--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হ’ল একেটা পৰিয়ালৰ ৬জন লোকৰ। ট্ৰাক আৰু বিলাসী বাহনৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই কৰুণ ঘটনাটি সংঘটিত হয়। উত্তৰ প্ৰদেশৰ হাপুৰ জিলাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। 

সংঘৰ্ষটো ইমানেই ভয়াৱহ আছিল যে গাড়ীখন সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ যায়।

তথ্য অনুসৰি এই দুৰ্ঘটনা সংঘটিত হৈছে দিল্লী-লক্ষ্ণৌ ঘাইপথ ৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গড় কোতৱালি অঞ্চলৰ আল্লাবাখশপুৰ কাটৰ সমীপত। গাড়ীখনত থকা পৰিয়ালটো গাজিয়াবাদৰ পৰা গজৰৌলালৈ গৈ থকা অৱস্থাত গভীৰ নিশা সংঘটিত হয় এই দুৰ্ঘটনা। 

এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা আটাইকেইজন লোক গাজিয়াবাদৰ একেটা পৰিয়ালৰ বুলি জানিব পৰা গৈছে।

আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু আহত ব্যক্তিক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰে। 

জানিব পৰা অনুসৰি গাড়ী চালকজনে নিয়ন্ত্ৰণ হেৰুৱাইছিল, যাৰ বাবে গাড়ীখনে ঘাইপথত ডিভাইডাৰৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল। গাড়ীখনৰ গতিবেগ অতি বেছি আছিল, যাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীখন বাগৰি পৰে। এই সময়তে আনফালৰ পৰা অহা এখন ট্ৰাকে গাড়ীখনক খুন্দা মাৰে। দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে সংঘৰ্ষৰ পিছতে গাড়ীখন বিধ্বস্ত হৈ পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ