলাৰৰ ৪.৮৬ লাখ মেট্ৰিক টন মচুৰ দাইল আমদানি কৰিছিল। যিটো ভাৰতৰ মুঠ আমদানিৰ ৫০ শতাংশতকৈও অধিক। চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা জুলাই মাহৰ ভিতৰত যোৱা বছৰৰ তুলনাত কানাডাৰ পৰা মচুৰ দাইলৰ আমদানিৰ ক্ষেত্ৰত ৪২০ শতাংশ জঁপিয়াই পৰিছে।

ভাৰতত প্ৰতি বছৰে ২৪ লাখ মেট্ৰিক টন মচুৰ দাইল খোৱা হয়। আনহাতে ঘৰুৱা উৎপাদন মাত্ৰ ১২ লাখ মেট্ৰিক টন যিটো আমদানিৰ জৰিয়তে পূৰণ কৰা হয়। কিন্তু কানাডাৰ পৰা মচুৰ দাইল ক্ৰয় হ্ৰাস পোৱাৰ পাছত অষ্ট্ৰেলিয়াৰ পৰা ক্ৰয়ৰ পৰিমাণ বৃদ্ধি পাইছে।আগন্তুক বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ বাবে কানাডাৰ মচুৰ দাইলৰ আমদানিক আওকাণ কৰাটো অতি কঠিন হ’ব। শেহতীয়াকৈ গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব ৰোহিত কুমাৰ সিঙে কৈছিল যে ভাৰতে কানাডাৰ পৰা মচুৰ দাইলৰ আমদানি বৃদ্ধি কৰিবলৈ ওলাইছে যাতে উৎসৱৰ বতৰত মচুৰ দাইল গ্ৰাহকক উচিত মূল্যত উপলব্ধ কৰিব পৰা যায়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক