--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হ’ল একেটা পৰিয়ালৰ ৬জন লোকৰ। ট্ৰাক আৰু বিলাসী বাহনৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই কৰুণ ঘটনাটি সংঘটিত হয়। উত্তৰ প্ৰদেশৰ হাপুৰ জিলাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। 

সংঘৰ্ষটো ইমানেই ভয়াৱহ আছিল যে গাড়ীখন সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ যায়।

তথ্য অনুসৰি এই দুৰ্ঘটনা সংঘটিত হৈছে দিল্লী-লক্ষ্ণৌ ঘাইপথ ৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গড় কোতৱালি অঞ্চলৰ আল্লাবাখশপুৰ কাটৰ সমীপত। গাড়ীখনত থকা পৰিয়ালটো গাজিয়াবাদৰ পৰা গজৰৌলালৈ গৈ থকা অৱস্থাত গভীৰ নিশা সংঘটিত হয় এই দুৰ্ঘটনা। 

এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা আটাইকেইজন লোক গাজিয়াবাদৰ একেটা পৰিয়ালৰ বুলি জানিব পৰা গৈছে।

আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু আহত ব্যক্তিক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰে। 

জানিব পৰা অনুসৰি গাড়ী চালকজনে নিয়ন্ত্ৰণ হেৰুৱাইছিল, যাৰ বাবে গাড়ীখনে ঘাইপথত ডিভাইডাৰৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল। গাড়ীখনৰ গতিবেগ অতি বেছি আছিল, যাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীখন বাগৰি পৰে। এই সময়তে আনফালৰ পৰা অহা এখন ট্ৰাকে গাড়ীখনক খুন্দা মাৰে। দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে সংঘৰ্ষৰ পিছতে গাড়ীখন বিধ্বস্ত হৈ পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু