--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুত্ৰৰ অৱহেলাত দুখিত হৈ এহাল পিতৃ-মাতৃৰ আত্মহত্যা। পু্ত্ৰই ব্যৱসায় কৰি ধাৰত পোত গৈছিল। আত্মীয়ৰ পৰা ঋণ লৈ পিতৃয়ে পুত্ৰৰ ঋণ পৰিশোধ কৰিছিল। পিতৃ-মাতৃয়ে নিজৰ পুত্ৰক কানাডালৈ পঠিয়াই দিলে যাতে তেওঁ ভাল উপাৰ্জন কৰিব পাৰে। কানাডালৈ যোৱাৰ লগে লগে পুত্ৰই পিতৃ-মাতৃলৈ পিঠি দিলে।


কানাডালৈ যোৱাৰ পাছতেই মাক-দেউতাকৰ লগত কথা পতাও বন্ধ কৰি দিছিল পুত্ৰই। এই কথাত পিতৃ-মাতৃ সদায় দুখী হৈ আছিল। পুত্ৰৰ পৰা অৱহেলিত হৈ পিতৃ-মাতৃয়ে নিজ ঘৰতে আত্মহত্যা কৰে। পিতৃ-মাতৃয়ে পুত্ৰৰ নামত এখন ছুইচাইড নোট লিখি থৈ গৈছে য’ত তেওঁলোকে নিজৰ বেদনাদায়ক কাহিনী বৰ্ণনা কৰিছে। আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। এই ঘটনা সংঘটিত হৈছে গুজৰাটৰ চুৰাটত।

চুৰাটৰ সৰ্থনা থানা এলেকাৰ অন্তৰ্গত মীৰা এভিনিউ নামৰ এটা অট্টালিকাত বাস কৰা ৬৬ বছৰীয়া চুনি ভাই গেদিয়া আৰু তেওঁৰ পত্নী ৬৪ বছৰীয়া মুক্তবেন গেদিয়াই বুধবাৰে নিজৰ ঘৰতে আত্মহত্যা কৰে। আত্মহত্যা কৰা পিতৃ চুনিভাইৰ পুত্ৰ পীয়ুষে ৪ বছৰ পূৰ্বে বিত্তীয় ব্যৱসায়ত লোকচান ভুগিছিল। তেওঁ ৪০ লাখ টকাৰ ঋণ লৈছিল।


পিতৃ চুনি ভাইয়ে আত্মীয়ৰ পৰা টকা লৈ পীয়ুষৰ ঋণ পৰিশোধ কৰিছিল। ইয়াৰ পিছত পীয়ুষ কানাডালৈ গৈ তাতেই বসতি স্থাপন কৰিলে। ইয়াত পুত্ৰৰ ঋণ পৰিশোধ কৰিবলৈ পিতৃ নিজেই ঋণী হৈ পৰিল। কানাডাত বসতি স্থাপন কৰাৰ পিছত পীয়ুষে দেউতাকক কোনো ধৰণৰ আৰ্থিক সাহায্য প্ৰদান কৰা নাছিল আৰু ফোনতো তেওঁৰ লগত সঠিকভাৱে কথা পতা নাছিল। পুত্ৰ পীয়ুষৰ এই আচৰণত পিতৃ-মাতৃ দুয়োজনেই বৰ চিন্তিত আৰু দুখী হৈ পৰিছিল। 

ছুইচাইড নোটত পিতৃ-মাতৃয়ে তেওঁলোকৰ শেষ ৰীতি-নীতিৰ বাবে ধন খৰচ নকৰিবলৈ পু্ত্ৰ-বোৱাৰীক আহ্বান জনাইছে। পুত্ৰ আৰু বোৱাৰীয়ে তেওঁলোকৰ লগত কৰা দুৰ্ব্যৱহাৰৰ কথাও ছুইচাইড নোটত উল্লেখ কৰিছে। ছুইচাইড নোটত চুনি ভাইয়ে লিখিছে যে তেওঁ ৪০ লাখ টকাৰ ঋণত আছে। তেওঁ ঋণ পৰিশোধ কৰিব নোৱাৰে। তেওঁ লিখিছে- ''এতিয়া মোৰ বয়স ৬৫ বছৰ, গতিকে বৰ্তমান মই কামো কৰিব নোৱাৰো। মোৰ কোনো ব্যৱসায়ো নাই, যাৰ বাবে মই এনে পদক্ষেপ লৈছো।

এই ধৰণৰ সময় মোৰ ওচৰলৈ আহিল যে মোৰ ল’ৰা পীয়ুষৰ ঋণ পৰিশোধ কৰিবলৈ মই নিজে ঋণত পৰিলোঁ। মোৰ সকলো গহনা আৰু মোৰ সঞ্চয় ধন পীয়ুষক দিছিলোঁ।

পীয়ুষ যোৱা ৪ বছৰ ধৰি কানাডাত বাস কৰি আহিছে। এই সময়ছোৱাত তেওঁ মোক এবাৰো ফোন কৰা নাই। মই দুবাৰকৈ পীয়ুষলৈ ভিডিঅ’ কল কৰিলোঁ, কিন্তু তেওঁ ফোনটো ধৰা নাছিল। পাওনাদাৰে মোৰ ওপৰত কোনো ধৰণৰ হেঁচা দিয়া নাই। বন্ধু-বান্ধৱ আৰু আত্মীয়ৰ ওচৰত মই ঋণী, কিন্তু এতিয়া মোৰ লাজ লাগে। মই চিন্তিত হৈ পৰিছো। মই পীযুষক সকলো টকা দিছো এতিয়া মই তেওঁলোকক (বন্ধু আৰু আত্মীয়) টকা দিব নোৱাৰো গতিকে মই আত্মহত্যা কৰিছো। মোক কোনেও ভাবুকি দিয়া নাই আৰু মোৰ পৰা কোনো ধৰণৰ ধন দাবী কৰা নাই।

তোমাৰ কাৰণেই মই আৰু মোৰ পত্নী ৰাস্তালৈ আহিবলগীয়া পৰিস্থিতি হ’ল। তুমি আমাক বিশ্বাসঘাতকতা কৰিলা। ঠিক আছে, হয়তো ভগৱানেই এনেকৈ বিচাৰিছিল। বেছি নকওঁ... আমি যদি কিবা ভুল কৰিছো, তেন্তে হাতযোৰ কৰি ক্ষমা বিচাৰিছো।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ